হিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
১৬ প্ৰবন্ধ
-
হৰিবংশ ৰায় বচ্চন
হৰিবংশ ৰায় শ্ৰীবাস্তব "বচ্চন" (২৭ নৱেম্বৰ, ১৯০৭ - ১৮ জানুৱাৰী, ২০০৩) আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। 'হালাবাদ'ৰ প্ৰৱৰ্তক বচ্চন হ'ল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কালৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হ'ল তেখেতৰ প্ৰসিদ্ধ কৃতি।
-
ৰামধাৰী সিং দিনকৰ
ৰামধাৰী সিং দিনকৰ (২৩ চেপ্তেম্বৰ, ১৯০৮ - ২৪ এপ্ৰিল, ১৯৭৪) আছিল হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ আধুনিক যুগৰ শ্ৰেষ্ঠ 'বীৰ ৰস'ৰ কবি ৰূপে পৰিচিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাটত তেওঁৰ জন্ম হৈছিল।
-
ৰাহুল সাংকৃত্যায়ন
ৰাহুল সাংকৃত্যায়ন (Rahul Sankrityayan; राहुल सांकृत्यायन; ৯ এপ্ৰিল, ১৯৮৩ – ১৪ এপ্ৰিল, ১৯৬৩) এজন প্ৰখ্যাত ভাৰতীয় লেখক। জীৱনৰ পঞ্চলিশ বছৰ ঘৰৰ পৰা আঁতৰি ভ্ৰমণত কটোৱা সাংকৃত্যায়নক 'হিন্দী ভ্ৰমণ সাহিত্যৰ জনক' বুলি অভিহিত কৰা হয়। বিভিন্ন বিষয়ৰ ওপৰত তেখেতে প্ৰায় ডেৰশখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল।
-
কেদাৰনাথ সিং
কেদাৰনাথ সিং (Kedarnath Singh; জন্ম: ৭ জুলাই, ১৯৩৪ - মৃত্যু: ১৯ মাৰ্চ, ২০১৮) এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে। তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন 'অকাল ম্যে সাৰস' (ক্ৰেইনচ্ ইন ড্ৰৱ্ট)ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
কৃষ্ণা সোব্তি
কৃষ্ণা সোব্তি (Krishna Sobti; ১৮ ফেব্ৰুৱাৰী, ১৯২৫ – ২৫ জানুৱাৰী, ২০১৯) হ'ল এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ। সোব্তিক তেওঁৰ ১৯৬৬ চনৰ উপন্যাস 'মিত্ৰৌ মৰজানি'ৰ বাবে জনা যায়, য'ত বিবাহিত মহিলাৰ যৌনতাক সাহসিকতাৰে চিত্ৰন কৰা হৈছে।
-
শ্ৰীলাল শুক্লা
শ্ৰীলাল শুক্লা (Shrilal Shukla; জন্ম: ৩১ ডিচেম্বৰ, ১৯২৫ – ২৮ অক্টোবৰ, ২০১১)) এজন হিন্দী ভাষাৰ লেখক, যাক তেওঁৰ ব্যংগ লেখাৰ বাবে জনা যায়। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ এজন পিচিএচ (প্ৰিন্সিপাল চিভিল চাৰ্ভিছ) বিষয়া ৰূপে কৰ্মৰত আছিল, পিছত তেওঁ আই এ এছ লাভ কৰে।
-
অমৰকান্ত
অমৰকান্ত (Amarkant; জন্ম: ১৯২৫ – ১৭ ফেব্ৰুৱাৰী, ২০১৪) হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চেৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
হৰিশংকৰ পৰসাঈ
হৰিশংকৰ পৰসাঈ (২২ আগষ্ট, ১৯২৪ - ১০ আগষ্ট, ১৯৯৫) আছিল হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ। তেওঁৰ জন্ম মধ্যপ্ৰদেশৰ হোশাংগাবাদৰ অন্তৰ্গত জমানী নামে ঠাইত হৈছিল।
-
গোৱিন্দ মিশ্ৰ
গোৱিন্দ মিশ্ৰ (জন্ম ১ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় ঔপন্যাসিক। তেওঁ ৫৩ খনতকৈও অধিক কিতাপ লিখিছে। তেওঁ ভাৰতীয় ৰাজহ সেৱা (আইআৰএছ)ৰ এজন অসামৰিক কৰ্মচাৰী আছিল আৰু ১৯৯৭ চনত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
-
চিত্ৰা মুদগল
চিত্ৰা মোদগল (Chitra Mudgal জন্ম: ১০ ডিচেম্বৰ ১৯৪৩) এগৰাকী ভাৰতীয় লেখিকা আৰু আধুনিক হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেওঁৰ উপন্যাস 'আৱান'ৰ বাবে ব্যাস সন্মান লাভ কৰিছিল আৰু এই সন্মান লাভ কৰা তে প্ৰথম ভাৰতীয় মহিলা।
-
পদ্মা সচদেৱ
পদ্মা সচদেৱ (Padma Sachdev; ১৭ এপ্ৰিল ১৯৪০ – ৪ আগষ্ট ২০২১) এগৰাকী ভাৰতীয় কবি আৰু ঔপন্যাসিক আছিল। তেওঁ ডোগ্ৰী ভাষাৰ প্ৰথম আধুনিক মহিলা কবি। তেওঁ হিন্দীতো লিখিছিল। তেওঁৰ প্ৰকাশিত কেইবাটাও কবিতা সংকলনৰ ভিতৰত মেৰী কবিতা মেৰে গীত সংকলনটোৱে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
ভগৱতী চৰণ বৰ্মা
ভগৱতী চৰণ বৰ্মা (Bhagawati Charan Verma; ৩০ আগষ্ট, ১৯০৩ — ৫ অক্টোবৰ, ১৯৮১) আছিল হিন্দী সাহিত্যৰ এগৰাকী লেখক। তেওঁ হিন্দী ভাষাত বহুকেইখন উপন্যাস ৰচনা কৰিছে। ১৯৩৪ চনত প্ৰকাশিত চিত্ৰলেখা তেওঁৰ অন্যতম কৃতি। এই উপন্যাসখনৰ আধাৰতেই ১৯৪১ আৰু ১৯৬৪ চনত দুখনকৈ হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।
-
অনামিকা (কবি)
অনামিকা (জন্ম ১৭ আগষ্ট ১৯৬১) এগৰাকী সমকালীন ভাৰতীয় কবি, সমাজকৰ্মী আৰু উপন্যাসিকা। তেওঁ হিন্দী ভাষাত কবিতা আৰু উপন্যাস লিখে আৰু ইংৰাজী ভাষাত সমালোচনা ৰচনা কৰে। My Typewriter Is My Piano হ'ল ইংৰাজীত অনুবাদিত তেওঁৰ এটা কবিতা সংকলন।
-
প্ৰতিভা আগৰৱালা
প্ৰতিভা আগৰৱালা ( Prativa Agrawal; জন্ম: ১০ আগষ্ট ১৯৩০) উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এগৰাকী থিয়েটাৰ আৰ্কাইভিষ্ট, নাট্য অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, পৰিচালক, লেখিকা আৰু অনুবাদক। কলকাতাৰ থিয়েটাৰ সংগ্ৰহ আৰু গৱেষণা প্ৰতিষ্ঠান নাট্য শোধ সন্থাৰ প্ৰতিষ্ঠাপক।
-
ভীষ্ম চাহনী
ভীষ্ম চাহনী আধুনিক হিন্দী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য লেখক। ইয়াৰ লগতে তেওঁ অভিনয় ক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰ তথা সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত কৰ্মী। তেওঁৰ জন্ম হয় ১৯১৫ চনৰ ৮ আগষ্টত ৰাৱলপিন্দীত (অবিভাজিত পাঞ্জাবত)।
-
যশপাল
যশপাল সিং আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী আদৰ্শত বিশ্বাসী লোক। যশপালৰ জন্ম হৈছিল ১৯০৩ চনৰ ৩ ডিচেম্বৰত আৰু মৃত্যু হৈছিল ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত।