অসমৰ সংৰক্ষিত অঞ্চল
১১ প্ৰবন্ধ
-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এক বিশ্বখ্যাত সংৰক্ষিত এলাকা, য’ত পৃথিৱীৰ প্ৰায় দুই-তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান। এই উদ্যান ঢেঁকীয়াপতীয়া বাঘ, হাতী, বনৰীয়া ম’হ, দল-হৰিণা আদিৰ ঘনত্ব আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ আৰু বাঘ সংৰক্ষণ ক্ষেত্ৰ…
-
মানস ৰাষ্ট্ৰীয় উদ্যান
মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ উত্তৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এক প্ৰধান সংৰক্ষিত অৰণ্যক্ষেত্ৰ, যি ইউনেস্কোৰ প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে স্বীকৃত। একে ঠাইতে ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল, হস্তী সংৰক্ষিত বনাঞ্চল আৰু বায়’ছফিয়েৰ ৰিজাৰ্ভৰ মৰ্যাদা পোৱাৰ বাবে মানসৰ সংৰক্ষণ-মূল্য বিশেষ।
-
নামেৰি ৰাষ্ট্ৰীয় উদ্যান
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে।
-
দীপৰ বিল
দীপৰ বিল (Dipor Bil) হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।
-
ওৰাং ৰাষ্ট্ৰীয় উদ্যান
ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park) ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়।
-
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru-Saikhowa National Park) অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে।
-
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park) অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই বৃহত্তৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ এক অংশ। এই ৰাষ্ট্ৰীয় উদ্যানক বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক 'পূবৰ আমাজান' (The Amazon of the east) বুলিও আখ্যা দিয়া হয়।
-
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park) হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ২০২১ চনৰ ০৮ জুন তাৰিখে পূৰ্বৰ এই সংৰক্ষিত বনাঞ্চলখনক 'FRW.02/2021/27 dtd. 08th June, 2021' নম্বৰৰ এক ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।
-
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান (Bordoibam Bilmukh Bird Sanctuary) অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে।
-
শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান
শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান অসমৰ বডোলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ অন্তৰ্গত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ৩১৬.২৯ বৰ্গ কিলোমিটাৰত বিস্তৃত এই উদ্যানখন বৃহত্তৰ মানস জৈৱমণ্ডলৰ অংশ আৰু ই আন চাৰিখন আঞ্চলিক উদ্যানক সংযোগ কৰে।
-
শতজান পক্ষী উদ্যান (লখিমপুৰ)
শতজান পক্ষী উদ্যান ( Satajaan Bird Sanctuary) লখিমপুৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। পহুমৰা-কিমিন ৰাজ্যিক ঘাইপথ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত তথা ৰঙানৈৰ কাষত অৱস্থিত এই জলাশয়টোলৈ প্ৰতি বছৰে বিশাল প্ৰজাতিৰ চৰাইৰ আগমন ঘটে।