অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ওৰণি

ওৰণি (Veil) হৈছে এক কাপোৰৰ আৱৰণ, যি মূৰ বা মুখৰ কিছু অংশ ঢাকিবলৈ ব্যৱহাৰ হয়। ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ সমাজত এই আৱৰণৰ এক দীঘলীয়া ইতিহাস আছে। ওৰণিৰ স্থায়ী ধৰ্মীয় গুৰুত্বৰ উপৰিও, বিবাহৰ ৰীতি-নীতিৰ দৰে কিছুমান আধুনিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াৰ এক বিশেষ ভূমিকা আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ওৰণি (Veil) হৈছে এক কাপোৰৰ আৱৰণ, যি মূৰ বা মুখৰ কিছু অংশ ঢাকিবলৈ ব্যৱহাৰ হয়। ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ সমাজত এই আৱৰণৰ এক দীঘলীয়া ইতিহাস আছে। ওৰণিৰ স্থায়ী ধৰ্মীয় গুৰুত্বৰ উপৰিও, বিবাহৰ ৰীতি-নীতিৰ দৰে কিছুমান আধুনিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াৰ এক বিশেষ ভূমিকা আছে। ওৰণি লোৱাৰ অনুশীলন বিশেষকৈ মহিলা আৰু পৱিত্ৰ বস্তুৰ সৈতে জড়িত, যদিও কিছুমান সংস্কৃতিত পুৰুষ সকলেও ওৰণি লোৱা দেখা যায়।১ বিভিন্ন ধৰ্মত কইনাৰ পোছাকত ওৰণি দেখা যায়। প্ৰাচীনকালৰ পৰাই "অশুভ আত্মাৰ পৰা" কইনাক লুকুৱাবলৈ গ্ৰীক আৰু ৰোমানসকলৰ মাজত কইনাৰ পোছাকত ওৰণি এক অপৰিহাৰ্য অংশ আছিল।২৩৪৫

প্ৰাচীন কালৰ পৰা ওৰণিৰে কইনাৰ মুখখন দৰাৰ পৰা লুকুৱাবলৈও ব্যৱহাৰ কৰা হৈছিল, কিয়নো অন্ধবিশ্বাস আছিল যে বিবাহ অনুষ্ঠানৰ আগতে কইনাক দেখা পোৱাটো দৰাৰ বাবে দুৰ্ভাগ্যৰ চিহ্ন।৬৫সময়ৰ লগে লগে বিবাহ পশ্চিমীয়া সংস্কৃতিত অধিক ধৰ্মীয় অনুষ্ঠান হৈ পৰিছিল আৰু ওৰণি অন্যান্য কাৰণতো ব্যৱহাৰ কৰা দেখা গʼল যেনে ঈশ্বৰৰ প্ৰতি নিষ্ঠা আৰু সন্মান আৰু বিশেষভাৱে বগা ওৰণি সতীত্বৰ চিন হিচাপে ব্যৱহাৰ কৰা হৈছিল।২৬৫৭৮৯

ইতিহাস

প্ৰাচীন মেছোপটেমিয়া, গ্ৰীক আৰু পাৰ্চী সাম্ৰাজ্যত অভিজাত মহিলাসকলে সন্মানপূৰ্ব আৰু উচ্চ স্থিতিৰ চিহ্ন হিচাপে ওৰণি পিন্ধিছিল।১০ ওৰণিৰ প্ৰাচীনতম প্ৰমাণ খ্ৰীষ্টপূৰ্ব ১৪০০ৰ পৰা ১১০০ৰ মাজত মধ্য অচিৰিয়া সাম্ৰাজ্যৰ আইন কোডত পোৱা যায়।১১ অচিৰিয়াৰ আইনত উল্লেখ কৰা আছিল যে, মহিলাসকলে সমাজত মহিলাৰ শ্ৰেণী, পদ আৰু বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি আৱৰণ ৰাখিব লাগিব। মহিলা দাস আৰু পতিতাবৃত্তিত নিয়োজিত মহিলাৰ ওপৰত ওৰণি নিষেধ কৰা হৈছিল আৰু যদি তেওঁলোকে এনে কৰে তেন্তে কঠোৰ জৰিমনাৰ সম্মুখীন হৈছিল।১২

এনেদৰে ওৰণি কেৱল আভিজাত্যৰ চিহ্নই নহয়,"সন্মানীয়' মহিলা আৰু "সাধাৰণ মহিলাৰ" মাজত পাৰ্থক্য ৰাখিবলৈও পিন্ধা হৈছিল।১০১২ এই ওৰণি পৰিধানৰ অনুশীলন প্ৰাচীন গ্ৰীচত বিবাহিত মহিলাসকলৰ মাজত প্ৰচলিত আছিল। ৫৫০ৰ পৰা ৩২৩ খ্ৰীষ্টপূৰ্বত গ্ৰীক সমাজৰ সন্মানীয় মহিলাসকলে নিজকে পৰপুৰুষৰ চকুৰ পৰা লুকুৱাই ৰাখিবলৈ ওৰণি পৰিধান কৰিছিল।১৩

ৰোমান মহিলাসকলৰ মাজত তেওঁলোকৰ নিজৰ ওপৰত স্বামীৰ কৰ্তৃত্বৰ প্ৰতীক হিচাপে ওৰণি পিন্ধাৰ প্ৰচলন আছিল। ওৰণি নিপিন্ধা বিবাহিত মহিলাক বিবাহৰ পৰা নিজকে আঁতৰাবলৈ কৰা প্ৰয়াস বুলি গণ্য কৰা হৈছিল। অবিবাহিত ছোৱালীসকলে সাধাৰণতে ওৰণি নিপিন্ধিছিল, কিন্তু বিবাহিত মহিলাসকলে তেওঁলোকৰ শালীনতা আৰু সতীত্বৰ চিহ্ন হিচাপে এনে আৱৰণ পৰিধান কৰিছিল। লোকবিশ্বাস আছিল যে ওৰণিয়ে মহিলাসকলক দুষ্ট চকুৰ পৰা সুৰক্ষিত কৰিছিল।১৪

১৭ আৰু ১৮ শতিকাত ওৰণিৰ প্ৰচলন কমি গৈছিল আৰু ব্ৰিটেইন আৰু উত্তৰ আমেৰিকাত এই অনুশীলনটো পুৰণি ফেশ্বন বা শৈলী বুলি ধৰা হৈছিল। কইনাসকলে ইয়াৰ পৰিৱৰ্তে আন বহুতো বিকল্পৰ বাছনি কৰে।২১৫ অৱশ্যে, ৰাণী ভিক্টোৰিয়াই ১৮৪০ চনত প্ৰিন্স এলবাৰ্টৰ সৈতে বিবাহত ওৰণি পিন্ধিৰ পিছত কইনাৰ ওৰণি জনপ্ৰিয়তা পুনৰ ঘূৰি আহিছিল।২ ভিক্টৰিয়ৰ যুগত ওৰণি আভিজাত্যৰ প্ৰতীক হৈ পৰিছিল, আৰু ইয়াৰ ওজন, দৈৰ্ঘ্য আৰু গুণাগুণে কইনাৰ সামাজিক স্থিতি সূচিত কৰিছিল১৬

বিভিন্ন ধৰ্মত ওৰণিৰ অনুশীলন

" অনুষ্ঠানত ওৰণিৰে অসমীয়া কইনা]]

ভাৰতৰ ৰাজস্থানত 'মুহ দিখাই'অনুষ্ঠান ওৰণিৰে কইনা।
ভাৰতৰ ৰাজস্থানত 'মুহ দিখাই'অনুষ্ঠান ওৰণিৰে কইনা।ছবি: Mywikicommons · CC BY-SA 4.0

ইহুদী,১৭ খ্ৰীষ্টান,১৮১৯ ইছলাম,২০ আৰু হিন্দু ধৰ্মত২১ বিভিন্ন ৰূপত এই প্ৰথা চলি আহিছে। ভাৰতীয় উপমহাদেশত, খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ পৰাই হিন্দু সমাজত বিবাহিত মহিলাৰ মাজত ওৰণি ব্যৱহাৰৰ প্ৰচলন দেখা যায়।২২ খ্ৰীষ্টীয় তৃতীয় শতিকাত এই বৰ্ধিত অনুশীলনৰ মোকাবিলা কৰিবলৈ বৌদ্ধ ধৰ্মৰ লোকসকলে চেষ্টা কৰিছিল।২৩ বৌদ্ধসকলৰ যুক্তিসঙ্গত বিৰোধৰ ফলত বহু শতাব্দী ধৰি এই প্ৰণালীৰ জনপ্ৰিয়তা হ্ৰাস হৈছিল।২২ পিছত, মধ্যযুগীয় ইছলামিক মোগল সাম্ৰাজ্যৰ অধীনত, মহিলাসকলৰ অতিৰিক্ত সুৰক্ষা বাবে আৱৰণৰ বিভিন্ন প্ৰণালী গ্ৰহণ কৰা হৈছিল, যেনে ʼপৰদাʼ আৰু ʼজেনানাʼ।২২ শিখ ধৰ্মই এই আৱৰণৰ কঠোৰ সমালোচনা কৰিছিল; গুৰু অমৰ দাসে ইয়াক কঠোৰভাৱে নিন্দা আৰু অস্বীকাৰ কৰিছিল। ২৪ এই বিষয়ে ভগত কবীৰে কৰা সমালোচনাৰ উদ্ধৃতিও পোৱা যায়।২৫ মধ্যযুগৰ শেষৰ ফালে কিছুমান শ্ৰেণীৰ মাজত ওৰণিৰ প্ৰচলন হ্ৰাস পোৱা দেখা গৈছিল।

মুছলমান মহিলাসকলে বোৰ্খা পৰিধান কৰি শৰীৰ আৰু মুখ আৱৰি ৰাখিছিল আৰু পিন্ধিথকাজনক চাবলৈ অনুমতি দিবলৈ চকুৰ ওপৰত গ্ৰিল বা নেট ব্যৱহাৰ কৰা হৈছিল। ইছলামৰ উত্থানৰ আগতে আৰৱ জনজাতিৰ মাজত বোৰ্খা পিন্ধাৰ প্ৰথা নাছিল। বাজেণ্টাইন সাম্ৰাজ্যৰ পৰাই এই প্ৰথা বিস্তাৰিত হয়, আৰু তাৰ পিছত প্ৰসাৰিত হৈ যায়।২৬

পুৰুষৰ ওৰণি

ওৰণি পিন্ধা তুয়াৰেগ পুৰুষ
ওৰণি পিন্ধা তুয়াৰেগ পুৰুষছবি: Florence Devouard (User:Anthere) · CC BY-SA 3.0

পশ্চিম আফ্ৰিকাৰ তুয়াৰেগ, চংহাই, হউচা আৰু ফুলানি জাতিৰ মহিলাসকলে পৰম্পৰাগতভাৱে ওৰণি নলয়; কেৱল পুৰুষসকলেহে সচৰাচৰ লয়।২৭ উত্তৰ আফ্ৰিকাৰ পুৰুষৰ ওৰণিয়ে মুখ আৰু কেতিয়াবা নাকৰ অংশ আৱৰি থাকে, যাক আৰবী ভাষাত 'লিথম' আৰু তুয়াৰেগ ভাষাত 'টাচেলমাষ্ট' বুলি কোৱা হয়।২৭২৮ তৱাৰেগ ল'ৰাবোৰে বয়ঃসন্ধিৰ আৰম্ভণিতে ওৰণি ল’বলৈ আৰম্ভ কৰে আৰু এই আৱৰ্তনক পুৰুষত্বৰ চিহ্ন হিচাপে গণ্য কৰা হয়।২৮এজন মানুহে জ্যেষ্ঠসকলৰ সন্মুখত, বিশেষকৈ তেওঁৰ পত্নীৰ পৰিয়ালৰ লোকসকলৰ সন্মুখত ওৰণি পৰিধান নকৰাটো অনুচিত বুলি গণ্য কৰা হয়।২৮

পৰম্পৰাগত পোছাকত ভাৰতীয় দৰা, ছেৰৱানী, ছেহৰা আৰু মোজদিৰ সৈতে
পৰম্পৰাগত পোছাকত ভাৰতীয় দৰা, ছেৰৱানী, ছেহৰা আৰু মোজদিৰ সৈতেছবি: Synther77 · CC BY-SA 4.0

ভাৰত, পাকিস্তান, বাংলাদেশ, আৰু নেপালৰ কিছুমান অংশত, পুৰুষসকলে তেওঁলোকৰ বিবাহৰ দিনত মুখ ঢাকিবলৈ 'ছেহৰা' পিন্ধে। ই গোটেই মুখ আৰু ডিঙি আৱৰি থকা এটা পুৰুষে পিন্ধা আৱৰণ। ছেহৰা ফুল বা মণিৰ দ্বাৰা তৈয়াৰ কৰা হয়।২৯৩০৩১

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ Susong, Liz. (28 September 2017). Wedding Veil Traditions Explained. Brides
  3. ↑ richmond.com/life/celebrations/history-behind-th
  4. ↑ Mikkelson, Barbara. (27 June 2005). FACT CHECK: Wedding Veil. Snopes
  5. ↑ What is the Symbolism of a Bride's Veil?. WiseGeek
  6. ↑ (7 July 2013). History behind the bridal veil. Richmond Times-Dispatch
  7. ↑ Fairchild, Mary. (20 May 2018). Uncover the Meaning Behind Today's Christian Wedding Traditions. ThoughtCo
  8. ↑ Markel, Katrina. (25 April 2011). The Meaning of Wedding Traditions..and What to Watch for Friday. Lipstick & Politics
  9. ↑ Paez, Tory. (5 May 2010). Remedies for Sexism in Christian Weddings. Academia
  10. ↑ Ahmed, Leila. (1992). Women and Gender in Islam. Yale University Press. পৃ. 15
  11. ↑ Graeber, David. (2011). Debt: The First 5000 Years. Melville House. পৃ. 184. ISBN 9781933633862
  12. ↑ El Guindi, Fadwa; Sherifa Zahur. (2009). Hijab. The Oxford Encyclopedia of the Islamic World. ISBN 9780195305135
  13. ↑ Ahmed 1992, p. 26-28
  14. ↑ Sebesta, Judith Lynn. "Symbolism in the Costume of the Roman Woman", pp. 46–53 in Judith Lynn Sebesta & Larissa Bonfante, The World of Roman Costume, University of Wisconsin Press 2001, p.48
  15. ↑ Monger, George. (2004). Marriage Customs of the World: From Henna to Honeymoons. Social Science. ISBN 9781576079874
  16. ↑ richmond.com/life/celebrations/history-behind-th
  17. ↑ www.chabad.org/library/article_cdo/aid/313719/je
  18. ↑ Tariq, T. (2013). Let Modesty Be Her Raiment: The Classical Context of Ancient-Christian Veiling. Implicit Religion, 16(4)
  19. ↑ www.anabaptists.org/tracts/covertrc.html
  20. ↑ Brünig, B., & Fleischmann, F. (2015). Understanding the veiling of Muslim women in the Netherlands. Journal for the Scientific Study of Religion, 54(1), 20-37
  21. ↑ Sharma, U. M. (1978). Women and their affines: the veil as a symbol of separation. Man, 218-233
  22. ↑ Sadashiv Altekar, Anant. (1956). The Position of Women in Hindu Civilization, from Prehistoric Times to the Present Day. Motilal Banarsidass. পৃ. 171–175. ISBN 9788120803244
  23. ↑ Kelen, Betty. (1967). Gautama Buddha in Life and Legend. Lothrop, Lee & Shepard Company. পৃ. 7–8
  24. ↑ Singh, Sardar Harjeet. (2009). The Position of Women in Hindu Civilization. পৃ. 259
  25. ↑ Jhutti-Johal, Jagbir. (2011). Sikhism Today. A&C Black. পৃ. 35. ISBN 9781847062727
  26. ↑ (21 September 2000). Review of Herrin book and Michael Angold. Church and Society in Byzantium Under the Comneni, 1081–1261. Cambridge University Press. পৃ. 426–7. ISBN 978-0-521-26986-5 see also John Esposito. (2005). Islam: The Straight Path. Oxford University Press. পৃ. 98
  27. ↑ Björkman, W. (2012). Lit̲h̲ām. Encyclopaedia of Islam. Brill
  28. ↑ Allen Fromherz. (2008). Twareg. Oxford Encyclopedia of the Modern World. Oxford University Press. ISBN 9780195176322
  29. ↑ www.utsavpedia.com/attires/sehra/
  30. ↑ Gullapalli, S., & Sagi, A. R. (2009). Indian Wedding Traditions. Valuable International Perspectives
  31. ↑ Durrani, A., & Khan, R. N. A. (2014). Women roles in weddings: ethnography of wedding rituals among Rajput in Punjab, Pakistan. Eurasian Journal of Anthropology, 5(1), 32-45

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওৰণি” প্ৰবন্ধৰ সংশোধন ৬৩২৪৯৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।