অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০ জুলাই

১২৯৬ - আল্লাউদ্দিন খিলজীয়ে জালালউদ্দিন খিলজীক হত্য়া কৰি নিজকে দিল্লীৰ চুলতান বুলি ঘোষণা কৰে। ১৯০৩ - বৃটিছে ভাৰতত ৰয়েল আৰ্মিৰ আকাৰ বৃদ্ধি কৰে। ১৯০৫ - লণ্ডনত ভাৰতৰ ৰাজ্য় সচিবে প্ৰথম বঙ্গ বিভাজন অনুমোদন জনায়। ১৯৬৯ - মহম্মদ হিদায়ত উল্লাহ ভাৰতৰ প্ৰথম ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয়।

হালনাগাদ: ১৯ জুলাই ২০২৩ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনা

  • ১২৯৬ - আল্লাউদ্দিন খিলজীয়ে জালালউদ্দিন খিলজীক হত্য়া কৰি নিজকে দিল্লীৰ চুলতান বুলি ঘোষণা কৰে। ১
  • ১৯০৩ - বৃটিছে ভাৰতত ৰয়েল আৰ্মিৰ আকাৰ বৃদ্ধি কৰে। ২
  • ১৯০৫ - লণ্ডনত ভাৰতৰ ৰাজ্য় সচিবে প্ৰথম বঙ্গ বিভাজন অনুমোদন জনায়। ৩
  • ১৯৬৯ - মহম্মদ হিদায়ত উল্লাহ ভাৰতৰ প্ৰথম ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয়। ৪
  • ১৯৬৯ - বৰাহগিৰি ভেংকট গিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
  • ১৯৬৯ - এপ'ল' ১১ মহাকাশ অভিযানৰ দ্বাৰা চন্দ্ৰত প্ৰথম মানুহ হিচাপে নীল আৰ্মষ্ট্ৰং (নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং) আৰু বুজ এলড্ৰিন-এ ভৰি দিয়ে আৰু এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিন্স-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল।

জন্ম

  • ১৩০৪ - পেট্ৰাৰ্ক, ইটালীৰ কবি, পণ্ডিত।
  • ১৮১২ - মাইলছ ব্ৰনছন বা ড° মাইলছ ব্ৰনছন, আমেৰিকান ব্যেপ্টিষ্ট মিছনেৰী, অসম, ভাৰতৰ উত্তৰ-পূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভূত কাম কৰি গৈছে, তেখেতে অসমীয়া অভিধান প্ৰণয়ন কৰিছিল৷
  • ১৮৯৮ - পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ, সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য।
  • ১৯১৯ - এডমাণ্ড হিলাৰী, নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী আৰু অভিযাত্ৰী। তেখেতে তেনজিং নৰগেৰ লগত ২৯ মে', ১৯৫৩ চনত এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰে। (মৃত্যু: ১১ জানুৱাৰী, ২০০৮)
  • ১৯৩৩ - ৰোদ্দম নৰসিম্‌হা, ভাৰতীয় মহাকাশ বিজ্ঞানী।
  • ১৯৫০ - নাছিৰুদ্দিন শ্বাহ, ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা। ২০০৩ চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰিছিল।
  • ১৯৮০ - বিনোদ কুমাৰ, ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ।
  • ১৯৮৯ - অৰুণিমা সিনহা, ভাৰতীয় পৰ্বতাৰোহী।

মৃত্যু

  • ১৮৬৬ - বাৰ্নহাৰ্ড ৰিমান, জাৰ্মান গণিতজ্ঞ।
  • ১৯২০ - সাৰদা দেৱী, ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী।
  • ১৯৩৭ - গুগ্লিয়েম’ মাৰ্কনি, পদাৰ্থবিদ, তথা অনাতাঁৰ (ৰেডিঅ’)ৰ উদ্ভাৱক।
  • ১৯৭২ - গীতা দত্ত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ১৯৭৩ - ব্ৰুছ লী, চীনা সমৰ কলা শিল্পী, শিক্ষক, অভিনেতা।
  • ১৯৮২ - মীৰাবেন, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ।</ref>
  • ১৯৯১ - চিথিৰা থিৰুনাল বালাৰামা বাৰ্মা, ত্ৰ্ৰেভাঙ্কুৰৰ (ত্ৰিভাঙ্কুৰ) প্ৰাক্তন ৰজা। ৫
  • ২০১৯ - শীলা দীক্ষিত, ভাৰতীয় ৰাজনীতিবিদ।

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ www.mapsofindia.com/on-this-day/date/07/20/
  2. ↑ www.mapsofindia.com/on-this-day/date/07/20/
  3. ↑ www.mapsofindia.com/on-this-day/date/07/20/
  4. ↑ www.mapsofindia.com/on-this-day/date/07/20/
  5. ↑ www.mapsofindia.com/on-this-day/date/07/20/

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ জুলাই” প্ৰবন্ধৰ সংশোধন ৩৭২১১১ (১৯ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।