গুইডো উইলহেলমাছ ইমবেন্স (Guido Imbens, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৬৩) এগৰাকী ডাচ্চ আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ২০১২ চনৰ পৰা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছৰ অৰ্থনীতিৰ অধ্যাপক পদত অধিষ্ঠিত। ২০২১ বৰ্ষত ডেভিদ কাৰ্ড আৰু জছুৱা এংৰিষ্টৰ সৈতে তেওঁক অৰ্থনীতিৰ ন'বেল স্মাৰক বঁটা প্ৰদান কৰা হয়। এংৰিষ্ট আৰু ইমবেন্সে "কাৰণমূলক সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ পদ্ধতিগত অৱদানৰ বাবে" বঁটাটোৰ এক চতুৰ্থাংশকৈ লাভ কৰে। ১২ আনহাতে কাৰ্ডে "শ্ৰমিক অৰ্থনীতিত তেওঁৰ অভিজ্ঞতামূলক অৱদানৰ বাবে" বঁটাৰ লগত মুঠ ধনৰাশিৰ অৰ্ধাংশ লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৩ চনৰ ৩ ছেপ্টেম্বৰত নেডাৰলেণ্ডৰ গেলড্ৰপত গুইডো উইলহেলমাছ ইমবেন্সৰ জন্ম হৈছিল।৩ ১৯৭৫ চনত তেওঁৰ পৰিয়াল ডেউৰনেলৈ স্থানান্তৰ হয় আৰু তেওঁ পিললেণ্ডকলেজ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। সৰুতে ইমবেন্স এজন উৎসাহী দবা খেলুৱৈ আছিল।৪ ২০২১ চনৰ এটা সাক্ষাৎকাৰত ইমবেন্সে ইকনমেট্ৰিস্কৰ প্ৰতি থকা তেওঁৰ আগ্ৰহক ডবা খেলৰ প্ৰতি তেওঁৰ শৈশৱৰ আগ্ৰহৰ সৈতে সংযুক্ত কৰিছিল।৫
ইমবেন্সে ১৯৮৩ চনত ইৰাচমাছ বিশ্ববিদ্যালয় ৰটাৰডামৰ পৰা ইকনোমেট্ৰিস্কত প্ৰাৰ্থীৰ ডিগ্ৰী (স্নাতক ডিগ্ৰীৰ সম্পৰ্যায়ৰ) ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৮৬ চনত যুক্তৰাজ্যৰ কিংষ্টন আপন হালৰ হাল বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ইকনোমেট্ৰিস্কত সুখ্যাতিৰে এমএছচি ডিগ্ৰী লাভ কৰে।
১৯৮৬ চনত হাল বিশ্ববিদ্যালয়ৰ ইমবেন্সৰ এজন পৰামৰ্শদাতা এন্থনী লেঙ্কাষ্টাৰে ৰ'ড আইলেণ্ডৰ প্ৰভিডেন্সৰ ব্ৰাউন বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হয়। ইমবেন্সে উচ্চ শিক্ষাৰ বাবে লেঙ্কাষ্টাৰক ব্ৰাউন বিশ্ববিদ্যালয়লৈ অনুসৰণ কৰিছিল।৬ ইমবেন্সে ক্ৰমান্বয়ে ১৯৮৯ আৰু ১৯৯১ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানৰ এএম আৰু পিএইচডি ডিগ্ৰী লাভ কৰিছিল।৭৮
কৰ্মজীৱন
ইমবেন্সে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (১৯৯০-৯৭, ২০০৬-১২), টিলবাৰ্গ বিশ্ববিদ্যালয় (১৯৮৯-১৯৯০), কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছ (১৯৯৭-২০০১), আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে (২০০২-০৬)ত অধ্যাপনা কৰিছে। তেওঁ অৰ্থনীতি বিজ্ঞানৰ ইক'ন'মেট্ৰিকৰ বিশেষজ্ঞ। ই হৈছে কাৰণমূলক অনুমান অংকন কৰাৰ বাবে এক নিৰ্দিষ্ট পদ্ধতি। তেওঁ ২০১৯ চনত ইকনোমেট্ৰিকাৰ সম্পাদক হিচাপে নিৰ্বাচিত হওঁ আৰু ২০২৩ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত থাকিব।৯ ২০২১ চনলৈকে তেওঁ ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছৰ এপ্লাইড ইকনোমেট্ৰিকছ এণ্ড ইকনমিক্সৰ অধ্যাপক। তেওঁ ষ্টেনফৰ্ড ইনষ্টিটিউট ফৰ ইকনমিক পলিচী ৰিচাৰ্ছ (এছ.আই.ই.পি.আৰ.)ৰ এজন জ্যেষ্ঠ সভ্য আৰু তেওঁ এই প্ৰতিষ্ঠানৰ মানৱবিজ্ঞান আৰু বিজ্ঞান বিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক।১০
ইমবেন্স ইকনোমেট্ৰিক চছাইটি (২০০১) আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছ (২০০৯)ৰ এজন সভ্য।১১১২ ইমবেন্স ২০১৭ চনত ৰয়েল নেডাৰলেণ্ড একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ বিদেশী সদস্য নিৰ্বাচিত হয়।১৩১৪ ২০২০ চনত তেওঁ আমেৰিকান ষ্টেটিষ্টিকেল এছ'চিয়েশ্যনৰ সভ্য হিচাপে নিৰ্বাচিত হয়।১৫
ইকন'মেট্ৰিক্স আৰু কাৰণমূলক সম্পৰ্কৰ ওপৰত গৱেষণা
জছুৱা এংৰিষ্ট আৰু এলান ক্ৰুয়েগাৰকে ধৰি সহযোগী অৰ্থনীতিবিদসকলৰ সৈতে গৱেষণা কৰি ইমবেন্সে বাস্তৱ জীৱনৰ তত্ত্ববোৰ পৰীক্ষা কৰিবলৈ অৰ্থনীতিবিদসকলক প্ৰাকৃতিক পৰীক্ষা-নিৰীক্ষা বুলি জনা জাত বাস্তৱ জীৱনৰ পৰিস্থিতি ব্যৱহাৰ কৰাত সহায় কৰা পদ্ধতি আৰু ফ্ৰেমৱৰ্ক বিকশিত কৰাত গুৰুত্ব দিছিল। বিশেষকৈ তেওঁৰ অধ্যয়নৰ জৰিয়তে তেওঁ কাৰণমূলক সম্পৰ্ক বিশ্লেষণ কৰাত সহায় কৰিছিল। তেওঁৰ অধ্যয়নৰ জৰিয়তে বিশ্লেষণ কৰা কিছুমান সমস্যাৰ বিবৃতিত মহাবিদ্যালয়ৰ শিক্ষাৰ প্ৰভাৱ বা উপাৰ্জনৰ ওপৰত অতিৰিক্ত বছৰৰ শিক্ষা অন্তৰ্ভুক্ত আছিল।১৬ কাৰণমূলক সম্পৰ্ক অধ্যয়নৰ বাবে তেওঁৰ ফ্ৰেমৱৰ্কসমূহে সামাজিক আৰু জৈৱ চিকিৎসা বিজ্ঞানকে ধৰি আন একাধিক ক্ষেত্ৰত ব্যৱহাৰ পাইছিল। তেওঁৰ গৱেষণায়ে বিভিন্ন শাখাৰ গৱেষকসকলক বাস্তৱ-পৃথিৱীৰ পৰীক্ষা-নিৰীক্ষাৰ সীমাবদ্ধতা বুজিবলৈ সঁজুলি প্ৰদান কৰিছে যি ক্ষেত্ৰ আৰু পৰীক্ষামূলক তথ্য আধাৰিত হস্তক্ষেপৰ প্ৰভাৱ ভালদৰে বুজি পোৱাৰ ক্ষমতা উন্নত কৰে। গৱেষকসকলৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত নতুন নিয়মাৱলীৰ প্ৰভাৱ অধ্যয়ন কৰা আৰু ৰোগীৰ ওপৰত নতুন ঔষধৰ কাৰ্যকৰীতাৰ ওপৰত অধ্যয়ন কৰাৰ দৰে বিবিধ গৱেষণাৰ লগত জড়িত সমস্যা বিশ্লেষণ কৰাৰ বাবে পদ্ধতিবোৰ উপযোগী হৈছে।১৭
এংৰিষ্টৰ সৈতে তেওঁৰ প্ৰাৰম্ভিক সহযোগিতাবোৰৰ অন্যতম এক অধ্যয়নত ইমবেন্সে স্থানীয় গড় চিকিৎসা প্ৰভাৱ (লেট) নামৰ এটা মডেল প্ৰৱৰ্তন কৰিছিল যি গৱেষণাবোৰক পৰ্যৱেক্ষণমূলক তথ্যৰ পৰা কাৰণগত অনুমান আহৰণ কৰাত সহায় কৰিছিল। ১৯৯৪ চনত "স্থানীয় গড় চিকিৎসা প্ৰভাৱৰ চিনাক্তকৰণ আৰু অনুমান" শীৰ্ষক এক ইকনোমেট্ৰিকা কাকতত মডেলটোৰ বিষয়ে বৰ্ণনা কৰি তেওঁলোকে প্ৰাকৃতিক পৰীক্ষাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল। এই ধাৰণাসমূহ মুখ্য পৰিৱৰ্তনৰ প্ৰভাৱ অধ্যয়ন কৰিবলৈ নিয়ন্ত্ৰিত পৰিস্থিতিৰ বিপৰীতে বাস্তৱ পৃথিৱীৰ ঘটনা আৰু পৰিস্থিতি আছিল। এনে কৰোতে তেওঁলোকে নিয়ন্ত্ৰিত অনুকৰণৰ সলনি বাস্তৱ পৃথিৱীত স্বাভাৱিকতে সংঘটিত ভূমিকাৰ সুযোগ আৰু যাদৃচ্ছিককৰণৰ সুবিধা গ্ৰহণ কৰিছিল। এয়া ব্যয়বহুল, সময় সাপেক্ষ বা আনকি অনৈতিকো হ'ব পাৰে।১৮১৯ কাকত আৰু আৰ্হিটোৱে ইকন'মেট্ৰিক, পৰিসংখ্যা আৰু অন্যান্য ক্ষেত্ৰত অন্যান্য গৱেষণা প্ৰচেষ্টাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল।
তথ্যসূত্ৰ
- ↑ (11 October 2021). The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2021. nobelprize.org
- ↑ Smialek, Jeanna. (11 October 2021). The Nobel in economics goes to three who find experiments in real life.. The New York Times
- ↑ Haegens, Koen. (11 October 2021). Nobelprijs voor 'stille en bescheiden man achterin de zaal' die de slimste vragen stelt. de Volkskrant
- ↑ Linders, Twan; Broers, Daphne. (11 October 2020). 'Bedachtzame slimmerik' zat in Deurne op school en is nu winnaar van de Nobelprijs. Eindhovens Dagblad
- ↑ The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2021. NobelPrize.org
- ↑ Irel, Corydon; Office, Harvard News. (2007-03-15). Bringing hard science to economics. Harvard Gazette
- ↑ The Vita of Guido Wilhelmus Imbens – website OpenScholar of Harvard University
- ↑ (22 May 2017). Guido Imbens, 1991 Brown Ph.D. recipient, is 2016 – 17 Horace Mann Medal winner. Brown University Department of Economics website
- ↑ Editorial Board · The Econometric Society. www.econometricsociety.org
- ↑ University, Stanford. (11 October 2021). Guido Imbens wins Nobel in economic sciences. Stanford News
- ↑ Econometric Society Fellows, October 2016. Econometric Society
- ↑ (27 October 2016). List of active members by class. American Academy of Arts and Sciences
- ↑ (10 May 2017). KNAW kiest 26 nieuwe leden. Royal Netherlands Academy of Arts and Sciences
- ↑ Guido Imbens. Royal Netherlands Academy of Arts and Sciences
- ↑ ASA Fellows list. American Statistical Association
- ↑ Smialek, Jeanna. (11 October 2021). The Nobel in economics goes to three who find experiments in real life.. The New York Times
- ↑ Imbens, Guido W.; Rubin, Donald B. (2015). Causal Inference for Statistics, Social, and Biomedical Sciences: An Introduction. Cambridge University Press. ISBN 978-0-521-88588-1
- ↑ D., Angrist, Joshua. Identification and Estimation of Local Average Treatment Effects
- ↑ University, Stanford. (11 October 2021). Guido Imbens wins Nobel in economic sciences. Stanford News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুইডো ইমবেন্স” প্ৰবন্ধৰ সংশোধন ৬৩৫৯০২ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।