বাণ (বা বাণাসুৰ) হিন্দু কিংবদন্তি মতে এজন সহস্ৰ বাহু থকা অসুৰ ৰজা আৰু বলিৰ পুত্ৰ।১২ শোণিতপুৰ জিলা (বৰ্তমানৰ তেজপুৰ)ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাণিক কাহিনী অনুসৰি বাণাসুৰ এজন কিৰাট ৰজা আছিল। আনহাতে হিমাচলৰ লোককথা মতে তেওঁ শোণিতপুৰৰ (বৰ্তমানৰ হিমাচল প্ৰদেশৰ চাৰাহন) ৰজা আছিল।৩
কিংবদন্তি
প্ৰতাপী অসুৰ ৰজা বাণাসুৰে এখন ডাঙৰ ৰাজ্য শাসন কৰিছিল। বিষ্ণুৰ কথা মতে বিশ্বকৰ্মাই প্ৰদান কৰা ৰাসলিংগক তেওঁ পূজা কৰিছিল। শিৱই তাণ্ডৱ কৰিলে ভক্ত বাণে তেওঁৰ সহস্ৰ বাহুৰে মৃদংগ বজাইছিল। বাণৰ ভক্তিত সন্তুষ্ট হৈ শিৱই তেওঁক বৰ দিয়ে আৰু বাণক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সময়ৰ লগে লগে বাণ নিষ্ঠুৰ আৰু দাম্ভিক হৈ উঠে। বহুতো ডেকাই কন্যাৰ পাণি গ্ৰহণ কৰিবলৈ বিচৰাত তেওঁ জীয়ৰী ঊষাক অগ্নিগড়ৰ দুৰ্গত বন্দী কৰি ৰাখে। এদিন ঊষাই সপোনৰ এজন পুৰুষক দেখা পাই প্ৰেমত পৰে। ঊষাৰ সখী আছিল বাণ ৰজাৰ মন্ত্ৰী কুম্ভাণ্ডৰ জী চিত্ৰলেখা। প্ৰতিভাবান চিত্ৰকৰ চিত্ৰলেখাই বহু ছবি আঁকি দেখুৱাই সপোনৰ পুৰুষজন কৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি চিনাক্ত কৰে। মায়াজালেৰে চিত্ৰলেখাই অনিৰুদ্ধক অপহৰণ কৰি ঊষাৰ ওচৰলৈ লৈ আহে।৪ এই কথা গম পাই বাণে অনিৰুদ্ধক বন্দী কৰি থয়। কৃষ্ণই অনিৰুদ্ধক মোকোলাবলৈ আহোঁতে বাণাসুৰৰ ৰক্ষক শিৱৰ লগত তেওঁৰ প্ৰচণ্ড যুঁজ হয়। এই যুদ্ধক হৰি-হৰ যুদ্ধ বোলে। যুদ্ধত তেজৰ নৈ বৈ যোৱা বাবে ঠাইডোখৰ পাছলৈ তেজপুৰ বা শোণিতপুৰ বুলি জনাজাত হয়। ব্ৰহ্মাৰ হস্তক্ষেপত কৃষ্ণ আৰু শিৱই যুঁজ বন্ধ কৰিবলৈ সৈমান হয়।৫৬৭৮ ইয়াৰ পাছত কৃষ্ণই বাণাসুৰৰ দুখন হাতৰ বাহিৰে সকলোবোৰ কাটি পেলায়।৯ বাণাসুৰে কৃষ্ণক ক্ষমা খোজে আৰু ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।
বংশ-পৰিয়াল
বাণাসুৰৰ বংশ এনে ধৰণৰ:১০
- ব্ৰহ্মাৰ পুত্ৰ মৰিচী
- মৰিচীৰ পুত্ৰ কাশ্যপ,
- কাশ্যপৰ পুত্ৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ
- হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ
- প্ৰহ্লাদৰ পুত্ৰ বিৰোচন
- বিৰোচনৰ পুত্ৰ বলি
- বলিৰ পুত্ৰ বাণাসুৰ
- বাণাসুৰৰ পত্নী আছিল কন্দলা।
মিডিয়া আৰু সাহিত্য
ভাৰতীয় মহাকাব্য মহাভাৰত আৰু পুৰাণত বাণাসুৰৰ কাহিনী বৰ্ণোৱা হৈছে। শক্তি দেৱীয়ে বিয়াৰ বাবে তেওঁক প্ৰত্যাখ্যান কৰাৰ কাহিনী তামিল সংগম সাহিত্যকৰ্ম মণিমেকলৈ আৰু পুৰাণানুৰু; ভট্টৱতাৰৰ বাণাসুৰ কথাত বৰ্ণিত হৈছে।১১ ওড়িয়া ভাষাত শিশু শংকৰ দাসে ১৫ শ শতিকাত ৰচনা কৰা মহাকাব্যিক কবিতা ঊষাভিলাষতো বাণৰ কাহিনী কোৱা হৈছে।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৪ বছৰ বয়সতে "শোণিত কুঁৱৰী" নাটক ৰচনা কৰিছিল।
১৯৬১ চনত ৰাজাৰাজেশ্বৰী ফিল্ম্ছৰ বেনাৰত কাডাৰু নাগাভূষণমে "ঊষা পৰিণয়ম" নামৰ এখন তেলেগু বোলছবি নিৰ্মাণ কৰিছিল। প্ৰখ্যাত তেলেগু অভিনেতা এছ ভি ৰংগা ৰাৱে বাণাসুৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।১২
লাইফ অ'কে টেলিভিজন চিৰিজ "দেৱ'ন কা দেৱ...মহাদেৱ"ত বাণাসুৰৰ চৰিত্ৰ পঞ্জৱী অভিনেতা বিক্ৰমজিত বিৰ্কে ৰূপায়ণ কৰিছিল।
Far Cry 4 নামৰ ভিডিঅ' গেইমতো বাণাসুৰৰ চৰিত্ৰ আছে।
গ্ৰন্থপঞ্জী
- Dictionary of Hindu Lore and Legend by Anna Dhallapiccola
- Acharya Chandra Shekhar Shastri: Puranon ki Anmol Kahanian, 2006
তথ্যসূত্ৰ
- ↑ krishna.com - Glossary description
- ↑ Kumar, Anu. (30 November 2012). Banasura: The Thousand-Armed Asura. Hachette India. ISBN 978-93-5009-537-9
- ↑ - Shri Bhima Kali Temple
- ↑ M. Padmanabhan; Meera Ravi Shankar. (1 August 2004). Tales of Krishna from Mahabharatha. Sura Books. পৃ. 56–57. ISBN 978-81-7478-417-9
- ↑ Vanamali. (2012). The Complete Life of Krishna. Simon and Schuster. ISBN 1594776903
- ↑ Stephen Knapp. Krishna Deities and Their Miracles. Prabhat Prakashan
- ↑ (2009). Krishna. Har Anand Publications. পৃ. 68. ISBN 8124114226
- ↑ Chandra sekhar Singh. The Purans volume-02. Lulu.com. ISBN 1365593274
- ↑ Banasur - demon with a thousand arms. sagarworld.com
- ↑ Bhaleram Beniwal: Jāt Yodhāon ke Balidān, Jaypal Agencies, Agra 2005
- ↑ Kalla, Krishan Lal. The Literary Heritage of Kashmir. Mittal Publications. পৃ. 11
- ↑ Usha Parinayam 1961 film at IMDb.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণাসুৰ” প্ৰবন্ধৰ সংশোধন ৪৩১২৫০ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।