অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহাৰাণা প্ৰতাপ

প্ৰতাপ সিং প্ৰথম (৯ মে' ১৫৪০ – ১৯ জানুৱাৰী ১৫৯৭), লোকসমাজত মহাৰাণা প্ৰতাপ নামেৰে জনাজাত, ১৫৭২ চনৰ পৰা ১৫৯৭ চনত মৃত্যুৰ আগলৈকে বৰ্তমানৰ ৰাজস্থান ৰাজ্যৰ উত্তৰ-পশ্চিম ভাৰতৰ মেৱাৰ ৰাজ্যৰ ৰজা আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,০৩৬ শব্দ · ৬ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰতাপ সিং প্ৰথম (৯ মে' ১৫৪০ – ১৯ জানুৱাৰী ১৫৯৭), লোকসমাজত মহাৰাণা প্ৰতাপ নামেৰে জনাজাত, ১৫৭২ চনৰ পৰা ১৫৯৭ চনত মৃত্যুৰ আগলৈকে বৰ্তমানৰ ৰাজস্থান ৰাজ্যৰ উত্তৰ-পশ্চিম ভাৰতৰ মেৱাৰ ৰাজ্যৰ ৰজা আছিল।

হল্দিঘাটৰ ৰণ আৰু দেৱাইৰ যুদ্ধকে ধৰি মোগল সম্ৰাট আকবৰৰ সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে ৰাজপুত বিৰোধীতাৰ নেতৃত্ব দিয়াৰ বাবে তেওঁ অধিক জনাজাত।

প্ৰাথমিক জীৱন আৰু ৰাজকীয় আৰোহণ

২য় উদয় সিংহই বনবীৰ সিংহক পৰাস্ত কৰি সিংহাসনত বহা বছৰটোতে মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ১৫৪০ চনত মেৱাৰৰ দ্বিতীয় উদয় সিং আৰু জয়ন্তা বাইৰ ঘৰত।১২৩ তেওঁৰ কনিষ্ঠ ভাতৃ আছিল শক্তি সিং, বিক্ৰম সিং আৰু জগমল সিং। প্ৰতাপৰ দুগৰাকী সতীয়া ভগ্নীও আছিল: চান্দ কানৱাৰ আৰু মন কানৱাৰ। তেওঁৰ মুখ্য পত্নী আছিল বিজোলিয়াৰ আজাবদে বাই পুনৱাৰ।৪ তেওঁলোকৰ ডাঙৰ পুত্ৰ আছিল প্ৰথম অমৰ সিং।৫ তেওঁ মেৱাৰৰ ৰাজপৰিয়ালৰ আছিল।৬ ১৫৭২ চনত উদয় সিংহৰ মৃত্যুৰ পিছত ৰাণী ধীৰ বাই ভটিয়ানীয়ে তেওঁৰ পিছত তেওঁৰ পুত্ৰ জগমল ৰজা হোৱাটো বিচাৰিছিল৭ কিন্তু জ্যেষ্ঠ দৰবাৰীসকলে প্ৰতাপক ডাঙৰ পুত্ৰ হিচাপে তেওঁলোকৰ ৰজা হিচাপে পছন্দ কৰিছিল। সম্ভ্ৰান্ত লোকসকলৰ ইচ্ছাই প্ৰাধান্য লাভ কৰে আৰু প্ৰতাপে চিচোদিয়া ৰাজপুত বংশৰ মেৱাৰৰ ৫৪ সংখ্যক শাসক মহাৰাণা প্ৰতাপ হিচাপে সিংহাসনত আৰোহণ কৰে। হোলীৰ শুভ দিনত গোগুণ্ডাত তেওঁক মুকুট পিন্ধোৱা হয়। জগমলে প্ৰতিশোধ লোৱাৰ শপত খাই সম্ৰাট আকবৰৰ সৈন্যবাহিনীত যোগদান কৰিবলৈ আজমেৰলৈ ৰাওনা হয়। তেওঁৰ সহায়ৰ বিনিময়ত তেওঁক জাহাজপুৰ চহৰখন জাগীৰ হিচাপে উপহাৰ হিচাপে দিয়া হৈছিল।৮

যুঁজাৰু জীৱন

পটভূমি

প্ৰতাপ সিঙে, মোগল সাম্ৰাজ্যৰ সৈতে কোনো ধৰণৰ ৰাজনৈতিক মিত্ৰতা কৰিবলৈ অস্বীকাৰ কৰা আৰু মোগল আধিপত্যৰ প্ৰতিৰোধ কৰাৰ বাবে সুখ্যাতি লাভ কৰিছিল। প্ৰতাপ সিং আৰু আকবৰৰ মাজত হোৱা সংঘাতৰ ফলত হল্দিঘাটৰ যুদ্ধ হয়।৯১০

হল্দিঘাটৰ যুদ্ধ

১৫৬৭-১৫৬৮ চনত চিত্তৰগড় দখলৰ ফলত মেৱাৰৰ পূব প্ৰদেশৰ উৰ্বৰ ভূমি মোগলৰ হাতলৈ গৈছিল। কিন্তু আৰৱল্লী পৰ্বতমালাৰ বাকী বনাঞ্চল আৰু পাহাৰীয়া ৰাজ্যখন তেতিয়াও মহাৰাণা প্ৰতাপৰ নিয়ন্ত্ৰণত আছিল। মোগল সম্ৰাট আকবৰৰ মেৱাৰৰ মাজেৰে গুজৰাটলৈ এটা সুস্থিৰ পথ নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল; ১৫৭২ চনত যেতিয়া প্ৰতাপ সিঙক ৰজা (মহাৰানা) হিচাপে অভিষিক্ত কৰা হয়, তেতিয়া আকবৰে আমেৰৰ প্ৰথম ৰজা মান সিংহৰকে ধৰি কেইবাজনো দূত পঠিয়াই ৰাজপুতনাৰ আন বহু শাসকৰ দৰে অধীনস্থ হ’বলৈ তেওঁক অনুৰোধ জনায়। যেতিয়া প্ৰতাপে আকবৰৰ ওচৰত ব্যক্তিগতভাৱে বশ হ'বলৈ অস্বীকাৰ কৰে আৰু যেতিয়া সমস্যাটো কূটনৈতিকভাৱে নিষ্পত্তি কৰাৰ কেইবাটাও প্ৰচেষ্টা বিফল হয়, তেতিয়া যুদ্ধ অনিবাৰ্য হৈ পৰে।১১১২

প্ৰতাপ সিং আৰু মোগল আৰু ৰাজপুত সেনাপতি মান সিংহৰ বাহিনী ১৫৭৬ চনৰ ১৮ জুনত ৰাজস্থানৰ আধুনিক ৰাজসামন্দ গোগুণ্ডাৰ সমীপৰ হালদীঘাটীত এটা সংকীৰ্ণ পৰ্বতৰ পথৰ সিপাৰে মিলিত হয়। ই হল্দিঘাটৰ যুদ্ধ নামেৰে জনাজাত হ’ল। প্ৰতাপ সিঙে প্ৰায় ৩০০০ অশ্বাৰোহী আৰু ৪০০ ভীল ধনুৰ্বিদৰ এটা বাহিনীক থিয় কৰাইছিল। মান সিঙে প্ৰায় ১০,০০০ জন সৈন্যবাহিনীৰ কমাণ্ড কৰিছিল।১৩১৪১৫ তিনি ঘণ্টাৰো অধিক সময় ধৰি চলি থকা তীব্ৰ যুদ্ধৰ অন্তত প্ৰতাপে নিজে আহত হ’ল আৰু সেই দিনৰ যুঁজত হাৰিল। তেওঁ পাহাৰলৈ পিছুৱাই যাবলৈ সক্ষম হয় আৰু এদিন যুঁজিবলৈ সংকল্প লয়।১৬ মোগলসকলে বিজয়ী হৈ মেৱাৰৰ বাহিনীৰ মাজত যথেষ্ট ক্ষতিসাধন কৰে যদিও মহাৰাণা প্ৰতাপক অধীন কৰাত ব্যৰ্থ হয়।১৭১৮১৫

উদয়পুৰত প্ৰতাপ বা তেওঁৰ কোনো ঘনিষ্ঠ পৰিয়ালৰ সদস্যক হত্যা বা বন্দী কৰিব নোৱাৰাৰ বাবে হল্দিঘাট মোগলৰ বাবে অসাৰ বিজয় আছিল।১৯ সূত্ৰসমূহে প্ৰতাপ সফল পলায়ন কৰিবলৈ সক্ষম হোৱা বুলিও দাবী কৰিলেও তাৰ পিছত হল্দিঘাটত নিজৰ অভিযান সমাপ্ত কৰাৰ পিছত এসপ্তাহৰ ভিতৰতে মানসিংহই গোগুণ্ডা জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ১৫৭৬ চনৰ ছেপ্টেম্বৰ মাহত আকবৰে নিজেই ৰাণাৰ বিৰুদ্ধে এক স্থায়ী অভিযানৰ নেতৃত্ব দিয়ে আৰু অতি সোনকালেই গোগুণ্ডা, উদয়পুৰ আৰু কুম্ভলগড় সকলো মোগলৰ নিয়ন্ত্ৰণত পৰে।২০

হল্দিঘাটৰ পিছৰ মোগলৰ আক্ৰমণ

শ্বাহবাজ খান কম্বোহৰ নেতৃত্বত একাধিক আক্ৰমণৰ কৰি মেৱাৰৰ মূল অঞ্চলসমূহ জয় কৰা হয়, যেনে কুম্ভলগড়, মণ্ডলগড়, গোগুণ্ডা, আৰু মধ্য মেৱাৰ; যাৰ ফলত এই ঠাইবোৰ স্থায়ীভাৱে মোগল শাসনৰ অধীনলৈ অনা হয়। শ্বাহবাজ খানৰ আগ্ৰাসনৰ পিছত মেৱাৰত মোগল সাম্ৰাজ্যই নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ফলত প্ৰতাপৰ ক্ষমতা যথেষ্ট দুৰ্বল হৈ পৰে আৰু তেওঁ নিজৰ পাহাৰীয়া বাসস্থানলৈ পিছুৱাই যাবলৈ বাধ্য হয়।২১

কলাৰ পৃষ্ঠপোষকতা

চাৱন্দৰ মহাৰাণা প্ৰতাপে নিজৰ দৰবাৰত বহু কবি, শিল্পী, সাহিত্যিক, খনিকৰক আশ্ৰয় দিছিল। ৰাণা প্ৰতাপৰ দিনত চাৱন্দ স্কুল অৱ আৰ্টৰ বিকাশ ঘটিছিল। তেওঁৰ দৰবাৰত নাছিৰুদ্দিনৰ দৰে বিখ্যাত শিল্পীও আছিল।২২

মেৱাৰৰ পুনৰুত্থান

বংগ আৰু বিহাৰত বিদ্ৰোহ আৰু পঞ্জাৱত মিৰ্জা হাকিমৰ আগ্ৰাসনৰ পিছত ১৫৭৯ চনৰ পৰা মেৱাৰৰ ওপৰত মোগলৰ চাপ শিথিল হয়। ইয়াৰ পিছত আকবৰে ১৫৮৪ চনত জগন্নাথ কচ্ৱাহাক মেৱাৰ আক্ৰমণ কৰিবলৈ পঠিয়াই দিয়ে। এইবাৰো মেৱাৰ সেনাই মোগলক পৰাস্ত কৰি পিছুৱাই যাবলৈ বাধ্য কৰালে। ১৫৮৫ চনত আকবৰে লাহোৰলৈ গুচি যায় আৰু পৰৱৰ্তী বাৰ বছৰ তাতেই থাকি উত্তৰ-পশ্চিমৰ পৰিস্থিতি চাই থাকে। এই সময়ছোৱাত কোনো ডাঙৰ মোগল অভিযান মেৱাৰলৈ প্ৰেৰণ কৰা হোৱা নাছিল।২৩ পৰিস্থিতিৰ সুযোগ লৈ প্ৰতাপে মোগলে দখল কৰা মেৱাৰৰ কিছু অঞ্চল উদ্ধাৰ কৰি ছয়ত্ৰিশটা মোগলৰ চকী দখল কৰে। উদয়পুৰ, মহী, গোগুণ্ডা, মণ্ডল আৰু পাণ্ডোৱাৰা এই ঘটনাৰ দ্বাৰা পুনৰ দখল কৰা কিছুমান গুৰুত্বপূৰ্ণ অঞ্চল আছিল। জাহাজপুৰৰ ওচৰৰ ১৫৮৮ চনৰ শিলালিপি অনুযায়ী ৰাণাই পাণ্ডেৰৰ মাটি সদুলনাথ ত্ৰিবেদী নামৰ এজন বিশ্বাসযোগ্য অনুগামীক দিছিল। জি.এন. শৰ্মাই দাবী কৰে যে, পাণ্ডাৰৰ শিলালিপিয়ে ৰাণাই উত্তৰ-পূব মেৱাৰ দখল কৰি তেওঁৰ প্ৰতি আনুগত্যশীলসকলক মাটি প্ৰদান কৰি থকাৰ প্ৰমাণ।২৪২৫ ১৫৮৫ চনৰ পৰা মৃত্যুৰ আগলৈকে ৰাণাই মেৱাৰৰ এক বৃহৎ অংশ উদ্ধাৰ কৰিছিল। এই সময়তে মেৱাৰৰ পৰা প্ৰব্ৰজন কৰা নাগৰিকসকল ঘূৰি আহিবলৈ আৰম্ভ কৰে। ভাল বতৰৰ বাবে মেৱাৰৰ কৃষি খণ্ডই পুনৰুজ্জীৱিত হৈ পৰিছিল। মেৱাৰৰ অৰ্থনীতি ভাল হ’বলৈ ধৰিছিল আৰু অঞ্চলটোৰ বাণিজ্যও বৃদ্ধি পাইছিল। ৰাণাই চিত্তোৰৰ আশে-পাশে থকা অঞ্চলসমূহ দখল কৰিবলৈ সক্ষম হৈছিল যদিও চিত্তোৰক নিজেই দখল কৰাৰ সপোন পূৰণ কৰিব নোৱাৰিলে।২৬

মৃত্যু

খবৰ অনুসৰি, চাৱন্দত২৭ ৫৬ বছৰ বয়সত২৮ ১৫৯৭ চনৰ ১৯ জানুৱাৰী তাৰিখে মৃগয়া কৰিবলৈ গৈ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ প্ৰতাপৰ মৃত্যু হয়।২৯ তেওঁৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ প্ৰথম অমৰ সিংহই ৰাজপাটত বহে। মৃত্যুশয্যাত প্ৰতাপে পুত্ৰক কেতিয়াও মোগলৰ বশৱৰ্তী নহ’বলৈ আৰু চিত্তোৰক ঘূৰাই আনিব লাগে বুলি কৈছিল। কোৱা হয় যে মহাৰাণা প্ৰতাপৰ মৃত্যুৰ খবৰ পাই আকবৰো স্তম্ভিত হৈ পৰিছিল। আকবৰৰ দৰবাৰী কবি দুৰ্ছা আৰ্হাই মোগল দৰবাৰত মহাৰাণা প্ৰতাপৰ প্ৰশংসা কৰা বুলি কোৱা হয়।৩০

সোঁৱৰণ

উদয়পুৰৰ চিটি পেলেচত মহাৰাণা প্ৰতাপৰ প্ৰতিমূৰ্তি।
উদয়পুৰৰ চিটি পেলেচত মহাৰাণা প্ৰতাপৰ প্ৰতিমূৰ্তি।ছবি: Ankur P · CC BY-SA 2.0

মহাৰাণা প্ৰতাপ লোকসমাজ আৰু সমসাময়িক ৰাজস্থানী সংস্কৃতিৰ এগৰাকী বিশিষ্ট ব্যক্তি আৰু সেই ৰাজ্যখনৰ লগতে সামগ্ৰিকভাৱে ভাৰততো তেওঁক লোকনায়ক আৰু বিখ্যাত যোদ্ধা হিচাপে গণ্য কৰা হয়।৩১

ইতিহাসবিদ সতীশ চন্দ্ৰৰ টোকা –

“ৰাণা প্ৰতাপে শক্তিশালী মোগল সাম্ৰাজ্যক অৱজ্ঞা কৰি প্ৰায় অকলশৰীয়া আৰু আন ৰাজপুত ৰাষ্ট্ৰৰ সহায় নোলোৱাকৈ ৰাজপুত শৌৰ্য্য আৰু আদৰৰ নীতিৰ বাবে আত্মত্যাগৰ মনোভাৱৰ এক গৌৰৱময় কাহিনী গঠন কৰে। ৰাণা প্ৰতাপৰ গেৰিলা যুদ্ধৰ পদ্ধতিসমূহ পিছলৈ ডেক্কানী সেনাপতি মালিক অম্বৰ আৰু আৰু শিৱাজীয়ে অধিক বিশদভাৱে প্ৰকাশ কৰে। ’’৩২৩৩

বন্দ্যোপাধ্যায়েও সতীশ চন্দ্ৰৰ মতামতক এই পৰ্যবেক্ষণেৰে সমৰ্থন কৰে যে...

গেৰিলা কৌশল ব্যৱহাৰ কৰি প্ৰতাপে মোগলক সফল অৱজ্ঞা কৰাটোও শিৱাজীৰ পৰা আৰম্ভ কৰি বংগৰ ব্ৰিটিছ বিৰোধী বিপ্লৱীসকলৰ বাবে প্ৰেৰণাদায়ক বুলি প্ৰমাণিত হয়।৩৪

২০০৭ চনত ভাৰতৰ সংসদত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ দ্বাৰা মহাৰাণা প্ৰতাপৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।৩৫

জনপ্ৰিয় সংস্কৃতিত

চলচ্চিত্ৰ আৰু টেলিভিছন

  • ১৯৮৮–১৯৮৯: ভাৰত এক খোজ, দূৰদৰ্শনত সম্প্ৰচাৰিত, তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল পুনীত ইছাৰে
  • ২০১২: মহাৰাণা প্ৰতাপ: প্ৰথম স্বাধীনতা সংগ্ৰামী
  • ২০১৩–২০১৫: যোধা আকবৰ, জি টিভিত সম্প্ৰচাৰিত ধাৰাবাহিক, তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল অনুৰাগ শৰ্মাই
  • ২০১৩–২০১৫: ভাৰত কা বীৰ পুত্ৰ – মহাৰাণা প্ৰতাপ, চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছন (ভাৰত)ৰ দ্বাৰা সম্প্ৰচাৰিত ধাৰাবাহিক, য’ত তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল ফৈছাল খান আৰু শাৰদ মালহোত্ৰাই
  • ২০১৬: এবিপি নিউজে ভাৰতবৰ্ষ ধাৰাবাহিকৰ ৮ নং খণ্ডত মহাৰাণা প্ৰতাপৰ কাহিনী প্ৰদৰ্শিত কৰিছিল।
  • ২০২৩: জি ৫ (Zee5)ত ৱেবছিৰিজ তাজ: ডিভাইডড বাই ব্লাডত মহাৰাণা প্ৰতাপৰ চৰিত্ৰত দীপ্ৰাজ ৰাণা।

তথ্যসূত্ৰ

  1. ↑ Rana 2004, পৃ. 28, 105
  2. ↑ Sarkar, Jadunath. (1994). A History of Jaipur. Orient Blackswan. পৃ. 48. ISBN 978-8-12500-333-5
  3. ↑ Daryanani, Mohan B. (1999). Who's who on Indian Stamps. Mohan B. Daryanani. পৃ. 302. ISBN 978-8-49311-010-9
  4. ↑ Bhatt, Rajendra Shankar. (2005). Maharana Pratap. National Book Trust, India. ISBN 978-81-237-4339-4
  5. ↑ Sharma, Sri Ram. (2002). Maharana Pratap: A Biography. Hope India Publ. ISBN 978-81-7871-005-1
  6. ↑ Sharma, Gopi Nath; Mathur, M. N. Maharana Pratap & his times. Maharana Pratap Smarak Samiti. পৃ. 29
  7. ↑ Lal, Muni. (1980). Akbar. Vikas Publishers. পৃ. 135. ISBN 978-0-70691-076-6
  8. ↑ Majumdar 1974, পৃ. 234
  9. ↑ DeNapoli, Antoinette Elizabeth. (1 April 2014). Real Sadhus Sing to God: Gender, Asceticism, and Vernacular Religion in Rajasthan. Oxford University Press. পৃ. 49. ISBN 978-0-19-994002-8
  10. ↑ Talbot, Cynthia. (2016). The Last Hindu Emperor: Prithviraj Cauhan and the Indian Past, 1200–2000. Cambridge University Press. পৃ. 157. ISBN 978-1-107-11856-0
  11. ↑ Sarkar 1960, পৃ. 75
  12. ↑ Chandra 2005, পৃ. 119–120
  13. ↑ de la Garza 2016, পৃ. 56
  14. ↑ Raghavan 2018, পৃ. 67
  15. ↑ Jacques, Tony. (2006). Dictionary of Battles and Sieges. Greenwood Press. পৃ. 428. ISBN 978-0-313-33536-5
  16. ↑ Sarkar 1960, পৃ. 77–79
  17. ↑ de la Garza 2016, পৃ. 56
  18. ↑ Raghavan 2018, পৃ. 67
  19. ↑ Chandra 2005, পৃ. 121–122
  20. ↑ Chandra 2005, পৃ. 121–122
  21. ↑ Sharma, G. N. (1954). Mewar and the mughal emperors. Shiva Lal Agarwala & Co. পৃ. 113
  22. ↑ Hooja, Rima. (2018). Maharana Pratap: The Invincible Warrior. Juggernaut. পৃ. 158. ISBN 9789386228963
  23. ↑ Chandra 2005, পৃ. 122
  24. ↑ Chandra 2005, পৃ. 122
  25. ↑ Sharma, GN. (1962). Mewar and the Mughal Emperors: 1526-1707 A. D.. Shiva Lal Agarwala. পৃ. 103
  26. ↑ Hooja, Rima. (2006). A History of Rajasthan. Rupa & Company. পৃ. 473–474. ISBN 9788129115010
  27. ↑ Chandra 2005, পৃ. 122
  28. ↑ Gupta, R.K.; Bakshi, S.R. (2008). Studies In Indian History: Rajasthan Through The Ages The Heritage of Rajputs (Set Of 5 Vols.). পৃ. 46. ISBN 978-8-17625-841-8
  29. ↑ Sharma, Sri Ram. (2005). Maharana Pratap. Hope India Publications. পৃ. 91. ISBN 978-8-17871-003-7
  30. ↑ Not Available. Veer Vinod, (maharana Amar Singh Avval-pancham Prakaran)
  31. ↑ Nahar 2011, পৃ. 1.2
  32. ↑ Chandra, Satish. (1983). Medieval India. National Council for Educational Training and Research. পৃ. 153
  33. ↑ Meena, R. P. Rajasthan Year Book 2021
  34. ↑ Bandyopadhyay, Brishti. (2007). Maharana Pratap: Mewar's Rebel King. Rupa Co
  35. ↑ (21 August 2007). Maharana Pratap's statue unveiled. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাৰাণা প্ৰতাপ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৩৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।