সাক্ষী মালিক (Sakshi Malik; জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা।১ তেওঁ সাধাৰণতে মহিলাৰ ৫৮ কেজি ফ্ৰী ষ্টাইল শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ গ্লাছগ'ত অনুষ্ঠিত ২০১৪ কমনৱেলথ গেমচত ৰূপৰ পদক লাভ কৰে।২ তদুপৰি তেওঁ ২০১৪ ৱৰ্ল্ড ৰেচিলিং চেম্পিয়নশ্বিপত মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ৬০ কেজি শ্ৰেণী শাখাত প্ৰতিনিধিত্ব কৰিছিল। তাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
সাক্ষী ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ মহিলা মল্লযোদ্ধৰ ৫৮kg ফ্ৰীষ্টাইল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ অলিম্পিকৰ মল্লযোদ্ধ শাখাত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু অলিম্পিকত পদক লাভ কৰা চতুৰ্থ গৰাকী ভাৰতীয় মহিলা।৩
প্ৰাৰম্ভিক জীৱন
৩ ছেপ্টেম্বৰ ১৯৯২ চনত হাৰিয়ানাৰ ৰোহতাক জিলাৰ মখৰা গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ সুখবীৰ এজন দিল্লী পৰিবহণ নিগমৰ বাছ কংডাক্টৰ আৰু মাতৃ সুদেশ মালিক স্থানীয় অংগণবাৰী কেন্দ্ৰৰ চুপাৰভাইচাৰ।৪৫ তেওঁৰ পিতৃৰ মতে সাক্ষীয়ে তেওঁৰ ককাক মল্লযোদ্ধা বাদহলো ৰামৰ পৰা মল্লযোদ্ধ খেলাৰ প্ৰেৰণা পাইছিল।৪৬ ১২ বছৰ বয়সত ৰোহতাকৰ চটো ৰাম ষ্টেডিয়ামৰ আখৰত ঈশ্বৰ দহিয়াৰ ওচৰত তেওঁ মল্লযোদ্ধৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰশিক্ষক আৰু তেওঁ সাধাৰণতে নাৰীয়ে নেখেলা খেল খেলাৰ বাবে স্থানীয় লোকৰ ৰোষত পৰিছিল৭
কৰ্মজীৱন
আন্তৰ্জাতিক প্ৰেক্ষাপটত এগৰাকী মল্লযোদ্ধা হিচাপে মালিকেৰ প্ৰথম সাফল্য আছিল ২০১০ চনৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৫৮ কেজি ফ্ৰীষ্টাইল ইভেণ্টত ব্ৰঞ্জ পদক।৭ ২০১৪ চনত ডেভ শুলজ আন্তৰ্জাতিক টুৰ্নামেণ্টত তেওঁ ৬০ কেজি ওজন শ্ৰেণীত স্বৰ্ণ পদক লাভ কৰিছিল।
২০১৪ কমনৱেলথ গেমচ
সাক্ষী কমনৱেলথ গেমচ, স্কটলেণ্ডৰ গ্লাছগ' কেম্পেইনত তেওঁৰ প্ৰথম মেচত কোৱাৰ্টাৰ ফাইনেলত কেমেৰুনৰ এডিগ নাগোনো আয়িইনৰ বিৰুদ্ধে ৪-০ ব্যৱধানত জয়ী হয়। ছেমিফাইনেলত সাক্ষী কানাডাৰ ব্ৰাক্সটন ৰেই ষ্টনৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয়ী হৈ কমনৱেলথ গেমচত পদক নিশ্চিত কৰে। ফাইনেলত তেওঁ নাইজেৰিয়াৰ আমিনাত আদিনিয়িৰ হাতত ৪ - ০ ব্যৱধানত পৰাজিত হয় আৰু ৰূপৰ পদক জয় কৰে।৮
২০১৪ বিশ্ব মল্লযোদ্ধ চেম্পিয়নশ্বিপ
উজবেকিস্তানৰ তাচখন্দত অনুষ্ঠিত বিশ্ব মল্লযোদ্ধ চেম্পিয়নশ্বীপত সাক্ষী ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১০ ছেপ্তেম্বৰ ২০১৪ তাৰিখে ১৬ জনৰ পৰ্বত তেওঁ চেনেগালৰ আন্তা পামবেউৰ বিৰুদ্ধে ৪-১ ব্যৱধানত জয়ী হয়। কিন্তু পিছৰ ৰাউণ্ডত তেওঁ ফিনলেণ্ডৰ প্ৰেত্ৰা মেৰিট ওলিৰ হাতত ১ - ৩ ব্যৱধানত পৰাজয় বৰণ কৰে।৯
২০১৫ ছিনিয়ৰ এছিয়ান মল্লযোদ্ধ চেম্পিয়নশ্বিপ
৯ মে ২০১৫ চনত কাতাৰৰ দোহাত আৰম্ভ হোৱা চিনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপত ৬০ কেজি শ্ৰেণীত সাক্ষীয়ে পাঁচটা ৰাউণ্ড প্ৰতিদ্বন্দ্বিতা কৰে। তাৰে ভিতৰত দুটাত পৰাজয় আৰু তিনিটাত জয়লাভ কৰি তেওঁ ব্ৰঞ্জ পদক লাভ কৰে। প্ৰথম ৰাউণ্ডত সাক্ষী চীনৰ লিও জিওজুনেৰ মুখোমুখি হয় আৰু ৪ - ৫ ব্যৱধানত পৰাজিত কৰে। দ্বিতীয় ৰাউণ্ডত তেওঁ মংগোলিয়াৰ তুনগালাগক ১৩-০ ব্যৱধানত পৰাজিত কৰে। তৃতীয় ৰাউণ্ডত তেওঁ জাপানৰ উশিমি কায়ামাৰ হাতত পৰাজিত হয়। চতুৰ্থ ৰাউণ্ডত সাক্ষী কাজাখস্তানৰ আয়ালীম কাসিমোভাক পৰাজিত কৰি ব্ৰঞ্জ পদক পায়।১০
২০১৬ ৰিঅ' অলিম্পিক
২০১৬ চনৰ মে মাহত অলিম্পিকৰ বাছনিপৰ্বত মালিকে ৫৮কেজি ওজন শ্ৰেণীত ছেমিফাইনেলত চীনৰ ঝাং লানক পৰাজিত কৰি ২০১৬ ৰিঅ' অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে। তেওঁ ৩২ দফা মল্লযোদ্ধতত চুইডেনেৰ জোহান্না মাট্টচনৰ বিৰুদ্ধে আৰু মল্দাভিয়াৰ মাৰিয়ানা ছেৰদিভাৰাৰ বিৰুদ্ধে ১৬ দফাৰ মল্লযোদ্ধত জয় লাভ কৰে।১১. কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ সম্ভাব্য ফাইনেলিষ্ট ভেলেৰিয়া কোবলোভাৰ হাতত পৰাজিত হোৱাৰ পিছত, তেওঁ ৰিপিচেজ দফাত উন্নীত হয়। তাত তেওঁ প্ৰথম দফাৰ মল্লযোদ্ধত মংগোলিয়াৰ পুৰেভদোৰজিন অৰ্খোনক পৰাজিত কৰে। তেওঁ এটা পৰ্যায়ত ০-৫ ত পিছুৱাই থাকিও ৰিপিচেজ দফাত, এছিয়ান চেম্পিয়ন কিৰগিজস্তানৰ আইসুলু টাইনিবেকোভাক বিৰুদ্ধে ৮-৫ পইণ্টত পৰাজিত কৰি ব্ৰঞ্জ পদক লাভ কৰে। তেওঁ ভাৰতৰ মহিলা মল্লযোদ্ধাৰ ভিতৰত প্ৰথম অলিম্পিক পদক লাভৰ সন্মান অৰ্জন কৰে।১২
বঁটা আৰু সন্মান
ক্ৰীড়াক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (২০১৫-১৬) প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ SAKSHI MALIK. Commonwealth Games Federation
- ↑ (2014-07-30). Commonwealth Games 2014: Sakshi Malik Gets Silver in Women's 58kg Freestyle Wrestling. NDTVSports.com
- ↑ (18 August 2016). Rio Olympics: Wrestler Sakshi Malik wins India’s first medal - bronze in 58kg freestyle. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (19 August 2016). "Beti Khilao" will become a reality: Sakshi's mom. Times of India
- ↑ (18 August 2016). Sakshi Malik: All you need to know about winner of India's first medal at Rio. Business Standard
- ↑ (18 August 2016). I would like others to take inspiration from her, says Sakshi’s father. The Hindu
- ↑ (18 August 2016). Sakshi Malik: From Rohtak to Rio. The Hindu
- ↑ (2015-07-30). Glasgow 2014 - Sakshi Malik Profile. g2014results.thecgf.com
- ↑ (2014-09-10). Sakshi Malik exits in quarterfinal of Freestyle women's 60kg on Day 3 of Wrestling World Championships at Tashkent - India at Sports. India at Sports
- ↑ (2015-05-09). Sakshi, Lalita win bronze in Asian Wrestling Championship - Times of India. The Times of India
- ↑ Biswal, Sattwik. (7 May 2016). Wrestlers Vinesh Phogat, Sakshi Malik grab Rio 2016 berths. India Today
- ↑ Sakshi Malik wins bronze medal in women’s wrestling 58kg category, opens India’s account at Rio 2016 Olympics. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাক্ষী মালিক” প্ৰবন্ধৰ সংশোধন ৫২৪৯১১ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।