১৯৮৬ বৰ্ষৰ চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
পাপৰি
পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।
-
এণ্টনী মোৰ নাম (চলচ্চিত্ৰ)
এণ্টনী মোৰ নাম ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত এখন এক্সন আৰু ৰহস্য ধৰ্মী অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন নিপ বৰুৱাই পৰিচালনা কৰিছিল। শইকীয়া এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল ধৰ্মকান্ত শইকীয়াই।
-
মা (চলচ্চিত্ৰ)
মা (Maa) ভবেন দাস পৰিচালিত ১৯৮৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। এন চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল এন চি দত্তই। সংগীত আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। মূল ভুমিকাত অভিনয় কৰিছে মলয়া গোস্বামী, মৃদুলা বৰুৱা, বিজু ফুকন আৰু নিপন গোস্বামীয়ে।
-
বান (চলচ্চিত্ৰ)
বান (Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।