ঢকুৱাখনা
৭ প্ৰবন্ধ
-
ঢকুৱাখনা
ঢকুৱাখনা অসমৰ লখিমপুৰ জিলাৰ পূবাংশত অৱস্থিত এটি মহকুমা আৰু একে নামৰ সৰু চহৰ, যি ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ মাজৰ নদী-বিধৌত মৈদানত গঢ় লৈ উঠিছে। অঞ্চলটোৰ ইতিহাস, জনশ্ৰুতি, সত্ৰ-থান-দেৱালয় আৰু ফাট বিহুৰ দৰে লোকোৎসৱৰ বাবে ঢকুৱাখনা উজনি অসমৰ এটি উল্লেখযোগ্য সাংস্কৃতিক ক্ষেত্ৰ।
-
ঢকুৱাখনা মহাবিদ্যালয়
ঢকুৱাখনা মহাবিদ্যালয় (Dhakuakhana College)১৯৬৬ চনত সেইসময়ৰ ঢকুৱাখনাৰ উচ্চশিক্ষানুৰাগী ৰাইজৰ সহযোগত ৰাইজৰ অনুদানৰ যোগেদি ঢকুৱাখনা চহৰৰ পৰা প্ৰায় ২ কিমি দূৰত্বত, নৱকাঠৰবাৰী গাঁৱত স্থাপিত হৈছিল। মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু ইউজিচিৰ অধ্যায় ২(এফ) আৰু ১২(বি) দ্বাৰা অনুমোদিত।
-
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান (Bordoibam Bilmukh Bird Sanctuary) অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে।
-
হাৰ্হি দেৱালয়
হাৰ্হি দেৱালয় অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা চহৰৰ পৰা প্ৰায় চাৰি কিঃমিঃ উত্তৰ-পূবে হাৰ্হি নদীৰ পাৰত অৱস্থিত এক দেৱালয়। ঢকুৱাখানত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল।
-
ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়
পুৰণি "ঢকুৱাখনা হাইস্কুল"খনেই হৈছে বৰ্তমানৰ ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় (English: Dhakuakhana Model Higher Secondary School)। ১৯৩৬ চনত স্থাপিত বিদ্যালয়খনে ২০১০ চনত ইতিমধ্যে মহাৰজত জয়ন্তী বৰ্ষ পাৰ কৰিছে।
-
ফাট বিহু
ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।
-
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা ১৯৯৭ চনত বিদ্যা ভাৰতীৰ অধীনত মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনাত স্থাপিত হৈছিল আৰু পাছত ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল।