অৰুণিমা সিনহা (জন্ম ২০ জুলাই, ১৯৮৮) কটা যোৱা ভৰিৰে মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ভিনছন বগোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা আৰোহী।১২৩৪ অৰুণিমা সিনহা এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল খেলুৱৈ আছিল। ২০১১ চনত এটা ডকাইতৰ দলক বাধা দিবলৈ লওঁতে দলটোৱে অৰুণিমাক চলন্ত ৰে'লৰ পৰা পেলাই দিয়ে। সেই ঘটনাটোত সৌভাগ্যক্ৰমে অৰুণিমা ৰক্ষা পৰে যদিও এখন ভৰি আঁঠুৰ তলৰ পৰা কাটিব লগা হয়।৫
অৰুণিমাৰ লক্ষ্য আছিল প্ৰতিখন মহাদেশৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰা আৰু তাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা। ২০১৪ চন পৰ্য্যন্ত অৰুণিমাই ইতিমধ্যে ছয়টাকৈ শৃংগ আৰোহণ কৰিছে: এছিয়া মহাদেশৰ মাউণ্ট এভাৰেষ্ট, আফ্ৰিকাৰ কিলিমাঞ্জাৰ', ইউৰোপৰ এলব্ৰাছ, অষ্ট্ৰেলিয়াৰ কছিয়াজক', আৰ্জেণ্টিনাৰ একনকাগুৱা আৰু ইণ্ডোনেছিয়াৰ কাৰ্ছ্টেনজ্ পিৰামিড (পানকাক জায়া)।৬ যোৱা ২০১৯ বৰ্ষৰ ৪ জানুৱাৰীত তেওঁ এণ্টাৰ্কটিকাস্থিত মাউণ্ট ভিনছন শৃংগ আৰোহণ সফলতাৰে সম্পূৰ্ণ কৰে।৪৭
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
সিনহাৰ জন্ম হয় ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আম্বেদকাৰ নগৰত।৮
ৰে'ল দুৰ্ঘটনা
প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল আৰু ফুটবল খেলুৱৈ অৰুণিমাই৯ চি. আই. এছ. এফ.ৰ এটা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ২০১১ চনৰ ১২ এপ্ৰিলত লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী পদ্মাৱতী এক্সপ্ৰেছ ট্ৰেইনত উঠিছিল। সেই যাত্ৰাপথতে এটা ডকাইতৰ দলে অৰুণিমাৰ বেগ আৰু সোণৰ চেইন কাঢ়ি নিবলৈ অৰুণিমাক দবাৰ বাহিৰলৈ গতিয়াই দিয়ে। সেই ঘটনাটো সুঁৱৰি অৰুণিমাই কৈছিল:
| “ | মই বাধা দিছিলোঁ, কিন্তু সিহঁতে মোক জোৰকৈ ঠেলি বাহিৰলৈ উলিয়াই দিলে। মই লৰচৰ কৰিব পৰা নাছিলোঁ। সেই সময়ত এখন ৰে'লগাড়ী মোৰ ফালে আহি থকাটো মনত আছে। মই উঠি যাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তাৰ আগতেই ৰে'লগাড়ীখন মোৰ ভৰিৰ ওপৰেৰে পাৰ হৈ গ'ল। তাৰ পিছত কি হ'ল, মই একো গম নাপাওঁ।১০ | ” |
অৰুণিমাই ৰে'লপথত পৰি যোৱাৰ পিছ মুহূৰ্ততে সমান্তৰাল পথেৰে আহি থকা আন এখন ৰে'লগাড়ীয়ে তেওঁৰ আঁঠুৰ তলৰ অংশৰে পাৰ হৈ যায়। আঁঠু আৰু কঁকালৰ গাঁথিত গুৰুতৰভাৱে আঘাত পোৱা অৰুণিমাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসকে তেওঁৰ জীৱন বচাবলৈ এখন ভৰিৰ আঁঠুৰ তলৰ অংশটো কাটি পেলাবলৈ বাধ্য হয়।১১
ভাৰতীয় খেল মন্ত্ৰালয়ে অৰুণিমাক ক্ষতিপূৰণ হিচাপে ২৫,০০০ টকা দিছিল। সংবাদটোৱে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰাত যুৱ পৰিক্ৰমা আৰু খেল বিভাগৰ তদানীন্তন মন্ত্ৰী অজয় মাকেনে চিকিৎসাৰ খৰচৰ বাবে অতিৰিক্ত ২,০০,০০০ টকা ঘোষণা কৰিছিল। লগতে চি. আই. এছ. এফ.ত এটা চাকৰি প্ৰদানৰো ব্যৱস্থাও কৰিছিল। ভাৰতীয় ৰে'ল বিভাগেও তেওঁক এটা চাকৰিৰ পদ যাঁচিছিল।১২
২০১১ চনৰ ১৮ এপ্ৰিলত উন্নত চিকিৎসাৰ বাবে অৰুণিমাক সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্) লৈ যোৱা হৈছিল।১৩ তাত তেওঁ চাৰি মাহ কটায়। দিল্লীস্থিত ব্যক্তিগত খণ্ডৰ ভাৰতীয় প্ৰতিষ্ঠান এটাই তেওঁৰ বাবে বিনামূলীয়াকৈ এখন কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰি দিছিল।১৪
তথ্যসূত্ৰ
- ↑ Arunima Sinha, Indian Woman, Is First Female Amputee To Climb Everest in the world
- ↑ www.indoscopy.com/2013/05/first-indian-amputee-c | Arunima Sinha first Indian amputee to climb Mt Everest
- ↑ Arunima becomes first Indian amputee to scale EverestShe is also the first female amputee to climb Mount Everest
- ↑ Another peak scaled: India's Arunima Sinha becomes first female amputee to climb the highest peak of Antarctica - Mt Vinson - Times of India
- ↑ This inspiring story of the first female amputee to climb Mount Everest will make you proud
- ↑ Arunima Sinha Conquers Indonesia's Highest Peak
- ↑ PM Modi Congratulates First Woman Amputee For Scaling Mount Vinson
- ↑ (23 May 2013). Amputee Everest climber Arunima Sinha to be an officer in CISF. The Times of India
- ↑ (13 April 2011). National player thrown off train in UP, loses leg. India Today
- ↑ indiatoday.intoday.in/story/arunima-sinha-inspir
- ↑ (21 May 2013). Arunima Sinha becomes first Indian amputee to scale Mt Everest. The Indian Express
- ↑ (14 April 2011). Railways job to volleyball player who lost her leg. India Today
- ↑ (24 April 2011). AIIMS calls cops to guard Arunima against infection. The Times of India
- ↑ (20 June 2011). Brave Arunima is back on her feet. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণিমা সিনহা” প্ৰবন্ধৰ সংশোধন ৬১০৭৪৮ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।