ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া
৫ প্ৰবন্ধ
-
কুলধৰ শইকীয়া
কুলধৰ শইকীয়া (Kuladhar Saikia; চমুকৈ কুল শইকীয়া) ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান (এপ্ৰিল ২০১৮ - নৱেম্বৰ ২০১৯)। তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক লগতে অসম সাহিত্য সভাৰ সভাপতি আছিল।
-
কিৰণ বেদী
কিৰণ বেদী (Kiran Bedi, ਕਿਰਣ ਬੇਦੀ) ভাৰতবৰ্ষৰ এগৰাকী সমাজ সংস্কাৰক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। ১৯৭২ চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া।
-
ভাস্কৰ জ্যোতি মহন্ত
ভাস্কৰ জ্যোতি মহন্ত (Bhaskar Jyoti Mahanta, জন্ম: ২৪ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া।
-
চি.ডি. সাহায়
চি ডি সাহায় (C.D. Sahay) এজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া যিয়ে ২০০৩ চনৰ ১ এপ্ৰিলৰ পৰা ২০০৫ চনৰ ৩১ জানুৱাৰীলৈকে ভাৰতৰ বহিঃ চোৰাংচোৱা সংস্থা গৱেষণা আৰু বিশ্লেষণ উইং (আৰ এণ্ড এ ডব্লিউ)ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
তপন ডেকা
তপন কুমাৰ ডেকা (Tapan Kumar Deka; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু বৰ্তমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ২৮ সংখ্যক সঞ্চালক প্ৰধান। তেওঁ হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ (৪১আৰ আৰ) ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া।