ব্ৰহ্মপুত্ৰৰ ওপৰত দলং
৮ প্ৰবন্ধ
-
বগীবিল দলং
বগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল ঠাইত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ৰে’ল-সহ পথ দলং। ১৯৯৭ চনত আধাৰশিলা স্থাপনৰ পাছত ২০০২ চনত নিৰ্মাণ আৰম্ভ হৈ ২০১৮-১২-২৫ তাৰিখে দলংখন উদ্বোধন কৰা হয়।
-
শৰাইঘাট দলং
শৰাইঘাট দলং (Saraighat Bridge) অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়।
-
কলীয়াভোমোৰা সেতু
কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি…
-
ভূপেন হাজৰিকা সেতু
ভূপেন হাজৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং (Dhola–Sadiya bridge) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তোলে।
-
নৰনাৰায়ণ সেতু
নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে'লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷ যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ…
-
ধুবুৰী-ফুলবাৰী দলং
ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং। ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি।
-
ভূৰাগাঁও-খাৰুপেটিয়া দলং
ভূৰাগাঁও-খাৰুপেটীয়া দলং, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫এ ৰ ওপৰত ৭.৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ (৪.৭৪ মাইল) প্ৰস্তাৱিত পকী পথ দলং ৷ ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটীয়াক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সৈতে সংযোগ কৰা হ’ব।
-
নতুন শৰাইঘাট দলং
নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া পথ দলং। এই দলং খন পুৰণি শৰাইঘাট দলঙৰ কাষতে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয়াৰ নিৰ্মান কাৰ্য ২০০৭ চনত আৰম্ভ হৈছিল।