২০০৪ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
বাৰুদ (চলচ্চিত্ৰ)
বাৰুদ ২০০৪ চনত মুক্তি লাভ কৰা এখন একশ্বন ধৰ্মী অসমীয়া চলচ্চিত্ৰ। মুনিন বৰুৱাই চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, ৰবি শৰ্মা আৰু প্ৰস্তুতি পৰাশৰে।
-
তৰা (অসমীয়া চলচ্চিত্ৰ)
তৰা (Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।
-
চামেলি (চলচ্চিত্ৰ)
চামেলি (Chameli) ২০০৪ চনৰ সুধীৰ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। এগৰাকী বেশ্যা আৰু এজন বিনিয়োগকাৰী বেংকাৰে একেলগে এৰাতি কটোৱাৰ ঘটনাক্ৰমক কেন্দ্ৰ কৰি কাহিনীটো গঢ় লৈ উঠিছে। ইয়াত কৰীনা কাপুৰ আৰু ৰাহুল বসুৱে অভিনয় কৰিছে।
-
জুলী (২০০৪ চলচ্চিত্ৰ)
জুলী (Julie ) এন আৰ পাচিছিয়াৰ প্ৰযোজিত আৰু দীপক শিৱদাসানীৰ পৰিচালিত, ২০০৪ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী এৰোটিক ছবি। ছবিখনত অভিনয় কৰিছে নেহা ধুপিয়া, প্ৰিয়াংশু চেটাৰ্জী, যশ টংক, সঞ্জয় কাপুৰ আৰু অচিন্ত কৌৰে।
-
শ্বাস (চলচ্চিত্ৰ)
শ্বাস ( Shwaas ) ২০০৪ চনত মুক্তি পোৱা এখন মাৰাঠী চলচ্চিত্ৰ। এইখন ২০০৪ চনৰ অস্কাৰ বঁটাত ভাৰতৰ আধিকাৰিক প্ৰৱিষ্টি আছিল আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ একাডেমী বঁটাৰ শাখাত ৬ নম্বৰ স্থান লাভ কৰিছিল। ইয়াৰ কাহিনীভাগ পুনেৰ এটা সঁচা ঘটনাৰ আধাৰত ৰচিত।