অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শমশাদ বেগম

শমশাদ বেগম ( Shamshad Begum; ১৪ এপ্ৰিল ১৯১৯-২৩ এপ্ৰিল ২০১৩) এগৰাকী হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত নেপথ্য কণ্ঠশিল্পী। ১৯১৯ চনত এটা পঞ্জাবী মুছলমান মান জাট পৰিয়ালত তেওঁৰ জন্ম হৈছিল।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ৩৭৭ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

শমশাদ বেগম ( Shamshad Begum; ১৪ এপ্ৰিল ১৯১৯-২৩ এপ্ৰিল ২০১৩)১২ এগৰাকী হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত নেপথ্য কণ্ঠশিল্পী। ১৯১৯ চনত এটা পঞ্জাবী মুছলমান মান জাট পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ এটা বৈশিষ্ট্যপূৰ্ণ কণ্ঠৰ প্ৰতিভাধৰ শিল্পী আছিল, যিয়ে হিন্দী, বঙালী, মাৰাঠী, গুজৰাটী, তামিল আৰু পঞ্জাবী ভাষাত ছয় হাজাৰৰো অধিক গীত গাইছে আৰু ইয়াৰে ১২৮৭টা হিন্দী চলচ্চিত্ৰৰ গীত।৩ তেওঁ নৌচাদ, গুলাম হায়দৰ, শচীন দেৱবৰ্মণ, ও.পি. নায়াৰ, চি. ৰামচন্দ্ৰ আদি সঙ্গীত গুৰুৰ সৈতে কাম কৰিছে। ১৯৪০ৰ দশকৰ পৰা ১৯৭০ৰ দশকৰ আৰম্ভণিলৈ তেওঁ অসংখ্য জনপ্ৰিয় গীত গাইছিল, যাৰ ভিতৰত বহুবোৰ গীত ৰিমিক্স কৰি অহা হৈছে।৪৫

প্ৰাৰম্ভিক জীৱন

শমশাদ বেগম]]

ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ লাহোৰত (বৰ্তমান পাকিস্তানত) শমশাদ বেগমে জন্ম গ্ৰহণ কৰে। দেউতাকৰ নাম আছিল মিঞা হুছেইন। ১৯৩২ চনত গণপত লাল বাট্টু নামৰ এজন হিন্দু উকীলক ভাল পাইছিল। পাৰিবাৰিক বাধা-নিষেধ থকা সত্ত্বেও ১৯৩৪ চনত দুয়োৰো বিয়া হৈ যায়। শমশাদৰ বয়স তেতিয়া পোন্ধৰ বছৰ। ১৯৫৫ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। তেতিয়াৰ পৰাই মৃত্যু পৰ্যন্ত তেওঁ জীয়ৰী ঊষা আৰু জোৱায়েক কৰ্ণেল যোগেশ ৰাত্ৰাৰ সৈতে মুম্বাইৰ পোৱাই অঞ্চলৰ হীৰানন্দী গাৰ্ডেনত বাস কৰি আহিছিল।৬৭৮৯

কৰ্মজীৱন

প্ৰাথমিক বিদ্যালয়ত পঢ়া সময়তে স্কুলৰ অধ্যক্ষই তেওঁৰ প্ৰতিভাৰ উমান পাইছিল। সুন্দৰ কণ্ঠস্বৰৰ বাবে তেওঁক শ্ৰেণীকক্ষৰ প্ৰাৰ্থনাৰ বাবে বাছনি কৰা হৈছিল। দহ বছৰ বয়সতে তেওঁ বিয়া-বাৰুবোৰত লোকসঙ্গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। সঙ্গীতৰ প্ৰতি তেওঁৰ প্ৰবল অনুৰাগ ১৯২৯ চনৰ ফালে লক্ষ্য কৰা যায়, যিটো পৰিয়ালৰ মানুহে মানি লব পৰা নাছিল। গজল আৰু কাৱালীৰ ভক্ত শমশাদৰ খুৰাকৰ উৎসাহত বাৰ বছৰ বয়সত জেনোফোন মিউজিক কোম্পানীৰ সঙ্গীতজ্ঞ গুলাম হায়দৰৰ অডিচনৰ সন্মুখীন হয়। এটা সাক্ষাৎকাৰত শমশাদে কৈছিল যে তেওঁ বিখ্যাত কবি তথা শাসক বাহাদুৰ শাহ জফৰৰ গজল মেৰা য়াৰ মুঝে মিলে অগৰটো গায়। মুগ্ধ হৈ গুলাম হায়দৰে তেওঁক বাৰটা গীতত অংশগ্ৰহণৰ সুবিধা দিয়ে আৰু তেওঁক প্ৰখ্যাত গায়িকা হিচাপে প্ৰতিষ্ঠিত হোৱাত যথেষ্ট সহায় কৰে।১০ খুৰাকৰ মধ্যস্থতাত দেউতাক মিঞা হুছেইন বক্সে জীয়েকক গীত গাবলৈ অনুমতি দিয়ে যদিও চৰ্ত ৰাখিলে যে গীত বাণীবন্ধনৰ সময়ত বোৰ্খা পৰিধান কৰিব লাগিব আৰু ফটো তোলা কোনোমতেই নচলিব। ১৯৩৭ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ পেচাৱৰ আৰু লাহোৰৰ কেন্দ্ৰৰ পৰা তেওঁৰ গীত পৰিবেশন হোৱাৰ পিছত তেওঁ বিপুল জনপ্ৰিয়তা লাভ কৰে। প্ৰযোজক দিলসুখ পাঞ্চলীয়ে তেওঁৰ ছবিৰ বাবে শমশাদৰ স্ক্ৰীণটেষ্ট লৈছিল। তেওঁ উত্তীৰ্ণও হৈছিল যদিও দেউতাৰ কৈছিল যে তেওঁ যদি অভিনয় কৰে, তেন্তে ভৱিষ্যতলৈ আৰু গীত গাব নিদিব। দেউতাকক কথা দিলে যে তেওঁ কেতিয়াও কেমেৰাৰ সন্মুখত অৱতীৰ্ণ নহব।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Shamshad Begum, The Legendary Singer . ভাৰতীয় ডাক. August 1998
  2. ↑ Shamshad Begum dies at 94 – The Times of India. The Times of India
  3. ↑ BBC News: India singing legend Shamshad Begum dies. Bbc.co.uk (24 April 2013). Retrieved on 2018-11-06
  4. ↑ O P Nayyar award for Shamshad Begum. The Times of India
  5. ↑ Yesteryears' playback singer Shamshad Begum named for Padma Bhushan . Twocircles.net (25 January 2009). Retrieved on 2018-11-06
  6. ↑ Shamshad Begum was born in Lahore, not Amritsar: Daughter | The Express Tribune. Tribune.com.pk. Retrieved on 6 November 2018
  7. ↑ Shamshad Begum was born in Lahore, not Amritsar: Daughter (Interview) . Newstrackindia.com. Retrieved on 6 November 2018
  8. ↑ Newsmakers – Shamshad Begummilligazette.com, 1–15 Nov 2004
  9. ↑ Shamshad Begum Profile – Interview planetpowai.com
  10. ↑ IANS. (3 May 2013). Shamshad Begum was born in Lahore, not Amritsar: Daughter. The Express Tribune
  11. ↑ Legendary playback singer Shamsad Begum passes away – Oneindia News . News.oneindia.in (24 April 2013). Retrieved on 2018-11-06

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শমশাদ বেগম” প্ৰবন্ধৰ সংশোধন ৫৮১৪৪৬ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।