১৯৯৫ বৰ্ষৰ চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
পানী (১৯৯৫ চলচ্চিত্ৰ)
পানী (Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ।
-
কথাপুৰুষন
কথাপুৰুষন ( Kathapurushan )) অদুৰ গোপালকৃষ্ণন ৰচিত আৰু পৰিচালিত ১৯৯৫ চনৰ মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াৰ প্ৰযোজক স্বয়ং গোপালকৃষ্ণন আৰু সহ-প্ৰযোজক এন.এইচ.কে.। ছবিখনত অভিনয় কৰিছে বিশ্বনাথন, মিনি নায়াৰ, অৰণমুলা প’ন্নম্মা, নৰেন্দ্ৰ প্ৰসাদ আৰু উৰ্মিলা উন্নী।
-
গুলাবী (১৯৯৫ চলচ্চিত্ৰ)
গুলাবী (Gulabi; ১৯৯৫ চনৰ এখন তেলেগু ৰোমান্টিক অপৰাধমূলক ছবি, যাৰ ৰচনা আৰু পৰিচালনা অভিষেক কৃষ্ণ বামছীৰ। ৰাম গোপাল বাৰ্মা আৰু অমিতাভ বচ্চন কৰ্প'ৰেশ্যন লিমিটেডৰ দ্বাৰা নিৰ্মিত এই ছবিখনত জে ডি চক্ৰৱৰ্তী আৰু মহেশ্বৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
সাথী লীলাৱতী (১৯৯৫ চলচ্চিত্ৰ)
সাথী লীলাৱতী (Sathi Leelavathi) ১৯৯৫ চনৰ বালু মহেন্দ্ৰৰ পৰিচালনা, সহ-লেখন, চিত্ৰগ্ৰহণ আৰু সম্পাদনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ কমেডী ছবি। ছবিখনত ৰমেশ অৰবিন্দ, কল্পনা (অভিনেত্ৰী) আৰু হীৰাই মুখ্য ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে কোভাই সৰলা আৰু কমল হাছানে।