বিজ্ঞানী
৫৬ প্ৰবন্ধ
-
মেক্স প্লেংক
মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লেংক (Max Karl Ernst Ludwig Planck; এপ্ৰিল ২৩, ১৮৫৮ – অক্টোবৰ ৪, ১৮৪৭) আছিল এগৰাকী জাৰ্মান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।
-
ৰ্যনে দেকাৰ্ত
ৰ্যনে দেকাৰ্ত (René Descartes,; ৩১ মাৰ্চ ১৫৯৬ – ১১ ফেব্ৰুৱাৰী ১৬৫০) এজন ফৰাচী দাৰ্শনিক, বিজ্ঞানী আৰু গণিতজ্ঞ আছিল, যাক আধুনিক দৰ্শন আৰু বিজ্ঞানৰ উদ্ভৱনৰ ক্ষেত্ৰত এক প্ৰাথমিক ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়।
-
আলেকজেণ্ডাৰ গ্ৰাহাম বেল
আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) হৈছে বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল।
-
জেমছ ক্লাৰ্ক মেক্সৱেল
জেমছ ক্লাৰ্ক মেক্সৱেল এফ আৰ এছ ই এফ আৰ এছ (১৩ জুন ১৮৩১ - ৫ নৱেম্বৰ ১৮৭৯) এজন স্কটিছ গণিতজ্ঞ আৰু বিজ্ঞানী আছিল। তেওঁ তড়িৎ-চুম্বকীয় তৰংগৰ সৰ্বোত্তম তত্ত্ব বৰ্ণনা কৰিছিল, যাৰ সহায়ত বিদ্যুৎ, চুম্বকত্ব আৰু পোহৰক একে শক্তিৰ ভিন্ন ৰূপৰূপে বৰ্ণনা কৰা সম্ভৱ হৈছিল।
-
আলেছেন্দ্ৰো ভল্টা
আলেছেন্দ্ৰো ভল্টা (en-Alessandro Giuseppe Antonio Anastasio Volta)(; ১৮ ফেব্ৰুৱাৰি ১৭৪৫ – ৫ মাৰ্চ ১৮২৭) হৈছে এগৰাকী ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী। তেওঁক বিদ্যুৎ আৰু বিদ্যুৎ শক্তিৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়। বৈদ্যুতিক কোষ আৰু মিথেন গেছৰ উদ্ভাৱন তেওঁৰ এক চিৰস্মৰণীয় কীৰ্তি।
-
টাচুকু হঞ্জ'
টাচুকু হঞ্জ' Tasuku Honjo এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত। তেওঁ লগতে চাইট'কাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আৱিষ্কাৰক হিচাপে জনাজাত।
-
নিক'লা টেছলা
নিক'লা টেছলা (Nikola Tesla) (১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।
-
সুভাষ মুখোপাধ্যায়
সুভাষ মুখোপাধ্যায় (Subhash Mukherjee; ১৬ জানুৱাৰী ১৯৩১ – ১৯ জুন ১৯৮১) এজন ভাৰতীয় বিজ্ঞানী আৰু চিকিৎসক। তেওঁ ইন-ভিট্ৰ' ফাৰ্টিলাইজেচন পদ্ধতি ব্যৱহাৰ কৰি বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ প্ৰথম মানৱ সন্তান কানুপ্ৰিয়া আগৰৱালক (দুৰ্গা) জন্ম দিয়াইছিল।
-
ৱিলিয়াম হাৰ্ভি
ৱিলিয়াম হাৰ্ভি (William Harvey, ১ এপ্ৰিল ১৫৭৮ – ৩ জুন ১৬৫৭) এজন ইংৰাজ চিকিৎসক আছিল যি শৰীৰস্থান আৰু শৰীৰতত্বলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছিল। তেৱেঁই প্ৰথমজন চিকিৎসক যিজনে হৃদপিণ্ডৰদ্বাৰা তেজ মগজু আৰু শৰীৰৰ আন অংশলৈ পাম্প কৰাৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ লগতে পাল্ম'নেৰী (pulmonary) আৰু ছিষ্টেমিক…
-
আণ্ড্ৰে মেৰি এম্পিয়েৰ
আণ্ড্ৰে মেৰি এম্পিয়েৰ (en-André-Marie Ampère) (;; ২০ জানুৱাৰী ১৭৭৫-১০ জুন ১৮৩৬) আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ…
-
জেন গুডঅল
ডেম জেন মৰিছ গুডঅল(Dame Jane Morris Goodall) (; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪-১ অক্টোবৰ ২০২৫), পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু…
-
জেমছ পি. এলিচন
জেমছ পি. এলিচন (James P. Allison; জন্ম: ৭ আগষ্ট ১৯৪৮) এজন আমেৰিকান ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বৰ্তমান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান আসনৰ অধ্যাপক আৰু ৰোগ প্ৰতিৰোধ থেৰাপি চিকিৎসাৰ সঞ্চালক। তেওঁৰ আবিষ্কাৰ সমূহে কৰ্কট ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ নতুন দিশ সূচনা কৰিছে।
-
জোছেফ শ্বান
ছাৰ জোছেফ ৱিলছন শ্বান (Sir Joseph Wilson Swan, ৩১ অক্টোবৰ ১৮২৮-২৭ মে' ১৯১৪) আছিল এগৰাকী ইংৰাজ পদাৰ্থ বিজ্ঞানী, ৰসায়নবিদ আৰু উদ্ভাৱক। বিজুলী বাতিৰ এগৰাকী স্বতন্ত্ৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্ভাৱক হিচাপে শ্বান পৰিচিত।
-
মাইকেল ডব্লিউ. ইয়ং
মাইকেল ৱাৰেন ইয়ং (Michael Warren Young; জন্ম: ২৮ মাৰ্চ ১৯৪৯) এজন আমেৰিকান ক্ৰন'বায়লজীষ্ট আৰু বংশগতি বিজ্ঞানী। তেওঁ প্ৰায় তিনি দশক জুৰি জেনেটিকেলি নিয়ন্ত্ৰিত নিদ্ৰাৰ পেটাৰ্ণ আৰু Drosophila melanogaster (ফ্ৰুট ফ্লাই) ৰ অনিদ্ৰাৰ ওপৰত গৱেষণা কৰিছিল।
-
সুনেত্ৰা গুপ্তা
সুনেত্ৰা গুপ্তা (Sunetra Gupta; জন্ম: ১৫ মাৰ্চ, ১৯৬৫) এগৰাকী ভাৰতীয় মূলৰ ব্ৰিটিছ সংক্ৰামক ৰোগ মহামাৰী বিজ্ঞানী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক।
-
ৱাল্টাৰ লুইন
ৱাল্টাৰ হেন্দ্ৰিক গাষ্টভ লুইন (জন্ম ২৯ জানুৱাৰী, ১৯৩৬) এজন ডাচ্চ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক। লুইনে ১৯৬৫ চনত ডেল্ফট য়ুনিভাৰ্ছিটি অৱ টেকনলজীৰ পৰা নিউক্লিয় পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
আৰ্থাৰ গাইটন
আৰ্থাৰ ক্লিফ্টন গাইটন (৮ ছেপ্টেম্বৰ, ১৯১৯ – ৩ এপ্ৰিল, ২০০৩) এজন আমেৰিকান শৰীৰতত্ববিদ। তেখেত পাছলৈ মিচিচিপি বিশ্ববিদ্যালয়ৰ চিকিৎসা স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Textbook of Medical Physiologyৰ লেখক হিচাপে তেখেতে সুখ্যাতি অৰ্জন কৰিছিল।
-
আৰৱিন শ্ৰুডিঙগাৰ
আৰৱিন ৰুডলফ জচেফ আলেকজাণ্ডাৰ শ্ৰুডিঙগাৰ (Erwin Rudolf Josef Alexander Schrödinger; ১২ আগষ্ট ১৮৮৭ – ৪ জানুৱাৰী ১৯৬১) এজন প্ৰখ্যাত অষ্ট্ৰিয়ান ভৌতবিজ্ঞানী আছিল। তেওঁ কুৱাণ্টাম তত্ত্বৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু ১৯৩৩ চনত পল ডিৰাকৰ সৈতে মিলি নবেল বঁটা লাভ কৰিছিল।
-
এনৰিকো ফাৰ্মি
এনৰিকো ফাৰ্মি (২৯ ছেপ্টেম্বৰ, ১৯০১ - ২৮ নৱেম্বৰ, ১৯৫৪) এজন ইটালীয় পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে পৰমাণু বিভাজন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই গৱেষণাই পৰৱৰ্তীকালত পৰমাণু বোমা আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহৃত পৰমাণু চুল্লী নিৰ্মাণৰ ভিত্তি স্থাপন কৰিছিল।
-
জেমছ প্ৰেস্কট জুল
জেমছ প্ৰেস্কট জুল (James Prescott Joule; /dʒuːl/; ২৪ ডিচেম্বৰ ১৮১৮ – ১১ অক্টোবৰ ১৮৮৯) এজন ইংৰাজ পদাৰ্থবিজ্ঞানী আছিল। তেওঁ তাপৰ প্ৰকৃতি অধ্যয়ন কৰিছিল আৰু যান্ত্ৰিক কামৰ সৈতে ইয়াৰ সম্পৰ্ক আৱিষ্কাৰ কৰিছিল।
-
দীপক কুমাৰ দাস
দীপক কুমাৰ দাস (Dipak Kumar Das) হৈছে এগৰাকী অসমীয়া বিজ্ঞানী৷ তেখেত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা,ISRO ৰ অন্তৰ্গত মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বৰ্তমানৰ অধ্যক্ষ৷ মহাকাশযান আৰু আনুষংগিক প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০১০ চনত ISRO-ASI বঁটা লাভ কৰিছিল৷ ২০২০ চনত তেখেত "পৃথিৱী নিৰীক্ষণ…
-
ফিৰডৌছি কাদ্ৰি
ফিৰডৌছি কাদ্ৰি (Firdausi Qadri, জন্ম: ৩১ মাৰ্চ, ১৯৫১) হৈছে এগৰাকী বাংলাদেশী বিজ্ঞানী। তেখেত মূলতঃ ৰোগ প্ৰতিৰোধ বিজ্ঞান আৰু সংক্ৰামক ৰোগৰ গৱেষণাৰ লগত জড়িত। কলেৰা ৰোগৰ প্ৰতিষেধক বিকাশৰ ক্ষেত্ৰত তেখেত প্ৰায় পঁচিশ বছৰতকৈও অধিক সময় জড়িত হৈ আছে।
-
স্নেহলতা নাথ
স্নেহলতা নাথ ( Snehlata Nath; জন্ম: ২৭ ডিচেম্বৰ ১৯৬৫) এগৰাকী ভাৰতীয় সমাজকৰ্মী, নীলগিৰিত কৰা সমাজসেৱাৰ কামৰ বাবে পৰিচিত। তেওঁ জামনালাল বাজাজ বঁটা আৰু নাৰী শক্তি বঁটা লাভ কৰিছে।
-
হেনৰী কেভেণ্ডিছ
হেনৰী কেভেণ্ডিছ( HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।
-
অক্ষতা কৃষ্ণমূৰ্তি
অক্ষতা কৃষ্ণমূৰ্তি (জন্ম ২৭ ডিচেম্বৰ ১৯৯০) নাছাৰ জেট প্ৰপালচন লেবৰেটৰীত প্ৰধান অনুসন্ধানকাৰী আৰু বিজ্ঞান পৰ্যায়ৰ নেতৃত্ব হিচাপে কাম কৰা এজন ভাৰতীয় মহাকাশ ব্যৱস্থা অভিযন্তা। বৰ্তমান তেওঁ মংগল গ্ৰহ ২০২০ৰ কাম কৰি আছে। ফৰ্চুন ইণ্ডিয়াৰ "সৰ্বাধিক শক্তিশালী মহিলা"
-
অপৰাজিতা দত্ত
অপৰাজিতা দত্ত (Aparajita Datta), ১৯৭০ চনত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় বন্যপ্ৰাণী পৰিৱেশ বিজ্ঞানী, যিয়ে প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যনৰ বাবে কাম কৰে। অৰুণাচল প্ৰদেশৰ ঘন গ্ৰীষ্মমণ্ডলীয় অৰণ্যত কৰা তেওঁৰ গৱেষণাই সফলতাৰে ধনেশ পক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰি চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিছে।
-
অমিতা আগৰৱাল
অমিতা আগৰৱাল (Amita Aggarwal, জন্ম ১৯৬০) এগৰাকী ভাৰতীয় ক্লিনিকেল ইমিউন’লজিষ্ট, বাত বিশেষজ্ঞ আৰু লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ক্লিনিকেল ইমিউন’লজী আৰু বাতবিজ্ঞান বিভাগৰ অধ্যাপক আৰু মুৰব্বী।
-
আজৰা কুৰেশ্বী
আজৰা কুৰেশ্বী (২২ ছেপ্টেম্বৰ ১৯৪৫ – ২২ নৱেম্বৰ ২০০২) আছিল পাকিস্তানৰ এগৰাকী আগশাৰীৰ উদ্ভিদবিদ। পাকিস্তানত আলু উৎপাদন উন্নত কৰাৰ কাম কৰিছিল আৰু টিছু কালচাৰৰ কামৰ বাবে তেওঁ পৰিচিত হৈছিল।
-
একলব্য শৰ্মা
একলব্য শৰ্মা (Eklabya Sharma; জন্ম: ১১ মে' ১৯৫৮) হিমালয় অঞ্চলৰ পাহাৰীয়া পৰিৱেশ তন্ত্ৰৰ গৱেষণা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগ বঢে়াৱা অৱদানৰ বাবে পৰিচিত এজন ভাৰতীয় পৰিৱেশ বিজ্ঞানী। পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত কৰা কামৰ বাবে ২০২৪ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
কৌমুদি জোশিপুৰা
কৌমুদি জিনৰাজ জোশিপুৰা (Kaumudi Jinraj Joshipura ) এজন ভাৰতীয় আমেৰিকান মহামাৰী বিজ্ঞানী, জৈৱ পৰিসংখ্যাবিদ, দন্ত চিকিৎসক, আৰু বিজ্ঞানী। তেওঁ হাৰ্ভাৰ্ডৰ টি.এইচ. তেওঁ এজন সহকাৰী পূৰ্ণ অধ্যাপক।