অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পূব ইম্ফল জিলা

পূব ইম্ফল জিলা (Imphal East district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ পিছতে এই জিলা মণিপুৰৰ দ্বিতীয় জনবহুল জিলা৷ ১৯৯৭ চনৰ ১৮ জুনত পূব ইম্ফাল জিলা প্ৰতিষ্ঠা হয়৷

হালনাগাদ: ২১ অক্টোবৰ ২০২১ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

পূব ইম্ফল জিলা (Imphal East district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ পিছতে এই জিলা মণিপুৰৰ দ্বিতীয় জনবহুল জিলা৷১ ১৯৯৭ চনৰ ১৮ জুনত পূব ইম্ফাল জিলা প্ৰতিষ্ঠা হয়৷

ভৌগোলিক অৱস্থান

পূব ইম্ফল জিলাৰ সদৰ ঠাই প’ৰম্পাত (Porompat) নগৰ৷ জিলাখনৰ মুঠ মাটিকালি ৭১০ বৰ্গ কিলোমিটাৰ৷ জিলাখন সাগৰ পৃষ্ঠৰ পৰা গড়ে ৭৯০ মিটাৰ উচ্চতাত অৱস্থিত৷ এই জিলাৰ উষ্ণতা সৰ্বনিম্ন ০.৬ ডিগ্ৰীৰ পৰা সৰ্বোচ্চ ৪১ ডিগহৰী ছেলছিয়াছ পৰ্যন্ত হ’ব পাৰে৷ জিলাখনত কোনো ৰেলপথেৰে সংযোগী নহয়৷ জিলাখন ৩৯, ৫৩ আৰু ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত৷

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি পূব ইম্ফল জিলাৰ মুঠ জনসংখ্যা ৪,৫২,৬৬১ জন৷১ ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৫৫১৷১ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৬৩৮ জন৷১ ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ১৪.৬৩% ৷১ পূব ইম্ফল জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০১১ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮২.৮১%৷১

প্ৰশাসন

পূব ইম্ফল জিলা তিনিটা মহকুমাত বিভক্ত:

  • প’ৰম্পাত (Porompat)
  • কেইৰাও বিত্ৰা (Keirao Bitra)
  • চাৱ'মবুং (Sawombung)

শেহতীয়াকৈ এই জিলাৰে কিছু অংশ পৃথক কৰি জিৰিবাম জিলা (Jiribam ) গঠন কৰা হয়৷

অৰ্থনীতি

কৃষি

কৃষি এই জিলাৰ মূল অৱলম্বন৷ এই জিলাত উৎপাদিত মূল শস্যসমূহ হৈছে ধান, আলু আৰু শাক-পাচলি৷ অন্যান্য শস্যৰ ভিতৰত কুঁহিয়াৰ, ঘেঁহু, সৰিয়হ আদি উল্লেখযোগ্য৷ জিলাখনৰ ৪৫০ হেক্টৰ গোমধান, ৬০ হেক্টৰ ঘেঁহু আৰু ৩৫০ হেক্টৰ আলু খেতিৰ বাবে ব্যৱহৃত হয়৷ ১৯৯১ চনৰ লোকপিয়ল অনুসৰি জিলাখনত কৃষকৰ সংখ্যা ৪২,৪৭৩ জন৷ ইয়াৰে ২৮,৬৬১ জন পুৰুষ আৰু ১৩,৮১২ গৰাকী মহিলা৷

+১৯৯৮-৯৯ বৰ্ষত পূব ইম্ফল জিলাৰ মূল শস্যৰ মুঠ মাটিকালি আৰু উৎপাদনক্ৰমিক নংশস্যমাটিকালি (হেক্টৰ)উৎপাদন (মেট্ৰিক টন)
খাৰিফ শস্য
১ধান (হাইব্ৰীড)২৭.০০৮০.১৪
২স্থানীয় ধান৪.১০৫.৪৪
৩ঘেঁহু০.৪৫০.৮০
৪কুঁহিয়াৰ০.২৯১৭.৮৪
৫খাৰিফ মাহজাতীয় শস্য০.২২০.২৭
ৰৱি শস্য
১ঘেঁহু০.০৬০.০৮
২মাহজাতীয় শস্য১.৫৩১.০৯
৩আলু০.৩৫১.৫২
৪সৰিয়হ আৰু অন্যান্য তৈলজাতীয় শস্য০.৬০১.২২

উদ্যানকৃষি (Horticulture)

উদ্যানকৃষিৰ ক্ষেত্ৰতো পূব ইম্ফল জিলাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ ফলমূল যেনে আনাৰস, কল, নেমু আৰু অমিতা ইত্যাদি জিলাখনত উৎপাদন হয়৷ ১৯৯৮-৯৯ বৰ্ষত জিলাখনত উৎপন্ন হোৱা উদ্যানকৃষিজাত শস্যসমূহ হৈছে-

ক্ৰমিক নংশস্যমাটিকালি (হেক্টৰ)বাৰ্ষিক উৎপাদন (মেট্ৰিক টন)
১আনাৰস৬৫০৩৭০০
২কল৫০৩৯২
৩নেমু৫৬২২৪
৪Plum, Pear & Peach৩০১৮০
৫অমিতা২৩০১১৫০
৬আম১২৬০
৭মধুৰিআম৩০১৩৮
৮অন্যান্য250397
মুঠ১৩৫৮৬৬৪০

পোহনীয়া জীৱজন্তু

পূব ইম্ফল জিলাৰ পাঁচখন জন্তুৰ চিকিৎসালয় আছে৷ ১৯৯৭ চনৰ পিয়ল অনুসৰি এই জিলাৰ বিভিন্ন পোহনীয়া জীৱজন্তুৰ সংখ্যা তলৰ তালিকাত দিয়া হ’ল:

ক্ৰমিক নংবিভাগমুঠ সংখ্যা
১গৰু৮৫৯৬৪
২ম’হ২৩১০
৩ভেড়া৪৬১
৪ছাগলী২১৮৯
৫ঘোঁৰা৫৪২
৬গাহৰি১০৫৬৩
৭কুকুৰ১৫৯৪০
৮শহা৭৯৯

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব ইম্ফল জিলা” প্ৰবন্ধৰ সংশোধন ৩০৪৪৩১ (২১ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।