তামিল চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী
১১ প্ৰবন্ধ
-
সুনিধি চৌহান
সুনীধি চৌহান (Sunidhi Chauhan; জন্ম: ১৪ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। দিল্লীত জন্মগ্ৰহণ সুনিধিয়ে ৫ বছৰ বয়সৰ পৰাই স্থানীয় অনুষ্ঠানত সংগীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে আৰু ১৩ বছৰ বয়সত শাস্ত্ৰ (১৯৯৬) ছবিৰ জৰিয়তে কৰ্মজীৱনত আত্মপ্ৰকাশ কৰে।
-
সাধনা সৰগম
সাধনা সৰগম ( Sadhana Sargam; জন্ম: ৭ মাৰ্চ ১৯৬৯) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ মূলতঃ হিন্দী, বঙালী, নেপালী, তেলেগু আৰু তামিল ভাষাৰ ছবিৰ নেপথ্য কণ্ঠৰ বাবে পৰিচিত। ২০০২ চনত তামিল ছবি আঝাগিত পাট্টু চোলি শীৰ্ষক গীতটো গাই শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
পি. সুশীলা
পুলাপাকা সুশীলা ( Pulapaka Susheela; জন্ম: ১৩ নৱেম্বৰ ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী; যাৰ জনপ্ৰিয় নাম পি. সুশীলা। বিভিন্ন ভাৰতীয় ভাষাত অভিলেখ সংখ্যক গীত পৰিবেশন কৰাৰ বাবে তেওঁক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছৰ পৰাও স্বীকৃতি দিয়া হৈছে।
-
কে. এচ. চিত্ৰা
কৃষ্ণন নায়াৰ শান্তাকুমাৰী চিত্ৰা (Krishnan Nair Shantakumari Chithra; জন্ম: ২৭ জুলাই ১৯৬৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু কৰ্ণাটকী সংগীতজ্ঞ। তেওঁ চমুকৈ কে.এচ. চিত্ৰা বা চিত্ৰা বুলি জনা যায়।
-
নিখিতা গান্ধী
নিখিতা গান্ধী (Nikhita Gandhi; জন্ম: ১ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে পাঁচটা ভাৰতীয় ভিন্ন ভাষাৰ চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ তামিল, হিন্দী, তেলেগু, বাংলা আৰু কানাড়া চলচ্চিত্ৰ প্ৰকল্পত কাম কৰিছে। তেওঁ ৰাবতাত দীপিকা পাডুকনৰ মুখ হিচাপে "ৰাবতা" টাইটেল ট্ৰেকটো গাইছিল।
-
স্বৰ্ণলতা
স্বৰ্ণলতা (Swarnalatha; ২৯ এপ্ৰিল ১৯৭৩ – ১২ ছেপ্টেম্বৰ ২০১০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৮৭ চনৰ পৰা মৃত্যুৰ আগলৈকে, প্ৰায় ২২ বছৰীয়া সাংগীতিক জীৱনত তেওঁ তামিল, মালায়ালম, তেলেগু, কানাড়া, হিন্দী, উৰ্দু, বঙালী, উড়িয়া, পাঞ্জাবী আৰু বদাগাকে ধৰি বহু ভাৰতীয় ভাষাত ১০,০০০ৰো অধিক গীত বাণীবদ্ধ…
-
অৰ্পিতা চক্ৰৱৰ্তী
অৰ্পিতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু লাইভ পৰিবেশক। তেওঁ সত্যাগ্ৰহ ছবিৰ "ৰস কে ভৰে তোৰে নেইন", ৰাগিনী এম এম এছ ২ ছবিৰ "লৰি অৱ ডেথ", টোটেল ধমাল ছবিৰ "পেইছা য়ে পেইছা", হিৰো ছবিৰ "খোয়া খোয়া", বেজুবান ইছক ছবিৰ টাইটেল ট্ৰেক, তেলেগু ছবি জগাথা নেন্দুদলীৰ "কনাবাদুনা" আৰু "মনাছে…
-
কে. বি. সুন্দৰাম্বল
কোডুমুদি বালাম্বল সুন্দৰাম্বল (Kodumudi Balambal Sundarambal; ১৯০৮–১৯৮০) তামিলনাডুৰ ইৰোড জিলাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তামিল চলচ্চিত্ৰত অভিনয় কৰা সুন্দৰাম্বল ভাৰতীয় মঞ্চৰ ৰাণী অভিধাৰে অভিহিত কৰা হয়। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰো এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী আছিল।
-
বাম্বা বাক্য
ভক্কীয়াৰাজ ( ইংৰাজী: Bhakkiyaraj; ৩১ অক্টোবৰ ১৯৮০ – ২ ছেপ্টেম্বৰ ২০২২), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম বাম্বা বাক্য, এজন ভাৰতীয় তামিল প্লেবেক গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁ প্ৰধানকৈ সংগীত সুৰকাৰ এ আৰ ৰহমানৰ সৈতে অসংখ্য ছবিত সহযোগিতাৰ কাম কৰিছিল।
-
শশা তিৰুপতি
শশা কিৰণ তিৰুপতি (Shashaa Kiran Tirupati; জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বংশোদ্ভূত, কানাডিয়ান নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ আৰু সংগীত প্ৰযোজক। জনপ্ৰিয়ভাৱে "হাম্মা গাৰ্ল" নামেৰে পৰিচিত তিৰুপতিয়ে ২০১৮ চনত তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে কাট্ৰু ভেলিয়িদাই…
-
ৰাম্যা বেহাৰা
ৰাম্যা বেহাৰা এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে মূলতঃ তেলেগু ছবিত কাম কৰে। তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু হিন্দী ছবিত তেওঁ ১৮০ টাতকৈও অধিক গীত গাইছে। তেলেগু ছবি “বাহুবলী: দ্য বিগিনিঙ”ৰ (২০১৫) "ধীৱৰা" তেওঁৰ সফল গীত আছিল।