শশা কিৰণ তিৰুপতি (Shashaa Kiran Tirupati; জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বংশোদ্ভূত, কানাডিয়ান নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ আৰু সংগীত প্ৰযোজক।১ জনপ্ৰিয়ভাৱে "হাম্মা গাৰ্ল"২ নামেৰে পৰিচিত তিৰুপতিয়ে ২০১৮ চনত তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে কাট্ৰু ভেলিয়িদাই নামৰ তামিল ছবিখনৰ গীত ‘ভান বৰুভান’ৰ বাবে ফিল্মফেয়াৰ বঁটাও লাভ কৰে। তিৰুপতিয়ে তামিল ভাষা, তেলুগু ভাষা, মাৰাঠী ভাষা, পঞ্জাবী ভাষা, মালয়ালম ভাষা, কন্নড় ভাষা, বঙালী ভাষা, কোংকণী, আৰবী, ইংৰাজী আদি ২০টাতকৈও অধিক ভাষাত আৰু ২০০তকৈও অধিক গীত বাণীবদ্ধ কৰিছে।৩
তেওঁ বলীউডৰ হিট গীত যেনে- ‘খুলকে জীনে কা’ (দিল বেচাৰা), ‘দ্য হাম্মা ছং’, (ওকে জানু)৪ ‘ফীৰ ভি তুমকো চাহুংগা’ (অৰিজিত সিঙৰ সৈতে), ‘বাৰিছ’ (হাফ গাৰ্ল ফ্ৰেণ্ড)৫ ‘কানহা’ ৬ (শুভ মংগল সাৱধান), ‘অ' সোনা তেৰে লিয়ে’ আৰু ‘চল কহী দুৰ’ (দুয়োটাই মম ছবিৰ)[9] আদি গীতত কণ্ঠ নিগৰাইছে। কৃতি ছানন আৰু পংকজ ত্ৰিপাঠী অভিনীত মিমিৰ (২০২১)‘হুটুটু’ শীৰ্ষক গীতটোতো তিৰুপতিয়ে নেপথ্য কণ্ঠ দিছে; যিটো গীতৰ সংগীত এ আৰ ৰহমানৰ আৰু ৰচনা অমিতাভ ভট্টাচাৰ্যৰ।
২০২২ চনৰ জানুৱাৰী মাহত বিখ্যাত গীটাৰিষ্ট কেবা জেৰমিয়াক লৈ তিৰুপতিয়ে প্ৰথমটো একক গীত ‘ইন মাই স্কিন’ মুক্তি দিছিল।
প্ৰাৰম্ভিক জীৱন
তিৰুপতিয়ে কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ এল.এ. মেথেছন চেকেণ্ডাৰী স্কুল পঢ়িছিল। ২০০৫ চনত তেওঁ ছাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক অধ্যয়নৰ বাবে গৰ্ডন এম শ্ৰাম মেজৰ এণ্ট্ৰেন্স বৃত্তি, মেথেছন আউটষ্টেণ্ডিং একাডেমিক এচিভমেণ্ট এৱাৰ্ড, দ্য চাৰে এডমিনিষ্ট্ৰেটৰছ বৃত্তি, দ্য ইউবিচি প্ৰেচিডেণ্টছ এণ্ট্ৰেন্স বৃত্তি, আৰু স্নাতক শ্ৰেণীৰ শীৰ্ষস্থানীয় কৃতিত্বৰ বাবে মেডেলিয়ন লাভ কৰি ৯৬ শতাংশ গড় নম্বৰেৰে স্নাতক উপাধি লয়।৭
কৰ্মজীৱন
স্নাতক শিক্ষা গ্ৰহণ কৰি থাকোঁতে তিৰুপতিয়ে চ’ল’-কনচাৰ্ট অনুষ্ঠান পৰিৱেশন কৰি থাকে। পিছলৈ নেপথ্য কণ্ঠশিল্পী ৰূপে বলীউডত কেৰিয়াৰ গঢ়িবলৈ পঢ়াশুনা সামৰণি মাৰে। তেওঁ কাজু (আফ্ৰিকান বাদ্যযন্ত্ৰ), পশ্চিমীয়া শাস্ত্ৰীয় গীটাৰ, কীবৰ্ড আৰু হাৰমনিয়াম বজায়।৮
ক'ক ষ্টুডিঅ' ছিজন-৩ৰ সময়ত তিৰুপতিৰ ওপৰত এ. আৰ. ৰহমানৰ চকু পৰিছিল। তাৰপিছত কম দিনৰ ভিতৰতে ৰহমানৰ পৰিচালনাত কোচাদাইয়ান ছবিত তিৰুপতিয়ে ‘ৱাডা ৱাডা’ শীৰ্ষক গীত এটা গায়।৯ ৰহমানৰ পৰিচালনাত গোৱা তেওঁৰ দ্বিতীয়টো গীত কাৱিয়াথালাইবনৰ ‘আয়ে মিষ্টাৰ মাইনৰ’ গীতটোৱে তামিল সংগীত জগতত তাৎক্ষণিকভাৱে স্বীকৃতি লাভ কৰে। তাৰ পিছত তেওঁ ক্ৰমশঃ গাই যায় ‘নানে ভাৰুগিৰেন’, ‘ভান’, ‘চিলিক্কু মাৰামে’, ‘অদয় ওদায়’, ‘কাৰা আটাকাৰা’, ‘উন কাধল ইৰুন্ধল’, ‘থায়েন কাত্ৰু’, ‘উয়িৰাগী’, ‘কাধলাদা’ আৰু শেহতীয়াকৈ অনিৰুদ্ধ ৰবিচন্দৰৰ বাবে ‘নান পিঝাই’।১০
তথ্যসূত্ৰ
- ↑ (24 April 2017). Half Girlfriend singer on her name change. DNA India
- ↑ (26 October 2017). Shashaa Tirupati: I'm still known as the Humma Humma girl; it brought many more offers
- ↑ Krishnegowda, Chandana. (10 July 2017). Soul singer. The Hindu
- ↑ (7 January 2017). OK Jaanu Music Review: Some hits, some misses there!
- ↑ These days, it's important to know a little more than singing: Shashaa Tirupati. Times of India
- ↑ (10 August 2017). Shubh Mangal Saavdhan new song Kanha is all about stolen kisses, love's magic. Watch video
- ↑ Schooldistrict36. Scholarship Information. School District 36. LA Matheson Secondary School
- ↑ Shashaa Tirupati: I play carnatic, jazz, and even saxophonic tones on the kazoo. Times of India
- ↑ Her Vaada to Music. Absolute India
- ↑ V.P, Nicy. (18 August 2014). "Kaaviya Thalaivan" Songs Review Round up: AR Rahman Creates Magic Again (AUDIO). International Business Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শশা তিৰুপতি” প্ৰবন্ধৰ সংশোধন ৩৮২৯০৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।