অন্ধ্ৰপ্ৰদেশৰ ব্যক্তি
১৭ প্ৰবন্ধ
-
জনী লিভাৰ
জন প্ৰকাশ ৰাও জানুমালা, (John Prakash Rao Janumala) মঞ্চনাম জনী লিভাৰ (জন্ম ১৪ আগষ্ট ১৯৫৭)দ্বাৰা অধিক পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান৷ হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সৰ্বপৰিচিত।
-
এন চন্দ্ৰবাবু নাইডু
নৰ চন্দ্ৰবাবু নাইডু (Nara Chandrababu Naidu; জন্ম: ২০ এপ্ৰিল ১৯৫০) সাধাৰণতে চিবিএন নামেৰে জনাজাত এজন ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২৪ চনৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেলেগুভাষী ৰাজ্যসমূহৰ ৰাজনৈতিক ইতিহাসত সৰ্বাধিক দিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ তেওঁৰ দখলত আছে।
-
শোভিতা ধূলিপালা
শোভিতা ধূলিপালা (Sobhita Dhulipala; জন্ম: ৩১ মে' ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী, মালয়ালম আৰু তেলেগু ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৩ প্ৰতিযোগিতাত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১৩ৰ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০১৩ত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
বিজয় বাৰ্মা
বিজয় বাৰ্মা (Vijay Varma) এজন ভাৰতীয় অভিনেতা৷ তেওঁ প্ৰধানকৈ হিন্দী ছবি আৰু হিন্দী ৱেব চিৰিজত কাম কৰে। তেওঁ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ তাৰ পিছত অপৰাধ ড্ৰামা পিংক (২০১৬)ত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰে।
-
ঈশ্বৰী বাই
জেট্টি ঈশ্বৰী বাই (১ ডিচেম্বৰ ১৯১৮ – ২৫ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বিধানসভাৰ সদস্য আৰু ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ সভাপতি আছিল। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি উচ্চজাতিৰ হাতত দাসত্ব আৰু জাতিগত বৈষম্যৰ বলি হোৱা পিছপৰা শ্ৰেণীৰ উত্থানৰ বাবে তাই কাম কৰিছিল।
-
কিল্লী কৃপা ৰাণী
ড° কিল্লী কৃপা ৰাণী (Dr. Killi Krupa Rani; জন্ম: ১৯ নৱেম্বৰ ১৯৬৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য আৰু ইয়াৰ পূৰ্বে ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে শ্ৰীকুলমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ কলিংগ জাতিৰ।
-
কোথাপল্লী গীতা
কোথাপল্লী গীতা(Kothapalli Geetha; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকু (লোকসভা সমষ্টি)ৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য।
-
চিন্তা অনুৰাধা
চিন্তা অনুৰাধা (Chinta Anuradha) হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে ৱাইএছআৰ কংগ্ৰেছৰ ফালৰ পৰা অমলাপুৰম লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
জ্যোতি য়াৰাজী
জ্যোতি য়াৰাজী (Jyothi Yarraji; জন্ম: ২৮ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ এইক্ষেত্ৰত ১০০ মিটাৰ হাৰ্ডলছক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০২২ চনৰ ১০ মে'ত অনুৰাধা বিশ্বলে ১৩.২৩ ছেকেণ্ড দৌৰি ৰচনা কৰা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰি ১০০ মিটাৰ হাৰ্ডলছৰ ভাৰতীয় খেলুৱৈৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।
-
টি কল্পনা দেৱী
টি কল্পনা দেৱী (T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।
-
টি মীনা কুমাৰী
টি মীনা কুমাৰী (T. Meena Kumariজন্ম ১৯৫১) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল।[1] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বাণী সৰজু ৰাও
বাণী সৰজু ৰাও এজন ভাৰতীয় কেৰিয়াৰ কূটনীতিবিদ তথা তেলেংগানা ৰাজ্যৰ ৰাজধানী হায়দৰাবাদৰ ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়া। তেওঁ ১৯৯৪ চনৰ আই এফ এছ বেচৰ সদস্য হিচাপে বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ব্ৰহ্মানন্দম
কান্নেগন্তি ব্ৰহ্মানন্দম (Conneganti Brahmanndam; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৫৬) তেলেগু চিনেমাত আগবঢ়োৱা অভিনয়-কৰ্মৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহাপ্ৰাপ্ত কমিক অভিনেতা হিচাপে স্বীকৃতি পাইছে।
-
মাৰ্জাৰী গডফ্ৰে
মাৰ্জাৰী গডফ্ৰে (Marjorie Godfrey, ২৯ মাৰ্চ ১৯১৯ – ২৭ অক্টোবৰ ২০০৩) পঞ্চম লোকসভা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ এগৰাকী এংলো-ভাৰতীয় মনোনীত সদস্য আছিল।
-
শন্মুখ প্ৰিয়া
শন্মুখ প্ৰিয়া (ইংৰাজী: Shanmukha Priya; জন্ম: ২ নৱেম্বৰ ২০০২) এগৰাকী ভাৰতীয় গায়িকা, যিয়ে কৰ্ণাটকী সংগীত, জাজ, ৰক, পপ আৰু য়োডেলিঙৰ বিশেষজ্ঞ। তেওঁ পদুথা থিয়াগা এছ ৬ (২০১৩), ছা ৰে গা মা পা ল’ইল চেম্পছ ২০১৭ (২০১৭) আৰু ইণ্ডিয়ান আইডল ১২ (২০২০–২১)কে ধৰি বহুতো জনপ্ৰিয় ৰিয়েলিটি টেলিভিছন শ্ব’ত গীত…
-
শ্ৰেয়া ধনন্তৰি
শ্ৰেয়া ধনন্তৰি ( Shreya Dhanwanthary; জন্ম: ২৯ আগষ্ট ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব'ত অভিনয় কৰে। ২০০৯ চনত তেলেগু ছবি জোছৰ সৈতে তেওঁ অভিষেক ঘটায়।
-
সংঘপালী অৰুণা
সংঘপালী অৰুণা, সংঘপালী অৰুণা লোহিতাক্ষী নামেৰেও পৰিচিত ভাৰতৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী, দলিত মহিলাৰ অধিকাৰৰ ওপৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। প্ৰজেক্ট মুক্তিৰ কাৰ্যবাহী সঞ্চালিকা।