বিচানকুছি বৰ্তমানৰ বজালী জিলাৰ এখন গাওঁ। অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা ভট্টদেৱৰ জন্ম এই বিচানকুছি গাওঁত। আগতে বিচানকুছি গাওঁখনৰ নাম বিজনকুছি আছিল বুুলি সাহিত্যৰ বুৰঞ্জীত পোৱা যায়। নীলকণ্ঠ দাসৰ 'দামোদৰ চৰিত'ত পোৱা যায়, বজালী অঞ্চলৰ বিজনকুছি নিবাাসী কবি সৰস্বতী নামে এজন পণ্ডিতৰ দ্বিতীয় পুত্ৰ হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা ভট্টদেৱ।
ভৌগোলিক অৱস্থিতি
বিচানকুছি গাওঁখন পাটাছাৰকুছিৰ পৰা প্ৰায় ৫ কি. মি. উত্তৰে কালদিয়া নৈৰ পাৰত অৱস্থিত। নৈৰ দুয়োপাৰে বিচানকুছি গাওঁখন বিস্তৃত হৈ আছে। এই গাওঁখনৰ চাৰিসীমা ক্ৰমে পূবে পুৰালি পথাৰ, পশ্চিমে বৰবাং, উত্তৰে মৰিপুৰ-আনন্দপুৰ আৰু দক্ষিণে চৌধুৰীপাৰা।
তথ্য সংগ্ৰহ
1.https://villageinfo.in/assam/barpeta/bajali/bichan-kuchi.html
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিচানকুছি” প্ৰবন্ধৰ সংশোধন ৩১৯২৩৫ (১৯ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।