অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৭ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৫ আগষ্ট ২০২২ ৪১০ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৬০৪ - শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
  • ১৭৮১ - হায়দৰ আলীয়ে ব্ৰিটিছৰ লগত পল্লিলোৰ যুদ্ধত লিপ্ত হৈছিল।
  • ১৮৫৯ - আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
  • ১৮৮৩ - ইন্দোনেছিয়াৰ ক্ৰাকেটোৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল। ৩৬,৬০০জন লোকৰ হানি হৈছিল।
  • ১৯৩৯ - জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
  • ১৯৪৭ - ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
  • ১৯৭৬ - ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা মেজৰ জেনেৰেল গাৰ্টুদে আলী ৰামক মিলিটেৰি নাৰ্চিং চাৰ্ভিচেছ ডিৰেক্টৰ হিচাপে নিয়োগ কৰা হয়।
  • ১৯৯৯ - সোণালী বেনাৰ্জী প্ৰথম ভাৰতীয় মহিলা সামুদ্ৰিক অভিযন্তা হয়।
  • ২০০৩ - প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।

জন্ম

  • ১৭৭০ - জৰ্জ ৱিলহেল্ম ফ্ৰেইড্ৰিক হেগেল, জাৰ্মান দাৰ্শনিক।
  • ১৮৫৮ - জুজেপে পেয়ান', ইটালিয়ান গণিতজ্ঞ।
  • ১৮৫৯ - ডোৰাবজী টাটা, উদ্যোগপতি, ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম সভাপতি।
  • ১৮৬৯ - কাৰ্ল হাউছ'ফাৰ (Karl Haushofer), জাৰ্মান ভূগোল বিজ্ঞানী আৰু ভূ-ৰাজনীতিবিদ। (মৃঃ ১০ মাৰ্চ, ১৯৪৬)
  • ১৯০৮ - ছাৰ ডন ব্ৰেডমেন, অষ্ট্ৰেলিয়াৰ কিংবদন্তী ক্ৰিকেট খেলুৱৈ।
  • ১৯০৮ - লিণ্ডন বি জনছন, আমেৰিকাৰ ৩৬তম ৰাষ্ট্ৰপতি।
  • ১৯১৯ - এ ললিতা, ভাৰতৰ প্ৰথমগৰাকী মহিলা বৈদ্যুতিক অভিযন্তা।
  • ১৯৫৭ - নুথালাপতি ভেংকট ৰমনা, ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ।
  • ১৯৭০ - সুচিত্ৰা পিল্লাই, ভাৰতীয় গায়িকা, অভিনেত্ৰী, মডেল, অভিযন্তা আৰু ধাৰাভাষ্যকাৰ।
  • ১৯৭২ - দলীপ সিং ৰানা (Dalip Singh Rana) বা দা গ্ৰেট খালি, ভাৰতীয় ডব্লিউ ডব্লিউ ইৰ মল্লযুঁজাৰু।
  • ১৯৭৯ - এৰ'ন প'ল, হলীউডৰ অভিনেতা।
  • ১৯৮০ - শিবানী দাণ্ডেকাৰ, ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল।
  • ১৯৮৩ - দীপামণি হালৈ মহন্ত, এগৰাকী অসমীয়া লেখক, অধ্যাপক।
  • ১৯৯৩ - চি. এ. ভৱানী দেৱী, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় ফে'ঞ্চাৰ (তৰোৱাল খেলুৱৈ)।

মৃত্যু

  • ১৮৯৮ - জন হ'পকিনছন, ইংৰাজ পদাৰ্থ বিজ্ঞানী, হ'পকিনছন সূত্ৰৰ বাবে জনাজাত।
  • ১৯১৯ - লুইছ ব'থা, দক্ষিণ আফ্ৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৬৩ - ৱিলিয়াম এডৱাৰ্ড বাৰ্গাহাৰ্ট ডু ব'ই (William Edward Burghardt Du Bois), আমেৰিকাৰ সমাজবিজ্ঞানী।
  • ১৯৬৫ - লী ক'ৰবাজিয়ে, ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক।
  • ১৯৭৬ - মুকেশ, ভাৰতীয় গায়ক।
  • ১৯৭৯ - লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়। ভাৰতৰ অন্তিম ভাইচৰয়।
  • ১৯৮২ - নিৰ্মলা সুন্দৰী, সাধ্বী আৰু যোগ গুৰু।
  • ২০০৬ - ঋষিকেশ মুখাৰ্জী, ভাৰতীয় বোলছবিৰ এগৰাকী প্ৰসিদ্ধ পৰিচালক।
  • ২০১০ - ৰবীন্দ্ৰ কেলকৰ, কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক।
  • ২০১৮ - গুণ মহন্ত, অসমীয়া অভিনেতা।
  • ২০২০ - অৰ্চনা মহন্ত, অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীতত, ভক্তিমূলক গীতত, বিহুগীতত আৰ অসমীয়া কথাছবিত কণ্ঠদান কৰিছিল। আকাশবাণীৰ পৰা 'বি হাই গ্ৰেড' স্বীকৃতি লাভ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী। (জন্ম: ১৮ মাৰ্চ, ১৯৪৯)

দিৱস

  • স্বাধীনতা দিৱস (মলদোভা)।

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৭ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৩১৪৭৪ (২৫ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।