বঙালী কবি
২৬ প্ৰবন্ধ
-
ৰবীন্দ্ৰনাথ ঠাকুৰ
ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore, ব়বীন্দ্ৰনাথ ঠাকুব়; ৭ মে', ১৮৬১–৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে।
-
কাজী নজৰুল ইছলাম
কাজী নজৰুল ইছলাম (Kazi Nazrul Islam; ২৪ মে' ১৮৯৯ – ২৯ আগষ্ট ১৯৭৬) অগ্ৰণী বঙালী কবি, বিংশ শতাব্দীৰ জনপ্ৰিয় বঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, যিয়ে বঙালী কাব্যত অগ্ৰগামী ভূমিকাৰ লগতে প্ৰগতিশীল প্ৰণোদনাৰ বাবে সৰ্বাধিক পৰিচিত।
-
সুনীল গংগোপাধ্যায়
সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২) বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বঙালী ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল।
-
লালন
লালন (Lalon, ১৪ অক্টোবৰ ১৭৭২ - ১৭ অক্টোবৰ ১৮৯০) বৰ্তমান বাংলাদেশৰ কুষ্টিয়াৰ এগৰাকী প্ৰখ্যাত বঙালী দাৰ্শনিক, লেখক, বাউল সন্ত, ৰহস্যবাদী, গীতিকাৰ, সমাজ-সংস্কাৰক আৰু চিন্তাবিদ আছিল। ফকিৰ লালন শাহ , লালন শাহ বা লালন ফকিৰ নামেৰেও জনাজাত লালনক বঙালী সংস্কতিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।
-
শক্তি চট্টোপাধ্যায়
শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
জীবনানন্দ দাস
জীবনানন্দ দাস (বাংলা: জীবনানন্দ দাশ, জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৮৯৯, বৰিশাল - মৃত্যু: ২২ অক্টোবৰ, ১৯৫৮) বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বঙালী কবি। তেওঁ বঙালী কাব্যজগতত আধুনিকতাৰ পথ প্ৰদৰ্শকসকলৰ মাজত অগ্ৰগণ্য।
-
সমীৰ ৰায়চৌধুৰী
সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।
-
অন্নদাশঙ্কৰ ৰায়
অন্নদাশঙ্কৰ ৰায় (Annada Shankar Ray, ১৫ মাৰ্চ ১৯০৪ – ২৮ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় কবি আৰু বাংলা ভাষাৰ প্ৰাবন্ধিক। তেওঁ কিছু সংখ্যক ওডিয়া কবিতাও ৰচনা কৰিছিল। ভাৰত বিভাজনৰ সমালোচনা কৰি তেওঁ কেইবাটাও বাংলা কবিতা ৰচনা কৰিছিল।
-
জয় গোস্বামী
জয় গোস্বামী (জন্ম: ১০ নৱেম্বৰ, ১৯৫৪) বিংশ শতিকাৰ শেষৰ ফালে আত্মপ্ৰকাশ কৰা এজন আধুনিক বাংলা কবি। ভাৰতৰ পশ্চিম বংগৰ এই কবিক বাংলা ভাষাৰ জীৱনানন্দৰ পিছৰ পৰ্যায়ৰ অন্যতম জনপ্ৰিয় কবি বুলি গণ্য কৰা হয়। তেওঁৰ কবিতা বিস্ময়কৰ চিত্ৰকল্প, উপমা আৰু উপমাৰে ভৰপূৰ। তেওঁ দুবাৰকৈ আনন্দ বঁটা লাভ কৰিছে।
-
বিনয় মজুমদাৰ
বিনয় মজুমদাৰ বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
বিষ্ণু দে
বিষ্ণু দে (Bishnu Dey) হৈছে এগৰাকী বিখ্যাত বাংলা কবি,লেখক আৰু চলচিত্ৰ সমালোচক।
-
মলয় ৰায়চৌধুৰী
মলয় ৰায়চৌধুৰী একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, প্ৰবন্ধকাৰ আৰু বঙালী ভাষাত হাংৰি আন্দোলনৰ গুৰি ধৰোতা।
-
সুবিমল বসাক
সুবিমল বসাক বঙালী ভাষাত হাংৰি আন্দোলনৰ চুটিগল্পকাৰ, উপন্যাসিক, কবি আৰু লোকগৱেষক।
-
নিৰ্মলেন্দু গুণ
নিৰ্মলেন্দু গুণ (Nirmalendu Goon; জন্মঃ ২১ জুন ১৯৪৫ চন) এজন বাংলাদেশী কবি। তেওঁ সুগম কবিতাৰ বাবে পৰিচিত। তেওঁক ২০০১ চনত একুশে পদক আৰু ২০১৬ চনত বাংলাদেশ চৰকাৰ দ্বাৰা স্বাধীনতা দিৱস বঁটা প্ৰদান কৰা হয়। ১৯৮২ চনত তেওঁক বাংলা অকাডেমী সাহিত্য বঁটা প্ৰদান কৰা হয়।
-
শ্ৰীজাত
শ্ৰীজাত (Srijato) নামেৰে বেছি পৰিচিত শ্ৰীজাত বন্দ্যোপাধ্যায় এগৰাকী ভাৰতীয় বাঙালী কবি। ২০০৪ চনত তেওঁ তেওঁৰ কবিতা পুথি উড়ন্ত সব জোকাৰৰ বাবে আনন্দ পুৰস্কাৰ লাভ কৰে। ২০১৪ চনত মিচৰ ৰহস্য চলচ্চিত্ৰৰ "বালিৰ শহৰ" গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ গীতিকাৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
সুবোধ সৰকাৰ
সুবোধ সৰকাৰ (Subodh Sarkar) জন্ম ১৯৫৮ চনত পশ্চিমবঙ্গৰ কৃষ্ণনগৰত। সৰকাৰ এজন বাঙালী কবি, লেখক, অনুবাদক আৰু সম্পাদক। দ্বৈপায়ন হ্ৰদেৰ ধাৰে কাব্যগ্ৰন্থৰ বাবে তেখেতে ২০১৩ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
নবাৰুণ ভট্টাচাৰ্য
নবাৰুণ ভট্টাচাৰ্য (Nabarun Bhattacharya, ২৩ জুন ১৯৪৮ – ৩১ জুলাই ২০১৪) এগৰাকী ভাৰতীয় বাঙালী কবি আৰু কথাসাহিত্যিক। তেওঁ সাহিত্য অকাডেমী বঁটা (১৯৯৭) আৰু বাংকিম পুৰস্কাৰ (১৯৯৬) লাভ কৰিছে। হাৰবাৰ্ট, কাঙ্গাল মালসাট ইত্যাদি তেওঁৰ বিখ্যাত উপন্যাস।
-
ফাৰুখ আহমেদ
চৈয়দ ফাৰুখ আহমেদ (বাংলা: সৈয়দ ফৰৰুখ আহমদ; ১০ জুন ১৯১৮ – ১৯ অক্টোবৰ ১৯৭৪), পিছলৈ কেৱল ফাৰুখ আহমেদ নামেৰে জনাজাত, এগৰাকী বাংলাদেশী কবি আৰু লেখক। তেওঁক সাধাৰণতে ইছলামিক নৱজাগৰণৰ কবি বুলি জনা যায়, কিয়নো তেওঁৰ বহুতো কবিতাই বংগত উপনিবেশ স্থাপন কৰা মুছলমানসকলৰ হৃদয়ত পুনৰুত্থানৰ আত্মাক মূৰ্ত কৰি…
-
মন্দাক্ৰান্তা সেন
মন্দাক্ৰান্তা সেন (Mandakranta Sen, জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৭২, পশ্চিম বংগৰ কলকাতাত) এগৰাকী ভাৰতীয় কবি। ১৯৯১ চনৰপৰা ১৯৯৭ চনলৈ তেওঁ চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল যদিও স্নাতক হোৱাৰ পূ্ৰ্বেই চূড়ান্ত পৰীক্ষাৰ আগত পঢ়া শেষ কৰি সাহিত্যত অধিক মনোনিৱেশ কৰিবলৈ ল'লে।
-
সত্যেন্দ্ৰনাথ ঠাকুৰ
সত্যেন্দ্ৰনাথ ঠাকুৰ (Satyendranath Tagore) (১ জুন ১৮৪২ - ৯ জানুৱাৰী ১৯২৩) আছিল এগৰাকী ভাৰতীয় অসামৰিক সেৱা বিষয়া, কবি, সুৰকাৰ, লেখক, সমাজ সংস্কাৰক আৰু ভাষাতত্ত্ববিদ। তেওঁ বংগৰ কলিকতা চহৰৰ বাসিন্দা আছিল। তেওঁ আছিল ১৮৬৩ চনত ভাৰতীয় অসামৰিক সেৱা বিষয়া হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি।
-
খনা
খনা (যাক ডাক বা লীলাৱতী বুলিও জনা যায়) এগৰাকী ভাৰতীয় কবি, দাৰ্শনিক আৰু কিংবদন্তি জ্যোতিষী আছিল, যিয়ে নৱমৰপৰা দ্বাদশ শতিকাৰ ভিতৰত মধ্যযুগীয় বাংলা ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁ বৰ্তমানৰ পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাসাতৰ দেউলীয়া গাঁৱৰ (বেৰাচাম্পাৰ ওচৰৰ চন্দ্ৰকেতুগড়) সৈতে জড়িত।
-
নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী (Nirendranath Chakravarty; ১৯ অক্টোবৰ ১৯২৪ - ২৫ ডিচেম্বৰ ২০১৮) হ'ল এজন সমসাময়িক ভাৰতীয় বাঙালী কবি, অনুবাদক আৰু ঔপন্যাসিক। তেওঁ কলকাতা বাংগুৰ এভিনিউত বাস কৰিছিল। তেওঁ হাৰ্গেৰ দ্য এডভেঞ্চাৰ্ছ অৱ টিনটিন বাংলা ভাষাত অনুবাদ কৰিছিল।
-
বঙালী কবিৰ তালিকা
{| ! কবি !! ছবি !! ছদ্মনাম !! জীৱনকাল !! সাহিত্যকৰ্ম |- | ঈশ্বৰচন্দ্ৰ গুপ্ত || || || ১৮১২–১৮৫৯ খ্ৰী. || বিদ্ৰূপমূলক কবিতা আৰু মধ্যযুগীয় শৈলীৰ পুনৰুজ্জীৱনৰ বাবে প্ৰসিদ্ধ। |- | মাইকেল মধুসূদন দত্ত || || || ১৮২৪–১৮৭৩ খ্ৰী. || বঙালী কবিতাত মুক্তছন্দ (blank verse)ৰ প্ৰৱেশ ঘটোৱা; মেঘনাদবধ কাব্যৰ ৰচয়িতা।
-
বিপ্ৰদাস পিপলাই
বিপ্ৰদাস পিপলাই (Bipradas Pipilai; বিপ্ৰদাস পিপিলাই বুলিও লিখা হয়) পঞ্চদশ শতিকাৰ এগৰাকী বিশিষ্ট বঙালী কবি আছিল। তেওঁ আছিল পশ্চিমবংগৰ বৰ্তমানৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাদুড়িয়া-বটগ্ৰামৰ বাসিন্দা আৰু মুকুন্দ পিপলাইৰ পুত্ৰ। বিপ্ৰদাস মনসা-পাঁচালীৰ সবাতোকৈ পুৰণি কবি।
-
মনোৰমা মহাপাত্ৰ
মনোৰমা মহাপাত্ৰ (ইংৰাজী: Manorama Mohapatra; জন্ম: ১০ জুন ১৯৩৪ – ১৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সম্পাদক আছিল, যিয়ে মুখ্যত ওড়িয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ উপন্যাস আৰু কবিতা সংকলন সামৰি মুঠ ৪০খন গ্ৰন্থ ৰচনা কৰিছিল আৰু ওড়িয়া বাতৰি কাকত দ্য সমাজৰ সম্পাদনা কৰিছিল।
-
সুতপা চক্ৰৱৰ্তী
সুতপা চক্ৰৱৰ্তী (Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বাংলা ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে।