ভাৰতৰ ভাৰোত্তোলক
৭ প্ৰবন্ধ
-
সাইখোম মীৰাবাই চানু
সাইখোম মীৰাবাই চানু (Saikhom Mirabai Chanu, জন্ম: ৮ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক লাভ কৰিছে।
-
কৰ্ণম মালেশ্বৰী
কৰ্ণম মালেশ্বৰী (Karnam Malleswari; জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০০ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলৰ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।
-
কুঞ্জৰাণী দেৱী
নামেইৰাকপাম কুঞ্জৰাণী দেৱী (জন্ম ১ মাৰ্চ ১৯৬৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৪ আৰু ৪৬ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছত কেইবাবাৰো পদক লাভ কৰিছে। বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় ভাৰোত্তোলন দলৰ প্ৰশিক্ষক।
-
ৰাজিন্দৰ সিং ৰহেলু
ৰাজিন্দৰ সিং ৰহেলু (Rajinder Singh Rahelu; জন্ম: ২২ জুলাই ১৯৭৩) এজন ভাৰতীয় পেৰালিম্পিক পাৱাৰলিফ্টাৰ। তেওঁ ২০০৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৫৬ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
-
জেৰেমী লালৰিন্নুংগা
জেৰেমী লালৰিন্নুংগা এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০১৮ চনত আৰ্জেণ্টিনাৰ ৰাজধানী বুৱেনছ আইৰেছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন যুৱ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াত তেওঁ পুৰুষৰ ৬২ কেজি ভাৰোত্তোলন শাখাত সোণৰ পদক অৰ্জন কৰিছিল।
-
বিন্দ্যাৰাণী দেৱী
বিন্দ্যাৰাণী দেৱী সোৰোখাইবাম (Bindyarani Devi Sorokhaibam; জন্ম:২৭ জানুৱাৰী ১৯৯৯) ভাৰতৰ এগৰাকী ভাৰোত্তোলক। তেওঁ ৫৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বীতা কৰে। তেওঁ ২০১৯ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত স্বৰ্ণপদক আৰু ২০২১ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত ৰূপৰ পদক অৰ্জন কৰে।
-
লাইশ্ৰাম মনিকা দেৱী
লাইশ্ৰাম মনিকা দেৱী (Laishram Monika Devi, জন্ম ১ মাৰ্চ ১৯৮৩) মণিপুৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।