অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৱাজুদ্দিন ছিদ্দিকী

নৱাজুদ্দিন ছিদ্দিকী (Nawazuddin Siddiqui, জন্ম ১৯ মে' ১৯৭৪) ভাৰতীয় হিন্দী চিনেমা (বলিউড) জগতৰ এজন অভিনেতা। তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা, লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ৪৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নৱাজুদ্দিন ছিদ্দিকী (Nawazuddin Siddiqui, জন্ম ১৯ মে' ১৯৭৪) ভাৰতীয় হিন্দী চিনেমা (বলিউড) জগতৰ এজন অভিনেতা।১২ তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা, লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।৩ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত নৱাজুদ্দিন ছিদ্দিকী চাৰফোৰোচ (১৯৯৯) , শুল (১৯৯৯), আৰু মুন্না ভাই এম.বি.বি.এছ. (২০০৩) আদি ছবিত সৰু সৰু ভূমিকা পালন কৰিছিল।

ছিদ্দিকী প্ৰথমে স্বীকৃতি লাভ কৰে অনুৰাগ কাশ্যপৰ ব্লেক ফ্ৰাইডে (২০০৪) আৰু ২০১২ চনৰ গেংছ অৱ ৱাছেইপুৰ ছবিখনৰ বিখ্যাত সংলাপৰ বাবে।৪ইয়াৰ পিছত সহযোগী অভিনেতা হিচাপে দ্য লাঞ্চবক্স’’ (২০১৩) ছবি খনত যথেষ্ট সুনাম অৰ্জন কৰে আৰু ফিল্মফেৰ, সৰ্বশ্ৰেষ্ঠ সহযোগী অভিনেতা বঁটা লাভ কৰে। ইয়াৰ পিছত কিক (২০১৪) বজৰংগী ভাইজান (২০১৫) ৰমন ৰাঘৱ ২.০ (২০১৬) ৰইচ (২০১৭) ম'ম (২০১৭) মণ্টো (২০১৮) আদি চলচ্চিত্ৰত অভিনয়ৰ বাবে সমালোচনামূলক প্ৰশংসা লাভ কৰে।৫ ইয়াৰ উপৰি তেওঁ Sacred Games (২০১৮–২০১৯)৬ আৰু ব্ৰিটিছ McMafia (২০১৮). ধাৰাবাহিক দুখনৰ বলিষ্ঠ অভিনয়ৰ বাবে দুবাৰকৈ Emmy Award''লৈ মনোনীত হৈছিল।

জীৱনৰ পাতনি

নৱাজউদ্দিন ছিদ্দিকীৰ জন্ম হৈছিল ১৯৭৪ চনৰ ১৯ মে'ত১, উত্তৰ প্ৰদেশ, ভাৰত ৰ মুজাফৰনগৰ জিলাৰ বুধানা নামৰ সৰু চহৰ এখনৰ এটি জমিদাৰ মুছলমান১৭ পৰিয়ালত।৮ পৰিয়ালৰ আঠজন ভাই-ভনীৰ ভিতৰত তেওঁ সকলতকৈ ডাঙৰ।৯ছিদ্দিকী যৌৱনৰ বেছিভাগ সময় উত্তৰাখণ্ডত অতিবাহিত কৰে।.১০১১

ছিদ্দিকী হৰিদ্বাৰৰ গুৰুকুল কাংৰি বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।১২ ইয়াৰ পিছত তেওঁ এবছৰ বদোদৰাত ৰসায়নবিদ হিচাপে কাম কৰিছিল, তাৰ পিছত নতুন চাকৰিৰ সন্ধানত দিল্লীলৈ ৰাওনা হৈছিল। দিল্লীত এবাৰ নাটক এখন চোৱাৰ পাছতে অভিনয়ৰ প্ৰতি মুহূৰ্ততে আকৰ্ষিত হৈছিল। সেইবাবে তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন এছ ডি)ত নামভৰ্তি কৰিবলৈ চেষ্টা কৰে।১২নামভৰ্তিৰ বাবে মাপকাঠী পূৰণ কৰিবলৈ তেওঁ বন্ধু কেইজনমানৰ সৈতে দহখনতকৈ অধিক নাটকত অভিনয় কৰে, তাৰ ভিতৰত এটা দল দেৰাডুনৰ আছিল ১০১

কেৰিয়াৰ

আৰম্ভণি আৰু স্বীকৃতি (১৯৯৯–২০১২)

নৱাজউদ্দিন ছিদ্দিকী নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নামভৰ্ত্তি কৰে .১৩ আৰু ১৯৯৯ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি মুম্বাইলৈ গুচি যায়।১৪

১৯৯৯ চনত তেওঁ আমিৰ খান অভিনীত ছাৰফৰোছ(১৯৯৯) বোলছবিত এটা সৰু চৰিত্ৰ অভিনয় কৰি বলিউডত অভিষেক ঘটায়।১৫ ইয়াৰ পিছত তেওঁ ৰাম গোপাল বৰ্মাৰ শ্বুল (১৯৯৯) আৰু জংগল ছবিৰ লগতে ৰাজকুমাৰ হিৰানীৰ মুন্নাভাই এম বি বি এছ (২০০৩) ছবিত অভিনয় কৰে। মুম্বাইলৈ যোৱাৰ পিছত তেওঁ টেলিভিছনৰ ধাৰাবাহিকত কাম পাবলৈ চেষ্টা কৰিছিল যদিও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।১৬১৭২০০৩ চনত তেওঁ ইৰফান খানৰ সৈতে The Bypass নামৰ এখন চুটি ছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল।১৮ কিন্তু ২০০২ চনৰ পৰা ২০০৫ চনৰ সময়খিনিত তেওঁ প্ৰায় কৰ্মহীন হৈ পৰিছিল আৰু আন চাৰিজন সৈতে এটা ফ্লেটত বাস কৰিবলগীয়া হৈছিল, মাজে মাজে অভিনয় কৰ্মশালা অনুষ্ঠিত কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল।১৬২০০৪ চনটো তেওঁৰ জীৱনৰ অন্যতম বেয়া বছৰ আছিল, ছিদ্দিকিয়ে ৰুমভাড়া দিব পৰা নাছিল, সেয়ে তেওঁ এন এছ ডিৰ এজন জ্যেষ্ঠক অনুৰোধ কৰিলে যে তেওঁৰ লগত থাকিব পাৰিবনে?জ্যেষ্ঠজনে তেওঁক গোৰেগাঁও উপকণ্ঠ অঞ্চলত থকা নিজৰ এপাৰ্টমেণ্টটোত থাকিবলৈ অনুমতি দিলে কিন্তু তাৰ বিনিময়ত তেওঁৰ বাবে ৰন্ধা-বঢ়া কৰি দিব লাগিব।১৯২০০৪ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ছিদ্দিকিয়ে কেইটামান সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত ২০০৭ চনত ' 'Golden Leopard' ' ৰ মনোনীত হোৱা ব্লেক ফ্ৰাইডে (২০০৭) ছবিখনো আছিল। ২০০৯ চনত তেওঁ Dev D চিনেমাত "ইমোচনেল অত্যাচাৰ" গীতত ৰঙীলাৰ চৰিত্ৰত অভিনয় কৰে।সেই বছৰতে তেওঁ নিউয়ৰ্ক ছবিখনটো অভিনয় কৰে। কিন্তু ২০১০ চনত অনুষা ৰিজভিৰ ছবি পিপলি লাইভত তেওঁৰ সাংবাদিকৰ চৰিত্ৰত অভিনেতা হিচাপে ব্যাপক স্বীকৃতি লাভ কৰিছিল।২০২০১২ চনত তেওঁ প্ৰশান্ত ভাৰ্গৱৰ পাটাং: দ্য কাইটত অভিনয় কৰে, এইখন ছবি বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল।আৰু ছিদ্দিকিৰ অভিনয়ক প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক Roger Ebertয়ে প্ৰশংসা কৰে। আৰু তেওঁ অভিনেতাজনক Thumbsup Trophy বঁটা প্ৰদান কৰে। ইয়াৰ পিছত ছবিখনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত মুক্তি লাভ কৰে আৰু বহু চৰ্চা লাভ কৰে, দ্য নিউয়ৰ্ক টাইমছৰ পৰাও তেওঁ যথেষ্ট সমালোচনা লাভ কৰে।২১

তথ্যসূত্ৰ

  1. ↑ Siddiqui, Nawazuddin. (24 August 2015). Guftagoo with Nawazuddin Siddiqui. Sansad TV
  2. ↑ PTI (24 April 2017) Watch: Nawazuddin Siddiqui Explains That He Isn't Just a Muslim, But a Bit of All Religions HuffPost. Retrieved 24 April 2017
  3. ↑ (12 September 2015). Nawazuddin Siddiqui seen farming while on family vacation in UP. Hindustan Times
  4. ↑ IANS. (23 June 2025). Nawazuddin Shares Throwback Pic with Anurag Kashyap to Celebrate Wasseypur Legacy. news.abplive.com
  5. ↑ (29 November 2018). Manto director Nandita Das honoured at Asia Pacific Screen Awards; Nawazuddin Siddiqui named Best Actor. Firstpost
  6. ↑ (28 September 2018). GQ Men of the Year Awards 2018: Nawazuddin Siddiqui wins Actor of the Year, Saif Ali Khan is style legend. The Indian Express
  7. ↑ (2 August 2015). I've struggled for over 15 years, hope is what saw me through: Nawazuddin Siddiqui. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ Ram, Sharmila Ganesan. (22 October 2017). In Bollywood, the heroine is still a prop and the hero must dance and shoot people: Nawazuddin Siddiqui. The Times of India
  9. ↑ (July 2012). Nawazuddin Siddiqui:The ordinary star. Tehelka
  10. ↑ Roy, Ishani. Acting in Town Hall, star gazing in Maldevta: What makes Doon so special for Nawazuddin Siddiqui?. The Times of India
  11. ↑ (22 June 2013). Actor Nawazuddin's family caught in Uttarakhand weather havoc. ইণ্ডিয়া টুডে
  12. ↑ Bari, Nishat. (15 September 2012). Rural Rockstars: Nawazuddin Siddiqui carved his own space in Bollywood through his unique roles. ইণ্ডিয়া টুডে
  13. ↑ (4 November 2012). Bollywood diaries! Nawazuddin Siddiqui's journey from a watchman to darling of crossover cinema. ইণ্ডিয়া টুডে. Mail Today
  14. ↑ 'I learnt a long time ago to not let how I look affect me' — Nawazuddin Siddiqui. The Telegraph
  15. ↑ (1 August 2012). Aamir recommended me for 'Talaash': Nawazuddin
  16. ↑ (27 May 2012). My family counts only the Khans as actors. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  17. ↑ (15 March 2012). Nawazuddin Siddiqui on a roll. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ (25 August 2022). Irrfan Khan and Nawazuddin Siddiqui starrer The Bypass to be screened at the Bandra Film Festival. বলিউড হাংগামা
  19. ↑ Sinha, Chinki. (21 September 2012). Now Starring: Nawazuddin Siddiqui. openthemagazine
  20. ↑ Won't do second lead anymore: Nawazuddin Siddiqui CNN-IBN, 18 March 2012
  21. ↑ Saltz, Rachel. (14 June 2012). The Old Neighborhood, in India: 'Patang' ('The Kite'), Directed by Prashant Bhargava. The New York Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱাজুদ্দিন ছিদ্দিকী” প্ৰবন্ধৰ সংশোধন ৫৩৬৭৭৩ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।