ভূপেন হাজৰিকা
৮ প্ৰবন্ধ
-
ভূপেন হাজৰিকা
ভূপেন হাজৰিকা (১৯২৬–২০১১) অসম আৰু ভাৰতৰ বহুভাষিক কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু চলচ্চিত্ৰ-সংগীত পৰিচালক; তেখেত “সুধাকণ্ঠ” নামে ব্যাপক জনপ্ৰিয়। সংগীত-সাহিত্য-চলচ্চিত্ৰ-সাংস্কৃতিক নেতৃত্ব আৰু সীমিত ৰাজনৈতিক ভূমিকাৰ জৰিয়তে তেখেতে আধুনিক অসমীয়া সাংস্কৃতিক পৰিচয় গঢ়াত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
ভূপেন হাজৰিকা সেতু
ভূপেন হাজৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং (Dhola–Sadiya bridge) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তোলে।
-
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Dr. Bhupen Hazarika Regional Government Film and Television Institute) পূৰ্বৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান।
-
ভূপেন্দ্ৰ সংগীত
ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে। এজন গীতিকাৰ, সুৰকাৰ, গায়ক আৰু সংগীত পৰিচালক হিচাবে সংগীত জগতলৈ ড॰ ভূপেন হাজৰিকাই বিপুল অৱদান দি গৈছে।
-
বিস্তীৰ্ণ পাৰৰে
বিস্তীৰ্ণ পাৰৰে গীতটো ড° ভূপেন হাজৰিকাৰ অপূৰ্ব সৃষ্টি। তেওঁ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। প’ল ৰবচনৰ অল্ড মেন ৰিভাৰ (Ol’ man river) গীতটোৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ "বিস্তীৰ্ণ পাৰৰে" গীতটি ৰচনা কৰিছিল। এই গানটোততেখেতে ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ কৰিছে।
-
ভূপেন হাজৰিকাৰ কৰ্মৰাজি
ড॰ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক তথা লেখক আছিল। তেওঁ অসমীয়াৰ লগতে বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা আৰু কণ্ঠদান কৰিছিল। এই প্ৰবন্ধত ভূপেন হাজৰিকাৰ কৰ্মসমূহ তালিকাবদ্ধ কৰা হৈছে। তেখেতে মৰণোত্তৰভাৱে ২০১২ চনত পদ্ম বিভূষণেৰে সন্মানিত হয়
-
ভূপেন হাজৰিকাৰ সাহিত্য
ব্যক্তিগত প্ৰতিভাৰে বিশ্ববিয়পা খ্যাতি লাভ কৰা বিশাল ব্যক্তিত্বৰ সংগীতৰ মহাসাধক ভূপেন হাজৰিকা জনপ্ৰিয়তাৰ শীৰ্ষ স্তৰত উপনীত হৈ জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ-বণিতাৰ মৰম, দয়া আৰু কৰুণা আদায় কৰিবলৈ সক্ষম হৈছিল।
-
ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ
ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ অসমীয়া সংগীতজ্ঞ, কবি আৰু চলচ্চিত্ৰ নিৰ্মাতা ভূপেন হাজৰিকাৰ স্মৃতিত নিৰ্মিত এটা স্মাৰক প্ৰাংগণ আৰু সাংস্কৃতিক স্থান। ই ভাৰতৰ অসমৰ গুৱাহাটীৰ জালুকবাৰী অঞ্চলত, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত অৱস্থিত।