বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
১৫ প্ৰবন্ধ
-
মহাশ্বেতা দেৱী
মহাশ্বেতা দেৱী (Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।
-
শক্তি চট্টোপাধ্যায়
শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
জীবনানন্দ দাস
জীবনানন্দ দাস (বাংলা: জীবনানন্দ দাশ, জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৮৯৯, বৰিশাল - মৃত্যু: ২২ অক্টোবৰ, ১৯৫৮) বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বঙালী কবি। তেওঁ বঙালী কাব্যজগতত আধুনিকতাৰ পথ প্ৰদৰ্শকসকলৰ মাজত অগ্ৰগণ্য।
-
নৱনীতা দেৱ সেন
নৱনীতা দেৱ সেন (Nabaneeta Dev Sen; ১৩ জানুৱাৰী ১৯৩৮ – ৭ নবেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখক আছিল। কলা আৰু তুলনামূলক সাহিত্য অধ্যয়ন কৰাৰ পিছত অধিক অধ্যয়নৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে।
-
অন্নদাশঙ্কৰ ৰায়
অন্নদাশঙ্কৰ ৰায় (Annada Shankar Ray, ১৫ মাৰ্চ ১৯০৪ – ২৮ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় কবি আৰু বাংলা ভাষাৰ প্ৰাবন্ধিক। তেওঁ কিছু সংখ্যক ওডিয়া কবিতাও ৰচনা কৰিছিল। ভাৰত বিভাজনৰ সমালোচনা কৰি তেওঁ কেইবাটাও বাংলা কবিতা ৰচনা কৰিছিল।
-
সমৰেশ বসু
সমৰেশ বসু (Samaresh Basu; ১১ ডিচেম্বৰ ১৯২৪ - ১২ মাৰ্চ ১৯৮৮) হ'ল আধুনিক বাংলা সাহিত্যৰ এজন ভাৰতীয় লেখক; বহুমুখী প্ৰতিভা আৰু বিষয়বস্তুৰ বিশাল পৰিসৰৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। কালকূট ছদ্মনামেৰেও তেওঁ লেখা-মেলা কৰিছিল।
-
বিনয় মজুমদাৰ
বিনয় মজুমদাৰ বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
মৈত্ৰেয়ী দেৱী
মৈত্ৰেয়ী দেৱী (Maitreyi Devi, ১৯১৪ - ১৯৯০) হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল।
-
সমৰেশ মজুমদাৰ
সমৰেশ মজুমদাৰ (Samaresh Majumdar; ১০ মাৰ্চ ১৯৪২ – ৮ মে' ২০২৩) এজন ভাৰতীয় বাঙালী কথাসাহিত্যিক আৰু ঔপন্যাসিক। উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষকে ধৰি বহু জনপ্ৰিয় উপন্যাসৰ লেখক। তেওঁ কেইবাখনো টেলিভিছন ধাৰাবাহিকৰ কাহিনীৰ স্ৰষ্টা। নগৰীয়া জীৱন-কাহিনীৰ বৰ্ণনা তেওঁৰ ৰচনাত বাৰেপতি আবিৰ্ভাৱ হৈছে।
-
মণিশংকৰ মুখোপাধ্যায়
শংকৰ (৭ ডিচেম্বৰ ১৯৩৩ - ২০ ফেব্ৰুৱাৰি ২০২৬) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ প্ৰকৃত নাম মণিশংকৰ মুখোপাধ্যায়। ১৯৫৫ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হয়। তেওঁৰদ্বাৰা ৰচিত উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল চৌৰঙ্গী, সীমাবদ্ধ আৰু জন অৰণ্য। এই তিনিখন গ্ৰন্থৰ আধাৰত চলচ্চিত্ৰও নিৰ্মিত হৈছে।
-
সুবোধ সৰকাৰ
সুবোধ সৰকাৰ (Subodh Sarkar) জন্ম ১৯৫৮ চনত পশ্চিমবঙ্গৰ কৃষ্ণনগৰত। সৰকাৰ এজন বাঙালী কবি, লেখক, অনুবাদক আৰু সম্পাদক। দ্বৈপায়ন হ্ৰদেৰ ধাৰে কাব্যগ্ৰন্থৰ বাবে তেখেতে ২০১৩ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
প্ৰফুল্ল ৰায়
প্ৰফুল্ল ৰায় (Prafulla Roy, ১১ ছেপ্টেম্বৰ ১৯৩৪) পশ্চিমবঙ্গৰ আগশাৰীৰ অন্যতম সমসাময়িক সাহিত্যিক; তেওঁৰ জন্ম ১৯৩৪ চনত তেতিয়াৰ পূব পাকিস্তানৰ ঢাকা জিলাত। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁ তেতিয়াৰ পূব পাকিস্তানৰ পৰা (বৰ্তমান বাংলাদেশ ) ভাৰতলৈ আহিছিল।
-
বিমল কৰ
বিমল কৰ (Bimal Kar; ১৯ ছেপ্টেম্বৰ ১৯২১ – ২৬ আগষ্ট ২০০৩) এজন বাঙালী ভাৰতীয় সাহিত্যিক। উত্তৰ ২৪ পৰগনাৰ টাকীত তেওঁৰ জন্ম। পিতৃৰ নাম জ্যোতিষচন্দ্ৰ কৰ আৰু মাতৃ নিশিবালা কৰ।
-
অমৰ মিত্ৰ
অমৰ মিত্ৰ (জন্ম: ৩০ আগষ্ট ১৯৫১) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁ আছিল বিজ্ঞানৰ ছাত্ৰ। পশ্চিমবঙ্গ ৰাজ্য চৰকাৰৰ এটি কাৰ্যালয়ত তেওঁ তেওঁৰ কৰ্মজীৱন অতিবাহিত কৰে। ২০০৬ চনত ধ্ৰুৱপুত্ৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী (Nirendranath Chakravarty; ১৯ অক্টোবৰ ১৯২৪ - ২৫ ডিচেম্বৰ ২০১৮) হ'ল এজন সমসাময়িক ভাৰতীয় বাঙালী কবি, অনুবাদক আৰু ঔপন্যাসিক। তেওঁ কলকাতা বাংগুৰ এভিনিউত বাস কৰিছিল। তেওঁ হাৰ্গেৰ দ্য এডভেঞ্চাৰ্ছ অৱ টিনটিন বাংলা ভাষাত অনুবাদ কৰিছিল।