জীৱনীমূলক চলচ্চিত্ৰ
১৪ প্ৰবন্ধ
-
গংগুবাই কাঠিয়াৱাড়ী (চলচ্চিত্ৰ)
গংগুবাই কাঠিয়াৱাড়ী ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক অপৰাধ নাট্যধৰ্মী ছবি। পৰিচালনা সঞ্জয় লীলা ভাঞ্চালীৰ আৰু প্ৰযোজনা কৰিছে ভাঞ্চালীয়ে নিজে আৰু জয়ন্তীলাল গাদাই।
-
জুবেইদা (চলচ্চিত্ৰ)
জুবেইদা ( Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।
-
পান সিং তোমৰ (চলচ্চিত্ৰ)
পান সিং তোমৰ ( Paan Singh Tomar) ২০১০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক ছবি, য'ত ভাৰতীয় সেনাবাহিনীৰ এজন সৈনিক আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন আৰু পিছলৈ অস্ত্ৰধাৰী ডকাইতলৈ পৰিণত হোৱা পান সিং তোমৰৰ জীৱনৰ বিষয়ে বৰ্ণিত হৈছে।
-
ভূমিকা (চলচ্চিত্ৰ)
ভূমিকা (Bhumika) ১৯৭৭ চনৰ শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ছবিখনত অভিনয় কৰিছে স্মিতা পাটিল, আমোল পালেকাৰ, অনন্ত নাগ, নাছিৰুদ্দিন শ্বাহ আৰু অমৰীশ পুৰীয়ে।
-
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী ( Manikarnika: The Queen of Jhansi) ২০১৯ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন মহাকাব্যিক ঐতিহাসিক জীৱনীমূলক একচন নাট্যধৰ্মী ছবি। এইখন ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱনৰ আধাৰত নিৰ্মিত। পৰিচালনা কৰিছে কৃষ্ণ জাগৰলামুদী আৰু কংগনা ৰানাৱতে। চিত্ৰনাট্য ভি বিজয়েন্দ্ৰ প্ৰসাদৰ।
-
যদু ভট্ট (চলচ্চিত্ৰ)
যদু ভট্ট (Jadu Bhatta) ১৯৫৪ চনত নিৰ্মিত আৰু নীৰেন লাহিৰীৰ দ্বাৰা পৰিচালিত এখন বঙালী ভাষাৰ ভাৰতীয় সংগীতধৰ্মী চলচ্চিত্ৰ। ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য নিতাই ভট্টাচাৰ্যই লিখিছে। ইয়াত বসন্ত চৌধুৰীয়ে নাম ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে ছবি বিশ্বাস, অজিত প্ৰকাশ, আৰু নীতিশ মুখাৰ্জীয়ে।
-
ৰাণী ৰাসমণি (চলচ্চিত্ৰ)
ৰাণী ৰাসমণি (Rani Rasmani) কালীপ্ৰসাদ ঘোষ পৰিচালিত আৰু ১৯৫৫ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক ছবি। ৰাণী ৰাসমণিৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত মলিনা দেৱীয়ে নাম ভূমিকাত অভিনয় কৰিছিল। ১৯৫৫ চনৰ ১১ ফেব্ৰুৱাৰীত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন মুক্তি পায়।
-
অন্নমায়া
অন্নমায়া (Annamayya) ১৯৯৭ চনৰ তেলেগু ভাষাৰ এখন হাজিঅ'গ্ৰাফিক ছবি, যাৰ পৰিচালনা কৰিছে কে ৰাঘবেন্দ্ৰ ৰাৱে আৰু ভি এম চি প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে ভি ডোৰাস্বামী ৰাজুৱে। এই ছবিখনত পঞ্চদশ শতিকাৰ সংগীতকাৰ অন্নমাচাৰ্যৰ জীৱন কাহিনী বৰ্ণিত হৈছে, যিটো চৰিত্ৰত নাগাৰ্জুন অক্কিনেনীয়ে অভিনয় কৰিছে।
-
দ্য শ্বোলে গাৰ্ল
দ্য শ্বোলে গাৰ্ল ( The Sholay Girl ) আদিত্য সৰ্পোতদাৰ পৰিচালিত আৰু শ্ৰাৱণী দেওধৰ, সাই দেওধৰ আৰু শক্তি আনন্দ প্ৰযোজিত ২০১৯ চনৰ হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্যধৰ্মী ছবি। ফৈজল আখতাৰ আৰু শ্ৰবাণী দেওধৰৰ দ্বাৰা ৰচিত এই ছবিখন ভাৰতৰ প্ৰথম ষ্টাণ্ট অ’মেন ৰেশমা পাঠানৰ জীৱনৰ ওপৰত আধাৰিত।
-
ফুলন দেৱী (চলচ্চিত্ৰ)
ফুলন দেৱী (Phoolan Devi) ১৯৮৫ চনত মুক্তি পোৱা, অশোক ৰায় পৰিচালিত আৰু ৰাজীৱ কৌল প্ৰযোজিত এখন বঙালী একচন ছবি। এই ছবিখনত ভাৰতীয় ডকাইত আৰু পিছলৈ ৰাজনীতিবিদ হোৱা ফুলন দেৱীৰ জীৱনৰ ওপৰত শিথিলভাৱে আধাৰিত আছিল। ছবিখন হিন্দী ভাষাত কাহানী ফুলৱতী কী নামেৰে মুক্তি পাইছিল।
-
মংগলা (চলচ্চিত্ৰ)
মংগলা ( Mangla) এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা ডাঃ মংগলা কাপুৰৰ জীৱনৰ আধাৰত নিৰ্মিত ২০২৫ চনৰ ভাৰতীয় মাৰাঠী ভাষাৰ এখন জীৱনীমূলক নাট্য ছবি। পৰিচালনা আৰু সহ-প্ৰযোজনা অপৰানা হোছিঙৰ। ৰেছ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন যশনা মুৰলী, মোহন পূজাৰী, আৰু মিলিন্দ ফোডকাৰে প্ৰযোজনা কৰিছে।
-
মেৰী কম (চলচ্চিত্ৰ)
মেৰী কম (Mary Kom) ২০১৪ চনত মুক্তি পোৱা আৰু ভাৰতত নিৰ্মিত এখন হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়াবিষয়ক ছবি। ইপোনিমাছ বক্সাৰ মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক হৈছে ওমুং কুমাৰ। প্ৰযোজনা কৰিছে ভায়কম ১৮ মোচন পিকচাৰ্ছ আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে।
-
লক্ষ্মী (২০১৪ চলচ্চিত্ৰ)
লক্ষ্মী Lakshmi) ২০১৪ চনৰ নাগেশ কুকুনুৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক সামাজিক সমস্যাৰ ছবি। ইয়াত শ্বেফালী শ্বাহ, ৰাম কাপুৰ, সতীশ কৌশিক, আৰু কুকুনুৰৰ সৈতে শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে মোনালি ঠাকুৰে।
-
শকুন্তলা দেৱী (চলচ্চিত্ৰ)
শকুন্তলা দেৱী (Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।