কৰ্কট ৰোগত মৃত্যু
১৫ প্ৰবন্ধ
-
চন্দ্ৰপ্ৰভা শইকীয়ানী
চন্দ্ৰপ্ৰভা শইকীয়ানী (১৯০১–১৯৭২) অসমৰ শিক্ষয়িত্ৰী, ঔপন্যাসিকা, সমাজসেৱী আৰু স্বাধীনতা সংগ্ৰামী। অসমীয়া নাৰী-আন্দোলনৰ পথ প্ৰদৰ্শক আৰু সদৌ অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম হিচাপে তেওঁ স্বীকৃত।
-
ঋষি কাপুৰ
ঋষি কাপুৰ (Rishi Kapoor; ৪ ছেপ্টেম্বৰ ১৯৫২ – ৩০ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়।
-
নাৰ্গিছ
নাৰ্গিছ দত্ত (পূৰ্বৰ নাম ফাতিমা ৰছিদ; ১ জুন ১৯২৯ – ৩ মে' ১৯৮১), বহুকেইখন ধ্ৰুপদী বলিউড চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। হিন্দী বোলছবিৰ অন্যতম মহান অভিনেত্ৰী হিচাপে পৰিগণিত নাৰ্গিছে পাঁচবছৰ বয়সতে 'তালাছ-এ-হক' (১৯৩৫) চলচ্চিত্ৰত সৰু চৰিত্ৰ এটাৰে অভিনয়ৰ পাতনি মেলিছিল।
-
কল্পনা লাজমী
কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী-সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত।
-
মিতালী চৌধুৰী
মিতালী চৌধুৰী (Mitali Choudhury; ১০ জানুৱাৰী ১৯৬০-২৬ মাৰ্চ, ২০১১) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ১৯৬০ চনৰ ১০ জানুৱাৰীত গুৱাহাটীৰ ৰিহাবাৰীত জন্ম লাভ কৰা চৌধুৰীয়ে "বুঢ়া লুইতৰ বিশাল বাহু", "কেতিয়াবা মোৰ", "প্ৰথম দেখাৰ মধুবেলা", "ৰাতি মায়াবিনী", "বন বননিত আঁচল উৰুৱাই", "মোৰ…
-
উপেন্দ্ৰনাথ ব্ৰহ্ম
উপেন্দ্ৰনাথ ব্ৰহ্ম (उपेन्द्रनाथ ब्रह्मा) (জ. ৩১ মাৰ্চ, ১৯৫৭ - মৃ. ১ মে, ১৯৯০ বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মানেৰে 'বড়োফা' (বড়োসকলৰ পিতৃ) বুলি আখ্যা দিয়া হৈছে।
-
বিৰুবালা ৰাভা
বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী-হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী-সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে।
-
কমলা ভাচিন
কমলা ভাচিন (Kamla Bhasin; জন্ম: ২৪ এপ্ৰিল, ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২১) হ'ল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে। তেওঁ ভাৰতৰ নতুন দিল্লী নিবাসী আছিল।
-
ডি ৰামানাইডু
ডগ্গুবটি ৰামানাইডু ( ইংৰাজী: Daggubati Ramanaidu; ৬ জুন ১৯৩৬ – ১৮ ফেব্ৰুৱাৰী ২০১৫) তেলেগু চলচ্চিত্ৰৰ সৈতে জড়িত এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ১৯৬৪ চনত তেওঁ সুৰেশ প্ৰডাকচন প্ৰতিষ্ঠা কৰে, যি ভাৰতৰ অন্যতম বৃহৎ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানীত পৰিণত হয়।
-
দিলীপ চৌধুৰী
দিলীপ চৌধুৰী (Dilip Choudhuri) হৈছে এগৰাকী অসমীযা সংগীতৰ একান্ত সাধক।
-
শ্ৰীলা মজুমদাৰ
শ্ৰীলা মজুমদাৰ (Sreela Majumdar; ১৯৫৮/১৯৫৯ – ২৭ জানুৱাৰী ২০২৪) বাংলা ভাষাৰ চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰয়াত ভাৰতীয় অভিনেত্ৰী। ‘চোখৰ বালি’ (২০০৩) ছবিখনত তেওঁ ঐশ্বৰ্য ৰায়ৰ বাবে ভইচ ডাবিং কৰিছিল।
-
প্ৰাণ কুমাৰ শৰ্মা
প্ৰাণ কুমাৰ শৰ্মা (Pran Kumar Sharma),(১৫ আগষ্ট, ১৯৩৮- ৬ আগষ্ট, ২০১৪), 'প্ৰাণ' ৰূপে প্ৰসিদ্ধ, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিক চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ইয়াৰ উপৰিও তেওঁ শ্ৰীমতীজী, পিংকী, বিল্লু, ৰমণ আদি কমিক চৰিত্ৰৰ সৃষ্টি কৰিছে।
-
লক্ষ্মী ছায়া
লক্ষ্মী ছায়া ( Laxmi Chhaya; ৭ জানুৱাৰী ১৯৪৮ – ৯ মে' ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী, তেওঁ ৰূপায়ণ কৰা বিশিষ্ট চৰিত্ৰ আৰু হিন্দী ছবিত অভিনয়ৰ বাবে পৰিচিত আছিল। শিশু অভিনেতা হিচাপে বহুতো ছবিত অভিনয় কৰাৰ পিছত ছায়াই হৰৰ ছবি গুমনামত (১৯৬৫) দেখা দিছিল।
-
দশৰথ মাঝি
দশৰথ মাঝি ( ১৯৩৪ – ১৭ আগষ্ট, ২০০৭), (মাউন্টেইন মেন হিচাপে বিখ্যাত) বিহাৰৰ গয়াৰ সমীপৰ গেহলুৰ নামৰ এখন গাঁৱৰ এজন দুখীয়া শ্ৰমিক, যি কেৱল এটা হাতুৰী আৰু বটালী লৈ এটা পাহাৰ কাটি তাৰ মাজেদি ৰাস্তা উলিয়াইছিল৷ সুদীৰ্ঘ ২২ বছৰৰ অন্তত গয়াৰ আট্ৰি আৰু ৱাজিগাওৰ মাজৰ ৫৫ কিমি দৈঘ্যৰ পথটো তেওঁ পাহাৰৰ মাজেৰে বাট…
-
পাপিয়া সৰৱাৰ
পাপিয়া সৰৱাৰ (Papia Sarwar) (২১ নৱেম্বৰ ১৯৫২ - ১২ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী তথা ৰবীন্দ্ৰ সংগীতৰ বিশিষ্ট পৰিবেশক আছিল। সংগীতত তেওঁৰ অসাধাৰণ দক্ষতা তথা নিখুঁত পৰিৱেশন শৈলীৰ বাবে তেওঁ সংগীতপ্ৰেমীসকলৰ মাজত অতি জনপ্ৰিয় আছিল।