বঙালী সাহিত্যিক
৭৮ প্ৰবন্ধ
-
ৰবীন্দ্ৰনাথ ঠাকুৰ
ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore, ব়বীন্দ্ৰনাথ ঠাকুব়; ৭ মে', ১৮৬১–৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে।
-
শৰৎচন্দ্ৰ চট্টোপাধ্যায়
শৰৎচন্দ্ৰ চট্টোপাধ্যায় (শৰৎচন্দ্ৰ চেটাৰ্জী হিচাপেও জনা যায়, ১৫ ছেপ্টেম্বৰ, ১৮৭৬ – ১৬ জানুৱাৰী, ১৯৩৮) এজন বিখ্যাত বঙালী সাহিত্যিক। তেওঁৰ সাহিত্যকৰ্মৰ কাৰণে তেওঁক 'অপৰাজেয় কথাশিল্পী' আৰু 'সাহিত্য সম্ৰাট' প্ৰভৃতি নামেৰে জনাজাত। দেৱদাস আৰু শ্ৰীকান্ত তেওঁৰ উল্লেখযোগ্য ৰচনা।
-
বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়
বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ। তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্ গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।
-
মহাশ্বেতা দেৱী
মহাশ্বেতা দেৱী (Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।
-
শক্তি চট্টোপাধ্যায়
শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
জীবনানন্দ দাস
জীবনানন্দ দাস (বাংলা: জীবনানন্দ দাশ, জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৮৯৯, বৰিশাল - মৃত্যু: ২২ অক্টোবৰ, ১৯৫৮) বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বঙালী কবি। তেওঁ বঙালী কাব্যজগতত আধুনিকতাৰ পথ প্ৰদৰ্শকসকলৰ মাজত অগ্ৰগণ্য।
-
তছলিমা নাছৰিন
তছলিমা নাছৰিন (বাংলা: তসলিমা নাসব়িন, জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক। তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে। বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।
-
শংখ ঘোষ
শংখ ঘোষ (Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১) হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক। ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
-
তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়
তাৰাশংকৰ বন্দ্যোপাধ্যায় (Tarasankar Bandyopadhyay; ২৩ জুলাই ১৮৯৮ – ১৪ ছেপ্তেম্বৰ ১৯৭১14 September) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী বাঙালী সাহিত্যিক। 'গণদেবতা' শীৰ্ষক উপন্যাসখনৰ বাবে ১৯৬৭ চনত তেখেতে উক্ত বঁটা লাভ কৰে।
-
নৱনীতা দেৱ সেন
নৱনীতা দেৱ সেন (Nabaneeta Dev Sen; ১৩ জানুৱাৰী ১৯৩৮ – ৭ নবেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখক আছিল। কলা আৰু তুলনামূলক সাহিত্য অধ্যয়ন কৰাৰ পিছত অধিক অধ্যয়নৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে।
-
স্বৰ্ণকুমাৰী দেৱী
স্বৰ্ণকুমাৰী দেৱী (Swarnakumari Devi; ২৮ আগষ্ট ১৮৫৫ – ৩ জুলাই ১৯৩২) আছিল এগৰাকী ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷ ভাৰতৰ প্ৰথমকেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটোও লোৱা হয়৷ বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথমকেইগৰাকী লেখিকাৰ ভিতৰতো স্বৰ্ণকুমাৰী দেৱী অন্যতম৷
-
কামিনী ৰায়
কামিনী ৰায় (১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩) ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী আছিল। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।
-
বিভূতিভূষণ বন্দ্যোপাধ্যায়
বিভূতিভূষণ বন্দ্যোপাধ্যায় (১২ ছেপ্তেম্বৰ, ১৮৯৪ - ১ নৱেম্বৰ, ১৯৫০) আছিল এজন জনপ্ৰিয় ভাৰতীয় বঙালী লেখক তথা আধুনিক বঙালী সাহিত্যিক। তেওঁ মূলতঃ উপন্যাস তথা চুটিগল্প লিখি খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ আত্মজীৱনীমূলক উপন্যাস 'পথেৰ পাঁচালী' আৰু 'অপৰাজিত' আছিল সকলোতকৈ বেছি পৰিচিত।
-
সমীৰ ৰায়চৌধুৰী
সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।
-
আশাপূৰ্ণা দেৱী
আশাপূৰ্ণা দেৱী (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
-
বিনয় মজুমদাৰ
বিনয় মজুমদাৰ বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
প্ৰভাৱতী দেৱী সৰস্বতী
প্ৰভাৱতী দেৱী সৰস্বতী (Prabhavathi Devi Saraswathi, ৫ মাৰ্চ ১৯০৫-১৪ মে’ ১৯৭২) এগৰাকী বঙালী ভাষাৰ লেখক আৰু ওপন্যাসিক। তেওঁৰ উপন্যাস ‘বিজিতা’ৰ আধাৰত ‘ভাঙাগড়া’ নামেৰে বঙালী চলচ্চিত্ৰ এখন নিৰ্মাণ কৰা হৈছিল, যিখন ছবিৰ হিন্দী আৰু মালায়ালম ভাষাৰ উপৰিও অসমীয়াতো আজলী নবৌ নামেৰে ৰিমেক হৈছিল।
-
মলয় ৰায়চৌধুৰী
মলয় ৰায়চৌধুৰী একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, প্ৰবন্ধকাৰ আৰু বঙালী ভাষাত হাংৰি আন্দোলনৰ গুৰি ধৰোতা।
-
মানিক বন্দ্যোপাধ্যায়
মানিক বন্দ্যোপাধ্যায় [alias Banerjee] (; ১৯ মে' ১৯০৮ – ৩ ডিচেম্বৰ ১৯৫৬)এজন ভাৰতীয় বাংলা কথাসাহিত্যিক। তেওঁৰ প্ৰকৃত নাম আছিল প্ৰবোধকুমাৰ বন্দ্যোপাধ্যায়৷ প্ৰথম বিশ্বযুদ্ধৰ পিছত সমগ্ৰ বিশ্বতে মানৱীয় মূল্যবোধৰ জটিল মুহূৰ্তত বাংলা সাহিত্য জগতত এক নতুন বৈপ্লৱিক ধাৰা আৰম্ভ কৰা লেখকসকলৰ ভিতৰত মানিক…
-
মৃণালিনী দেৱী
মৃণালিনী দেৱী (১ মাৰ্চ ১৮৭৪ – ২৩ নৱেম্বৰ ১৯০২) আছিল এগৰাকী অনুবাদক আৰু ন'বেল বঁটা বিজয়ী কবি, দাৰ্শনিক, লেখক আৰু সংগীতজ্ঞ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পত্নী। ব্ৰিটিশ ভাৰতৰ বেংগল উপনিৱেশৰ জেছৰ জিলাত তেওঁৰ জন্ম হৈছিল য'ত তেওঁৰ দেউতাকে টেগোৰ ইষ্টেটত কাম কৰিছিল।
-
মৈত্ৰেয়ী দেৱী
মৈত্ৰেয়ী দেৱী (Maitreyi Devi, ১৯১৪ - ১৯৯০) হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল।
-
সুবিমল বসাক
সুবিমল বসাক বঙালী ভাষাত হাংৰি আন্দোলনৰ চুটিগল্পকাৰ, উপন্যাসিক, কবি আৰু লোকগৱেষক।
-
উৎপলকুমাৰ বসু
উৎপলকুমাৰ বসু বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
-
দিব্যেন্দু পালিত
দিব্যেন্দু পালিত (৫ মাৰ্চ ১৯৩৯ – ৩ জানুৱাৰী ২০১৯) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ জন্ম বিহাৰৰ ভাগলপুৰ চহৰত। সাহিত্যত বিষয়ত স্নাতকোত্তৰ। ১৯৫৫ চনৰ পৰাই তেওঁ উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ ইত্যাদি ৰচনা কৰি আহিছিল। তেওঁৰ বহু গল্প বাংলা আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন আৰু ৰেডিঅ’ত ৰূপায়িত হৈছে।
-
নীৰদ চি. চৌধুৰী
নীৰদ চন্দ্ৰ চৌধুৰী (Nirad C. Chaudhuri; ২৩ নৱেম্বৰ ১৮৯৭ – ১ আগষ্ট ১৯৯৯) এজন ভাৰতীয় লেখক। ১৯৯০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেতিয়ালৈকে অক্সফৰ্ড চহৰৰ দীৰ্ঘদিনীয়া বাসিন্দা চৌধুৰীক ‘অনাৰেৰী ডিগ্ৰী ইন লেটাৰচ’ প্ৰদান কৰে।
-
লীলা মজুমদাৰ
লীলা মজুমদাৰ ( Leela Majumdar; জন্ম: ৰায় ২৬ ফেব্ৰুৱাৰী, ১৯০৮ – ৫ এপ্ৰিল, ২০০৭)এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। কলকাতাৰ ৰায় পৰিয়ালৰ প্ৰমদাৰঞ্জন ৰায় আৰু সুৰমাদেৱীৰ জীয়ৰী। তেওঁৰ জন্ম হৈছিল ৰয় পৰিয়ালৰ গড়পাৰ ৰোডৰ ঘৰত।
-
শীৰ্ষেন্দু মুখোপাধ্যায়
শীৰ্ষেন্দু মুখোপাধ্যায় (Shirshendu Mukhopadhyay, জন্ম ২ নৱেম্বৰ ১৯৩৫) এজন বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক; শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে তেওঁ গল্প আৰু উপন্যাস ৰচনা কৰে। ১৯৮৮ চনত তেওঁ তেওঁৰ উপন্যাস মানবজমিনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
সমৰেশ মজুমদাৰ
সমৰেশ মজুমদাৰ (Samaresh Majumdar; ১০ মাৰ্চ ১৯৪২ – ৮ মে' ২০২৩) এজন ভাৰতীয় বাঙালী কথাসাহিত্যিক আৰু ঔপন্যাসিক। উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষকে ধৰি বহু জনপ্ৰিয় উপন্যাসৰ লেখক। তেওঁ কেইবাখনো টেলিভিছন ধাৰাবাহিকৰ কাহিনীৰ স্ৰষ্টা। নগৰীয়া জীৱন-কাহিনীৰ বৰ্ণনা তেওঁৰ ৰচনাত বাৰেপতি আবিৰ্ভাৱ হৈছে।
-
ৰবীন্দ্ৰ গুহ
ৰবীন্দ্ৰ গুহ বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ জন্ম ১৯৩৪ চনৰ ২৫ অক্টোবৰ।
-
উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী
উপেন্দ্ৰকিশোৰ ৰায় চৌধুৰী (১২ মে ১৮৬৩ – ২০ ডিচেম্বৰ ১৯১৫) এগৰাকী বিখ্যাত বাঙালী শিশু সাহিত্যিক আৰু বংগৰ ছপাশালৰ পথ প্ৰদৰ্শক। তেওঁ আছিল এজন লেখক, চিত্ৰকৰ, প্ৰকাশক, অপেশাদাৰী জ্যোতিৰ্বিজ্ঞানী, ভায়লিনবাদক আৰু সুৰকাৰ।