অসমৰ প্ৰচাৰ মাধ্যম
২১ প্ৰবন্ধ
-
আকাশবাণী গুৱাহাটী
আকাশবাণী গুৱাহাটী প্ৰচাৰ ভাৰতীৰ অধীনস্থ আকাশবাণীৰ এটা ক্ষেত্ৰীয় অনাতাঁৰ সম্প্ৰচাৰ কেন্দ্ৰ, যিয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি অনুষ্ঠান সম্প্ৰচাৰ কৰে।
-
ডী ডী অসম
ডী ডী অসম (DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।
-
ৰং (দূৰদৰ্শন কেন্দ্ৰ)
ৰং (Rang) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ, ৰামধেনু, ইন্দ্ৰধনু আৰু নৰ্থ ইষ্ট লাইভ।
-
নিউজ লাইভ
নিউজ লাইভ (News Live) হৈছে ২৪ ঘণ্টীয়া অসমীয়া চেটেলাইট নিউজ চেনেল যিয়ে বাতৰি, সাম্প্ৰতিক পৰিস্থিতি আৰু ইনফ’টেইনমেণ্ট অনুষ্ঠান সম্প্ৰচাৰ কৰে। ইয়াৰ মালিক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড, গুৱাহাটী ভিত্তিক সংবাদ মাধ্যমৰ গোট যাৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
-
ডিৱাই ৩৬৫
ডি ৱাই ৩৬৫ (DY 365)হৈছে উত্তৰ-পূব ভাৰতৰ ২৪ ঘণ্টীয়া চেটেলাইট নিউজ চেনেল। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড আৰু পৰিচালন সঞ্চালক হৈছে দিপন্নিতা জয়ছৱাল।
-
প্ৰাগ নিউজ
প্ৰাগ নিউজ (Prag News) এটা ২৪ ঘণ্টীয়া অসমীয়া নিউজ চেনেল। এই চেনেলটোৱে বহু সময়তে ভ্ৰান্ত তথ্য আৰু ভুৱা খবৰ প্ৰচাৰ কৰাৰ বাবে সমালোচিত হৈছে। এই চেনেলটো ২০০১ চনৰ ৪ মাৰ্চ তাৰিখে কেবল-ভিত্তিক টেলিভিছন চেনেল হিচাপে আৰম্ভ হৈছিল।
-
প্ৰতিদিন টাইম
প্ৰতিদিন টাইম (Pratidin Time) অসমৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। এই চেনেলত মূলতঃ অসমীয়া ভাষাৰ বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, কলা-সংস্কৃতি আদি বিভিন্ন বিষয়ক অনুষ্ঠানৰ লগতে অসমীয়া চলচ্চিত্ৰও পৰিৱেশন কৰা হয়।
-
ৰেঙণি টিভি
ৰেঙণি হৈছে এটা অসমীয়া ভাষাৰ মনোৰঞ্জন-ধৰ্মী টিভি চেনেল। গুৱাহাটীৰ এ.এম. টেলিভিজন প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। এই চেনেল ২০১৩ চনৰ ৩ জুন তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন প্ৰকাৰৰ মনোৰঞ্জন-ধৰ্মী কাৰ্যক্ৰম সম্প্ৰচাৰ কৰা হয়।
-
ইন্দ্ৰধনু (দূৰদৰ্শন কেন্দ্ৰ)
ইন্দ্ৰধনু অসমৰ চলচ্চিত্ৰ বিষয়ক টিভি চেনেল। ২০১৭ চনৰ ৮ এপ্ৰিলত আনুষ্ঠানিক ভাৱে এই টিভি চেনেলৰ সম্প্ৰচাৰণ আৰম্ভ হৈছিল। গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এই চেনেলটোৰ গৰাকী।
-
ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)
ৰামধেনু (Ramdhenu) (দূৰদৰ্শন কেন্দ্ৰ) অসমীয়া ভাষাৰ এক সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল।
-
আকাশবাণী ডিব্ৰুগড়
আকাশবাণী ডিব্ৰুগড়(Akashvani Dibrugarh) (All India Radio, Dibrugarh) হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ ডিব্ৰুগড় জিলাত অৱস্থিত চৰকাৰী আকাশবাণী কেন্দ্ৰ। কেন্দ্ৰটোৱে পূব অসম তথা নিকটৱৰ্তী সীমান্তীয় অঞ্চলসমূহলৈ সংবাদ, সংস্কৃতি, শিক্ষামূলক কাৰ্যসূচী আৰু লোক-সংস্কৃতি প্ৰসাৰণ কৰি আহিছে।
-
নিউজ ১৮ অসম নৰ্থ ইষ্ট
নিউজ ১৮ অসম নৰ্থ ইষ্ট (News18 Assam North East) অসমৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট বাতৰি চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটোৰ গৰাকী নেটৱৰ্ক১৮ গোষ্ঠী। ইয়াত মূলতঃ অসমীয়া ভাষাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।
-
এন কে টিভি
এন কে টিভি (NKTV 24×7) অসমৰ এক ব্যক্তিগত খণ্ডৰ দূৰদৰ্শন কেন্দ্ৰ। ইয়াত অসমীয়া ভাষাত বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, চলচ্চিত্ৰ, কলা-সংস্কৃতি আদি বিষয়ক বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয়। ২০২১চনৰ ৩ মাৰ্চ তাৰিখৰ পৰা এন কে টিভিৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল।
-
জোনাক (দূৰদৰ্শন কেন্দ্ৰ)
জোনাক অসমীয়া ভাষাৰ মনোৰঞ্জনমূলক দূৰদৰ্শন কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে ইয়াৰ প্ৰচাৰণ আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হয়। ইয়াৰ ভগ্নী চেনেল হ'ল ডিৱাই ৩৬৫।
-
ফ'কাছ এন.ই.
ফ'কাছ এন.ই. (Focus NE) (পূৰ্বৰ এন.ই. টি.ভি.) উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট বাতৰি চেনেল আছিল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, ক'ক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱেশন কৰা হৈছিল।। বৰ্তমান এই চেনেলটো বন্ধ হৈছে।
-
অসম ৰাজপত্ৰ
অসম ৰাজপত্ৰ (The Assam Gazette) অসম চৰকাৰৰ চৰকাৰী ৰাজপত্ৰ। অসমৰ চৰকাৰৰ অধীনৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ে সাপ্তাহিক ভাবে অসমৰ ৰাজপত্ৰ প্ৰকাশ কৰে। অসমৰ চৰকাৰী ৰাজপত্ৰ হিচাপে ইয়াত চৰকাৰী আইন, জাননী, নিযুক্তি, পদোন্নতি আদি সম্পৰ্কে ঘোষণা আদি প্ৰকাশ কৰা আনুষ্ঠানিক পত্ৰিকা।
-
আকাশবাণী তেজপুৰ
আকাশবাণী তেজপুৰ (ইংৰাজী: Akashvani Tezpur) হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ নগৰত অৱস্থিত আকাশবাণীৰ এটা অনলাইন ৰেডিঅ' ষ্টেচন, যিটো ২০০৮ চনত স্থাপন কৰা হয়। পুৰণি গীত, অনুষ্ঠান আৰু বাতৰি প্ৰচাৰ কৰাই ইয়াৰ মুখ্য লক্ষ্য। এই ৰেডিঅ' ষ্টেচনটো এফএমৰ ১০২.৪ মেগাহাৰ্টচত উপলব্ধ।
-
আছাম টক্ছ
আছাম টক্ছ এটা অসমীয়া ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড।
-
সাদিন-প্ৰতিদিন গোষ্ঠী
সাদিন-প্ৰতিদিন গোষ্ঠী (ইংৰাজী: Sadin-Pratidin Group) অসমৰ এটা সংবাদ মাধ্যম বিষয়ৰ গোষ্ঠী। ১৯৮৯ চনত সাদিন নামৰ অসমীয়া সাপ্তাহিক কাকত প্ৰকাশৰ জৰিয়তে এই গোষ্ঠীটোৰ যাত্ৰা আৰম্ভ হয়। বৰ্তমান এই গোষ্ঠীটো Pratidin Media Network নামেৰেও পৰিচিত।
-
টাইম ৮
টাইম ৮ হৈছে উত্তৰ-পূব ভাৰতৰ এটা ডিজিটেল নিউজ প্লেটফৰ্ম, যি অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাতৰিৰ প্ৰদানৰ বাবে পৰিচিত। উত্তৰ-পূব অঞ্চলৰ পৰা অহা ৯টা ডিজিটেল মিডিয়া সংস্থাই একেলগে নতুনকৈ গঠন কৰা একক মঞ্চ NADCOMত টাইম ৮ ও এক সক্ৰিয় সদস্য।
-
বাৰ্তালাপ
বাৰ্তালাপ (Baartalaap) এটি ডিজিটেল মিডিয়া প্ৰতিষ্ঠান। ২০২১ চনৰ ২৩ জুন তাৰিখে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা বাৰ্তালাপ হৈছে এটা মনোৰঞ্জনধৰ্মী অনুষ্ঠান।ইয়াৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত।