অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ (Jogos Olímpicos de Verão de 2016), আনুষ্ঠানিকভাৱে ৩১তম অলিম্পিয়াডৰ গেমছ আৰু সাধাৰণভাৱে ৰিঅ' ২০১৬ নামে পৰিচিত ই হৈছে এক আন্তৰ্জাতিক বহু-ক্ৰীড়া প্ৰতিযোগিতা যি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ' চহৰত ৫ আগষ্টৰ পৰা ২১ আগষ্ট ২০১৬ তাৰিখলৈকে অনুষ্ঠিত হ'ব।

হালনাগাদ: ৩১ জুলাই ২০২৪ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ (Jogos Olímpicos de Verão de 2016),১ আনুষ্ঠানিকভাৱে ৩১তম অলিম্পিয়াডৰ গেমছ আৰু সাধাৰণভাৱে ৰিঅ' ২০১৬ নামে পৰিচিত ই হৈছে এক আন্তৰ্জাতিক বহু-ক্ৰীড়া প্ৰতিযোগিতা যি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ' চহৰত ৫ আগষ্টৰ পৰা ২১ আগষ্ট ২০১৬ তাৰিখলৈকে অনুষ্ঠিত হ'ব। অভিলেখ সংখ্যক দেশ পদক সংগ্ৰহৰ বাবে অপেক্ষা কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত কছোভো তথা দক্ষিণ ছুডানসহ ২০৬ খন জাতীয় অলিম্পিক সমিতিৰ (এনঅ'চি) পৰা ১০,৫০০ জনতকৈও অধিক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছে। আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে ২০০৯ চনত সংযুক্ত কৰা ৰাগবি ছেভেন্‌ছ তথা গলফ সহ এই প্ৰতিযোগিতাত মুঠ ২৮টা অলিম্পিক ক্ৰীড়াৰ ৩০৬টা ইভেন্ট অনুষ্ঠিত হ'ব।২ ক্ৰীড়া প্ৰতিযোগিতাসমুহ আয়োজনৰ বাবে আয়োজক চহৰ ৰিঅ' দি জেনেৰিঅ'ৰ ৩৩টা স্থান আৰু অতিৰিক্ত হিচাপে ব্ৰাজিলৰ সৰ্ব বৃহৎ চহৰ ছাও পাওলো, ৰাজধানী চহৰ ব্ৰাছিলিয়া, মানাওছ আৰু ছালভাদোৰ চহৰৰ ৫টা স্থান নিৰ্বাচন কৰা হৈছে।২

২০০৯ চনৰ ২ অক্টোবৰত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত ১২১তম আইঅ'চি ছেছনৰ সভাত ৰিঅ' দি জেনেৰিঅ'ক আয়োজক চহৰ হিচাপে ঘোষণা কৰা হয়। আয়োজক চহৰ হিচাপে নাম উত্থাপিত অন্য চহৰসমুহ হৈছে মাদ্ৰিদ, স্পেইন; চিকাগো, যুক্তৰাষ্ট্ৰ; টকিঅ', জাপান। ৰিঅ' দক্ষিণ আমেৰিকা মহাদেশৰ প্ৰথম অলিম্পিক প্ৰতিযোগিতাৰ আয়োজক চহৰ তথা লেটিন আমেৰিকাৰ দ্বিতীয়। ইয়াৰ আগেয়ে গ্ৰীষ্মকালীন অলিম্পিক ১৯৬৮ লেটিন আমেৰিকাৰ মেক্সিক' চহৰত অনুষ্ঠিত হৈছিল।

ক্ৰীড়াসমুহ

২০১৬ গ্ৰীষ্মকালীন অলিম্পিকৰ ক্ৰীড়াসমুহ
* ** ** ** ** ** * * * * * * **স্প্ৰিণ্ট (১২) **স্লাল’ম (৪) * ** (২) ** (২) **ৰোড (৪) **ট্ৰেক (১০) * **ড্ৰেছেজ (২) **ইভেণ্টিং (২) ** (২) * * * * * **আৰ্টিষ্টিক (১৪) **ৰিডমিক (২) **ট্ৰেম্পলাইন (২) * * * * * * * * * * * * **ভলিবল (২) **বিছ ভলিবল (২) * * **ফ্ৰী ষ্টাইল (১২) **গ্ৰেকো-ৰোমান (৬)

তথ্যসূত্ৰ

  1. ↑ The Brazilian Portuguese pronunciation is, in Brazil's standard pronunciation
  2. ↑ About Rio 2016 Summer Olympics. Rio 2016 Olympics Wiki

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীষ্মকালীন অলিম্পিক ২০১৬” প্ৰবন্ধৰ সংশোধন ৪২৭২৯৮ (৩১ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।