ৰাজশ্ৰী থোটা পঞ্চজন্যম ১ (জন্ম: কুসুম কুমাৰী; Rajasree) ১৯৫৬ চনৰ পৰা ১৯৭৯ চনলৈকে সক্ৰিয় এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ৰাজশ্ৰী নামেৰেও খ্যাত। তেওঁক এন টি ৰামাৰাও আৰু টেদাপল্লী লক্ষীকান্ত ৰামাৰাওৰ বিপৰীতে বহু কেইখন লোকগাথা আধাৰিত তেলুগু ছবিত ৰাজকুমাৰীৰ চৰিত্ৰ আৰু লগতে ৰবিচন্দ্ৰনৰ বিপৰীতে তামিল কমেডী ছবি নিয়ুম নানুম, কধলিক্কা নেৰাম ইল্লাই আৰু দিল্লী মাপিলাইত অভিনয় কৰাৰ বাবে জনা যায়। তামিল ভাষাৰ সামাজিক ছবিত ৰাজশ্ৰীৰ ভূমিকাসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল, তেলেগু ভাষাৰ প্ৰেমিঞ্চি চৌডুৰ ৰিমেক তামিল হিট কমেডী ছবি কাধালিক্কা নেৰমিল্লাইত নিম্মি চৰিত্ৰ। কুঞ্চকোৰ দ্বাৰা পৰিচালিত প্ৰথম ছবি ভাৰ্যাৰ (১৯৬২) পৰা আৰম্ভ কৰি তেওঁৰ কৰ্মজীৱনত যিমান মালয়ালম ছবিত অভিনয় কৰিছে, তাৰ ভিতৰত গ্ৰেচিৰ চৰিত্ৰটোৰ ক্ষেত্ৰত কৃতিত্ব দিয়া হয়। ৰাজশ্ৰীয়ে ১৯৫৬ চনৰ আৰম্ভণিৰ পৰা ১৯৭৯ চনলৈকে তেলেগু, তামিল, কানাড়া, মালয়ালম আৰু হিন্দী আদি ভাষাসমূহত ২০০ খন ছবিত অভিনয় কৰিছে। ২ ৩
তথ্যসূত্ৰ
- ↑ Sengamala Theevu. cinestaan.com
- ↑ Kalavari Kutumbam (1972). Indiancine.ma
- ↑ Pattindalla Bangaram (1971)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজশ্ৰী” প্ৰবন্ধৰ সংশোধন ৪৮৪৭৭৭ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।