অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অজিত ডোভাল

অজিত কুমাৰ ডোভাল, কেচি (Ajit Kumar Doval) (জন্ম ২০ জানুৱাৰী ১৯৪৫) ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পঞ্চম আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (National Security Advisor)। এইক্ষেত্ৰত তেওঁৰ প্ৰাথমিকতা কেবিনেট মন্ত্ৰীৰ সমান।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৬ ৪৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অজিত কুমাৰ ডোভাল, কেচি (Ajit Kumar Doval) (জন্ম ২০ জানুৱাৰী ১৯৪৫) ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পঞ্চম আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (National Security Advisor)। এইক্ষেত্ৰত তেওঁৰ প্ৰাথমিকতা কেবিনেট মন্ত্ৰীৰ সমান।১২ তেওঁ ২০০৪-০৫ বৰ্ষত ইণ্টেলিজেঞ্চ ব্যুৰোৰ(National Security Advisor) সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত তেওঁ অপাৰেচন শাখাৰ মুৰব্বী হিচাপে এক দশক অতিবাহিত কৰিছিল। জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ ক্ষেত্ৰতো তেওঁক এক সহায়ক ব্যক্তি হিচাপে গণ্য কৰা হয়। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ এজন অৱসৰপ্ৰাপ্ত সদস্য।

প্ৰাৰম্ভিক জীৱন

ডোভালৰ জন্ম ১৯৪৫ চনত পাউৰী গড়ৱালৰ ঘিৰি বানেলচ্যুন গাঁৱত পূৰ্বৰ সংযুক্ত প্ৰদেশৰ গড়ৱালী ব্ৰাহ্মণ পৰিয়ালৰ, বৰ্তমান উত্তৰাখণ্ডত হৈছিল। ডোভালৰ দেউতাক মেজৰ জি এন ডোভাল ভাৰতীয় সেনা (Indian Army) এজন বিষয়া আছিল।৩৪

তেওঁ ৰাজস্থানৰ আজমেৰৰ “আজমেৰ মিলিটাৰী স্কুল” (পূৰ্বতে কিং জৰ্জৰ ৰয়েল ইণ্ডিয়ান মিলিটাৰী স্কুল)ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। তেওঁ ১৯৬৭ চনত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৫ কৌশলগত আৰু নিৰাপত্তা বিষয়ত, “বিজ্ঞান আৰু সাহিত্যত” দেখুৱা অৱদানৰ বাবে ক্ৰমান্বয়ে ২০১৭ চনৰ ডিচেম্বত আগ্ৰা বিশ্ববিদ্যালয়ত আৰু ২০১৮ চনৰ মে’ত কুমাউন বিশ্ববিদ্যালয়ত তেওঁক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হৈছিল।৬৭ অজিত ডোভালক ২০১৮ চনৰ নৱেম্বৰ ত এমিটি বিশ্ববিদ্যালয়ৰ দ্বাৰা দৰ্শনত সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰা হৈছিল।৮৯

ভাৰতীয় আৰক্ষী সেৱাত কৰ্ম জীৱন

আৰক্ষী কৰ্ম জীৱন

ডোভালে ১৯৬৮ চনত কেৰালা কেডাৰত কোট্টায়াম জিলাৰ এ.এছ.পি হিচাপে ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল। তেওঁ কেৰালা আৰু পাঞ্জাৱত বিদ্ৰোহ বিৰোধী অভিযানত সক্ৰিয়ভাৱে জড়িত আছিল।১০১১

টুৰুক চিটি

ডোভালে ১৯৭২ চনৰ ২ জানুৱাৰীৰ পৰা ১৯৭২ চনৰ ৯ জুনলৈ কেৰালাৰ থালাচেৰীত কিছু সময়ৰ বাবে কাম কৰিছিল। ডোভাল, সেই সময়ত কোট্টায়ামত এ.এছ.পি আছিল, তদানীন্তন গৃহ মন্ত্ৰী কে.কৰুণাকৰণে দায়িত্ব অৰ্পণ কৰিছিল। যদিও ১৯৭১ চনৰ ২৮ ডিচেম্বৰত থালাচেৰীত আৰম্ভ হোৱা দাঙ্গা মাত্ৰ কেইদিনমান ধৰি চলিছিল, কৰুণাকৰণে ইয়াক আৰু অধিক বৃদ্ধি হোৱাটো প্ৰতিহত কৰিব বিচাৰিছিল, যাৰ পিছত ডোভালক কৰ্তব্যত ৰখা হৈছিল। থালাচেৰী পোৱাৰ লগে লগে,তেওঁ সেই সময়ত কান্নুৰ টাউন আৰক্ষী থানাত এছ.আই. আছিল। তেওঁৰ প্ৰধান উদ্দেশ্য আছিল দাঙ্গাকাৰীসকলে লুণ্ঠন কৰা সম্পত্তিবোৰ উদ্ধাৰ কৰা। তেওঁ লুণ্ঠনকাৰীসকলক সমাজৰ সন্মুখত আনিছিল, হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে কাৰ্যকৰী কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছিল আৰু এসপ্তাহৰ ভিতৰত এই সকলোবোৰক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিছিল। তেওঁ কৈছিল, “যদিও মই সেই সময়ত থালাচেৰীত নাছিলো, মই তেওঁৰ বিষয়ে শুনিছো আৰু ইয়াত কোৱা হৈছিল যে তেওঁ এজন দুঃসাহসী আৰক্ষী বিষয়া আছিল। যাৰ সপোন আছিল, এজন প্ৰাক্তন আই.পি.এছ বিষয়া”। এ কে বাসুদেৱনে কৈছিল, তেওঁ এজন মালাবাৰ বিশেষ আৰক্ষীৰ (দাঙ্গাৰ পিছত থালাচেৰীত নিয়োজিত এম.এছ.পি) কমাণ্ডেণ্ট আছিল। তেওঁ থালাচেৰীত পাঁচ মাহ কাম কৰিছিল আৰু তাৰ পিছত তেওঁ কেন্দ্ৰীয় সেৱাত যোগদান কৰিছিল।

বুদ্ধিমত্তাৰ কৰ্মজীৱন:

অজিত ডোভালে ভাৰতৰ সৈতে ছিকিমৰ একত্ৰীকৰণৰ বাবে বুদ্ধিমত্তাত ভূমিকা পালন কৰিছিল। তেওঁ সন্ত্ৰাসবাদ বিৰোধী অভিযানত কিছু সময়ৰ বাবে ভাৰতৰ তৃতীয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা এম কে নাৰায়ণনৰ অধীনত প্ৰশিক্ষণ দিয়া হৈছিল। তেওঁ ইণ্ডিয়ান এয়াৰলাইনছৰ আইচি-৮১৪ৰ যাত্ৰীসকলৰ মুক্তিৰ বাবে আলোচনা কৰিবলৈ কান্দাহাৰলৈ প্ৰেৰণ কৰা দলটোৰ এটা অংশ আছিল। তেওঁ অতিৰিক্ত সঞ্চালক আৰু চোৰাংচোৱা বোৰৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছত তেওঁক চোৰাংচোৱা বোৰৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (31 May 2014). डोवाल बने राष्ट्रीय सुरक्षा सलाहकार. BBC
  2. ↑ Donthi, Praveen. (September 2017). Ajit Doval in theory and practice. The Caravan
  3. ↑ Semwal, GP. (23 June 2014). Doval laments Uttarakhand's poor pace of development, growth. The Pioneer
  4. ↑ (2016-12-21). Top positions in country's security establishments helmed by men from Uttarakhand. The Times of India
  5. ↑ (30 August 2017). Ajit Doval: The most powerful person in India after PM Modi. The Economic Times
  6. ↑ Siraj Qureshi. (6 December 2017). Colleges, universities have responsibilities to impart skills to students: Ajit Doval. India Today
  7. ↑ Santoshi, Neeraj. (2018-05-18). NSA Ajit Doval has a four-point mantra for success. Hindustan Times
  8. ↑ PTI. (3 November 2018). India's 'human capital' can counter China's 'rare mineral wealth': NSA Ajit Doval. The New Indian Express
  9. ↑ (3 November 2018). Amity awards more than more than 7700 degrees and diplomas upon qualified graduands during the third day of Convocation 2018. alumni.amity.edu (Amity Alumni Association)
  10. ↑ Paul, Cithara. (27 February 2020). How Ajit Doval, the Centre's man Friday, suppressed a riot in Kerala in 1972. The Week
  11. ↑ Ullekh, N. P. (19 June 2018). Kannur: Inside India's Bloodiest Revenge Politics. ISBN 9789353051051

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজিত ডোভাল” প্ৰবন্ধৰ সংশোধন ৫৭২৩৮৯ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।