জুবিন গাৰ্গ অভিনিত চলচ্চিত্ৰ
৮ প্ৰবন্ধ
-
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু এন. কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি।
-
দীনবন্ধু (চলচ্চিত্ৰ)
দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয়, গোপাল জালান প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত বহুপঠিত "যৌতুক" নামৰ গল্প আৰু পিছলৈ আৱাহন থিয়েটাৰৰ বাবে লিখা "দীনবন্ধু" নাটকৰ ওপৰত ভিত্তি কৰি এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।
-
গানে কি আনে
গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা।
-
মন যায় (চলচ্চিত্ৰ)
মন যায় (ইংৰাজী: I Feel Like) হৈছে, ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। 'মৈৰঙঠম মুভিজ'ৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী…
-
মিছন চাইনা (চলচ্চিত্ৰ)
মিছন চাইনা (Mission China) হ'ল ২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত মুক্তি লাভ কৰা এখন এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া…
-
কাঞ্চনজংঘা (চলচ্চিত্ৰ)
কাঞ্চনজংঘা হ'ল ২০১৯ চনত মুক্তি পোৱা আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত নিৰ্মাণ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।
-
ৰ'দৰ চিঠি
ৰ'দৰ চিঠি (Scare Crow) ২০১৪ চনৰ ৭ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। বাহাৰুল ইছলামে পৰিচালনা কৰা এই ছবিখন দেশৰ বিভিন্ন ঠাইত সমাদৃত সীমাৰ সিপাৰে নাটখনৰ আলমত নিৰ্মাণ কৰা হৈছে। এই ছবিখন অল্টাৰনেটিভ চিনেমেটিক্সৰ হৈ ইক্ৰামূল মজিদে প্ৰযোজনা কৰিছে।
-
ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)
ৰৈ ৰৈ বিনালে (Roi Roi Binale) ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত ২০২৫ চনৰ ভাৰতীয় অসমীয়া সংগীতময় ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনীভাগ লিখিছে জুবিন গাৰ্গে। চলচ্চিত্ৰখন ২০২৫ চনৰ ৩১ অক্টোবৰত ভাৰতত দেশজুৰি মুক্তিলাভ কৰে।