ৰাবৰি দেৱী১২এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যি পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে ৩টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। আজিলৈকে এই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম আৰু একমাত্ৰ বিহাৰৰ মহিলা। বিহাৰ বিধান পৰিষদৰ সদস্য (এম এল চি) আৰু বৰ্তমান বিহাৰ বিধান পৰিষদত বিৰোধী দলৰ নেত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে।
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (১৯৯০–১৯৯৭) ভাৰতীয় ৰাজনীতিবিদ লালু প্ৰসাদৰ সৈতে তেওঁৰ বিবাহ হৈছিল।
প্ৰাথমিক জীৱন আৰু শিক্ষা
বিহাৰৰ গোপালগঞ্জ জিলাৰ মিৰগঞ্জৰ সমীপত অৱস্থিত ছালাৰ কলন গাঁৱত ১৯৫৯ ৰাবৰি দেৱীৰ জন্ম হৈছিল। কিন্তু নিৰ্বাচনৰ বাবে দাখিল কৰা শপতনামাত তেওঁ উল্লেখ কৰিছে যে তেওঁৰ জন্ম বছৰ ১৯৫৩ চনৰ আগৰ।৩৪তেওঁৰ পিতৃ-মাতৃ হৈছে শিৱ প্ৰসাদ চৌধুৰী৩ আৰু মাতৃ মহৰ্জিয়া দেৱী। পৰিয়ালৰ প্ৰথা অনুসৰি ভাৰতীয় মিঠাইৰ নামেৰে তেওঁৰ নামাকৰণ কৰা হৈছে। তেওঁৰ ৩ গৰাকী ভগ্নীৰ নাম জালেবি, ৰছগুল্লা আৰু পান।৫
তেওঁৰ গাঁৱৰ স্থানীয় স্কুল এখনত পঞ্চম মানলৈকে পঢ়িছে৷ তেওঁৰ মাক-দেউতাকে নিজৰ ছোৱালীকেইজনীক দূৰৈত অৱস্থিত স্কুললৈ পঠিয়াবলৈ দ্বিধাবোধ কৰিছিল৷ ফলত তেওঁৰ কোনো ভনীয়েকেই শিক্ষিত নহয়।৪ প্ৰভুনাথ যাদৱ, সুভাষ প্ৰসাদ যাদৱ আৰু সাধু যাদৱ তেওঁৰ তিনিজন প্ৰকৃত ভাতৃ।
ৰাজনৈতিক জীৱন
ফোডাৰ কেলেংকাৰিৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত (‘চাৰা ঘোটালা’, স্থানীয়ভাৱে জনাজাত) স্বামী লালু প্ৰসাদৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পিছতে ১৯৯৭ চনৰ ২৫ জুলাইত ৰাবৰি দেৱী বিহাৰৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। ২০০৫ চনলৈকে তেওঁ ৰাজ্যখন শাসন কৰিছিল (তেওঁ অবিভক্ত বিহাৰৰ শেষ মুখ্যমন্ত্ৰীও আছিল)।৬৭
ৰাঘোপুৰ আসনৰ পৰা ৰাবৰি দেৱী তিনিবাৰকৈ বিহাৰ বিধান সভালৈ নিৰ্বাচিত হৈছে৷ ২০১০ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত দেৱীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল: ৰাঘোপুৰ আৰু সোণপুৰ৷ কিন্তু ৰাষ্ট্ৰীয় জনতা দলে পৰাজয়ৰ সন্মুখীন হোৱা নিৰ্বাচনত দুয়োখন আসনত তেওঁ পৰাস্ত হৈছিল৷৮৯
২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ সাৰণৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপিৰ ৰাজীৱ প্ৰতাপ ৰুডীৰ হাতত পৰাস্ত হৈছিল।১০
ৰাবৰি দেৱী বিনা বিৰোধীভাৱে বিধান পৰিষদলৈ নিৰ্বাচিত হয়।১১
তথ্যসূত্ৰ
- ↑ ceobihar.nic.in/election/GeneralElection2014/PC2
- ↑ cdn.s3waas.gov.in/s3285e19f20beded7d215102b49d5c
- ↑ (7 February 2005). Rabri Devi. Hindustan Times
- ↑ rediff.com: The Rediff Interview/ Rabri Devi. Rediff.com
- ↑ Akbar, M. J. (19 April 2004). M. J. Akbar: Laloo steals Congress seats in Bihar for sweet Rabri. Gulf News
- ↑ Ahmed, Farz. (1997-08-11). Dragged from the kitchen to Bihar Assembly, Rabri Devi learns politics fast: Cover Story - India Today. ইণ্ডিয়া টুডে
- ↑ Mishra, Dipak. (2017-02-17). Proxy rule lessons from Bihar. The Telegraph
- ↑ RJD Mobbed: Rabri Devi Loses Both Her Seats
- ↑ (24 November 2010). Rabri loses in both seats. The Hindu
- ↑ Vaibhav, Aditya. (2014-05-17). Election results 2014: JD(U), RJD decimated in Bihar. The Times of India. TNN
- ↑ Rabri Devi were elected unopposed to the Legislative Council. Prabhat Khabar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাবৰি দেৱী” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৬০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।