নন্দ তালুকদাৰ (Nanda Talukdar; জন্ম:২১ মে’, ১৯৩২ – মৃত্যু:২৬ ফেব্ৰুৱাৰী, ১৯৮৩) অসমৰ এগৰাকী বিশিষ্ট গৱেষক আৰু জীৱনীকাৰ। তেওঁ শ্বিলঙৰ শংকৰদেৱ কলেজত অধ্যাপনা কৰিছিল। ১৯৬৩ চনত তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত যোগদান কৰে আৰু মৃত্যুৰ সময়লৈকে ইয়াতে কৰ্মৰত হৈ থাকে। আনন্দৰাম ঢেকিয়াল ফুকন আৰু ঊনবিংশ শতিকাৰ অসম সম্পৰ্কে কৰা গৱেষণাৰ বাবে তেওঁ মৰোণোত্তৰ ভাৱে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তালুকদাৰ অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, ‘কামৰূপ অনুসন্ধান সমিতি’ৰ সহকাৰী সম্পাদক আৰু ‘অসম একাডেমী’ৰ যুটীয়া সম্পাদক আছিল। ১
জন্ম আৰু শিক্ষা
সৰভোগৰ ওচৰৰ ভেৰভেৰী গাঁৱত ১৯৩২ চনৰ ২১ মে’ তাৰিখে নন্দ তালুকদাৰৰ জন্ম হয়। পিতৃ মহেন্দ্ৰ নাথ আৰু মাতৃ যশোবালা।
সৰুতেই পিতৃহাৰা হৈ বৰ কষ্টেৰে ডাঙৰ হোৱা নন্দ তালুকদাৰে বৰনগৰ জুৰোৰাম হাইস্কুলত কেইবছৰ মান পঢ়ি গুৱাহাটীৰ সোণাৰাম হাইস্কুলত ভৰ্তি হৈছিল। ইয়াৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ কটন কলেজত বিজ্ঞান বিভাগত নাম লেখায় যদিও ১৯৬০ চনত, বি বৰুৱা কলেজৰ পৰাহে কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১
সাহিত্যিক অৱদান
অসমীয়া জীৱনী সাহিত্যৰ ক্ষেত্ৰত নন্দ তালুকদাৰৰ অৱদান অমেয়। তালুকদাৰে লেখা আৰু সম্পাদনা কৰা জীৱনী গ্ৰন্থ সমূহ হ’ল;
- বনফুলৰ কবি দুৱৰা (১৯৭০)
- হেমবৰুৱাৰ প্ৰতিভা আৰু ব্যক্তিত্ব (১৯৭১)
- চিৰ চেনেহী মোৰ ভাষা জননী ( অসম সাহিত্য সভাৰ সভাপতি সকলৰ জীৱনী, ১৯৭৬)
- হেম বৰুৱা (১৯৭৮)
- প্ৰসন্নলাল (১৯৭৮)
- কালিৰাম মেধি (১৯৭৮)
- জীৱন স্মৰণ (১৯৭৮)
- সীতানাথ ব্ৰহ্মচৌধুৰী (1৯৮১)
- সূৰ্যকুমাৰ ভূঞা (১৯৮৪, মৰণোত্তৰ ভাৱে)
- বিৰিঞ্চি কুমাৰ বৰুৱা (আধৰুৱা)
- জীৱন সঙ্গম (অপ্ৰকাশিত)
সমালোচনাত্মক
- কবি আৰু কবিতা (কেইগৰাকীমান বিশিষ্ট কবিৰ জীৱনী), ১৯৬৯
- অসমীয়া সাহিত্য বিচিত্ৰা, ১৯৭২
- সম্বাদ পত্ৰৰ ৰ’দ কাঁচলিত অসমীয়া সাহিত্য (উল্লেখনীয় গ্ৰন্থ), ১৯৭৫
শিশু সাহিত্য
- তাহানিৰ সাধু
সম্পাদিত ৰচনাৱলী
- কনকলাল বৰুৱা ৰচনাৱলী(১৯৭৩)
- নবীন চন্দ্ৰ বৰদলৈ (১৯৭৫)
- আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনা সংগ্ৰহ (১৯৭৭)
- লম্বোদৰ বৰা ৰচনাৱলী (১৯৮৩)
- পদ্মাৱতী দেৱী ফুকননীৰ ৰচনাৱলী
সম্পাদিত অন্যান্য গ্ৰন্থ
- অচিনা (১৯৬৬, অমূল্য বৰুৱাৰ কবিতা সংকলন)
- চন্দ্ৰস্মৃতি (১৯৬৭)
- ডিম্বেশ্বৰ নেওগ স্মৃতিগ্ৰন্থ (১৯৬৭)
- ৰঘুনাথ চৌধুৰী স্মৃতিগ্ৰন্থ (১৯৬৮)
- অম্বিকাগিৰি স্মৃতিগ্ৰন্থ (১৯৬৮)
- ৰৌদ্ৰ নীলিমা, যুটীয়াভাৱে সম্পাদিত (১৯৬৯)
- অসম সাহিত্য সভাৰ পঞ্চাশ বছৰ
- নীলমণি ফুকনৰ মানস প্ৰতিমা (১৯৭২)
- তিনিখন অঙ্কীয়া নাট (ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, অৰ্জ্জুন ভঞ্জন) (১৯৭৪)
- বিচিত্ৰ নাৰায়ণ স্মৃতি গ্ৰন্থ (১৯৭৬, যুটীয়াভাৱে)
- খটাসুৰ বধ (১৯৭৮)
- এলোকেশী বেশ্যাৰ বিষয় আৰু কণি বেহেৰুৱাৰ বিষয় (1৯৮০)
- স্নাতকৰ কাব্যপ্ৰভা (১৯৮৬)
- Ananada Ram Dhekial Phookan and the Early Nineteen century Renissance of Assam (১৯৮৩)- গৱেষণা গ্ৰন্থ
নন্দ তালুকদাৰ ফাউণ্ডেচন
তেওঁৰ নামেৰে গুৱাহাটীৰ পূৱ শৰণীয়াত ১৯৯৬ চনৰ ২২ নৱেম্বৰ তাৰিখে নন্দ তালুকদাৰ ফাউণ্ডেচন গঠন কৰা হয়।২ সাহিত্যিক, সম্পাদক নিত্য বৰা এই সংস্থাৰ অধ্যক্ষ আৰু নন্দ তালুকদাৰ পুত্ৰ মৃণাল তালুকদাৰ সম্পাদক। এই ফাউণ্ডেচনৰ উদ্যোগত মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰত ১ ডিচেম্বৰ, ২০২১ ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২২ লৈ- ১৭৫ বছৰ পুৰণি অৰুণোদয় আলোচনীখন প্ৰদৰ্শন কৰা হৈছিল। অসমৰ ইতিহাসত এনে প্ৰদৰ্শনীৰ আয়োজন এয়াই প্ৰথম।৩
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন. (প্ৰথম সংস্কৰণ: ১৯৯২). অসমীয়া জীৱনী অভিধান. মহতাব হুছেইন. পৃ. পৃ: ১৩৯
- ↑ Nanda Talukdar Foundation Society In Guwahati Assam. www.ngofoundation.in/
- ↑ (২৪ নৱেম্বৰ, ২০২১). নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰদৰ্শনীত প্ৰদৰ্শিত হ’ব অসমৰ প্ৰথম আলোচনী অৰুণোদয়. নৰ্থ-ইষ্ট নাও
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দ তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৬০৭১৮৬ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।