মালায়ালম ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
৬ প্ৰবন্ধ
-
অক্কিতম অচ্যুতম নম্বুথিৰী
অক্কিতম অচ্যুতম নম্বুথিৰী (Akkitham Achuthan Namboothiri; জন্ম: ১৮ মাৰ্চ, ১৯২৬ – ১৫ অক্টোবৰ, ২০২০), এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত।
-
কে আৰ মীৰা
কে আৰ মীৰা (K. R. Meera; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৭০) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু সাংবাদিক। তেওঁ মালয়ালম ভাষাত লিখা-মেলা কৰে। কেৰালাৰ কোল্লম জিলাৰ সস্তমকোট্টাত তেওঁৰ জন্ম হয়। 'মালায়লা মনোৰমা'ত তেওঁ সাংবাদিক হিচাপে কাম কৰিছিল, কিন্তু লেখা-মেলাত অধিক মনোনিৱেশ কৰিবৰ বাবে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰে।
-
বালামণি আম্মা
নালাপাত বালামণি আম্মা (Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালয়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল।
-
কে সচিদানন্দন
কে সচিদানন্দন (K sachidanandan; জন্ম: ২৮ মে', ১৯৪৬) এগৰাকী ভাৰতীয় কবি আৰু সমালোচক, যি মালয়ালম আৰু ইংৰাজী ভাষাত সাহিত্যকৃতি ৰচনা কৰে। তেওঁ এগৰাকী নাট্যকাৰ, স্তম্ভলেখক, সম্পাদক আৰু অনুবাদক। সচিদানন্দনক আধুনিক মালয়ালম কবিতাৰ অগ্ৰদূত বুলি কোৱা হয়।
-
কে আয়াপ্পা পানিকাৰ
ড° কে. আয়াপ্পা পানিকাৰ, বা আয়াপ্পা পানিকাৰ (Ayyappa Paniker জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩০ - ২৩ আগষ্ট ২০০৬) এগৰাকী মালায়ালম কবি আৰু সাহিত্য সমালোচক। তেওঁ আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য তত্ত্বৰ লগতে প্ৰাচীন ভাৰতীয় নান্দনিকতা আৰু সাহিত্য পৰম্পৰাৰ এগৰাকী শিক্ষাবিদ আৰু পণ্ডিতো আছিল।
-
সুগতা কুমাৰী
সুগতা কুমাৰী (২২ জানুৱাৰী ১৯৩৪ – ২৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় কবি আৰু সমাজকৰ্মী আছিল। তেওঁ দক্ষিণ ভাৰতৰ কেৰালাৰ পৰিৱেশ বিষয়ক আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী শীৰ্ষস্থানীয় নেত্ৰী আছিল। সুগতা কুমাৰীৰ পিতৃ কবি আৰু স্বাধীনতা সংগ্ৰামী বোধেশ্বৰণ আৰু মাতৃ সংস্কৃত পণ্ডিত ভি কে কাৰ্তিয়ায়িনী আম্মা।