টমবয় (Tomboy) হৈছে এগৰাকী ছোৱালী যি য়ে সাধাৰণতে ল'ৰাৰ বুলি ভৱা বিশেষত্ব বা আচৰণ প্ৰদৰ্শন কৰে। ১২ এই সাধাৰণ বৈশিষ্ট্যবোৰৰ ভিতৰত আছে পুৰুষসুলভ পোছাক পিন্ধা আৰু শাৰীৰিক প্ৰকৃতিৰ খেল আৰু কাৰ্যকলাপত জড়িত হোৱা আৰু বিভিন্ন সংস্কৃতি য'ত নাৰীৰ উপস্থিতি ৰিক্ত বা ল'ৰাৰ ক্ষেত্ৰ বুলি গণ্য কৰা হয়, তেনে ক্ষেত্ৰ আদিৰে জড়িত হোৱা।২
ব্যুৎপত্তি
অক্সফৰ্ড ইংৰাজী অভিধানৰ মতে টমবয় শব্দটো মূলতঃ "উদ্ধত, উচ্ছৃংখল বা স্বয়ম্ভূ যুৱক" বুলি উল্লেখ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।৩ এই অভিধানে ১৫৬৭ চনত প্ৰকাশিত ৰাল্ফ ৰোইষ্টাৰ ডইষ্টাৰৰ পৰা এই শব্দটোৰ প্ৰথম মুদ্ৰিত ৰূপত ব্যৱহাৰ কৰা বুলি নিৰ্ধাৰণ কৰিছে।৩
সামাজ আৰু সংস্কৃতি
ইতিহাস আৰু যৌন পৰিচয়
লেখিকা মিচেল এন এবাটৰ মতে, উনবিংশ শতিকাৰ আমেৰিকান সংস্কৃতিত 'টমবয়' শব্দটোৰ ব্যৱহাৰে এক নিৰ্দিষ্ট আচৰণ বিধিৰ বিষয়ে উল্লেখ কৰিছিল যিয়ে যুৱতীসকলক ব্যায়াম, "বুদ্ধিমান পোছাক" পিন্ধিবলৈ আৰু "স্বাস্থ্যকৰ আহাৰ" খাবলৈ প্ৰেৰণা যোগাইছিল। এক স্বাস্থ্যকৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে, প্ৰভাৱশালী নাৰী আচৰণ বিধিৰ বিকল্প হিচাপে এই সময়ছোৱাত টমবয়বাদৰ জনপ্ৰিয়তা দ্ৰুতভাৱে বৃদ্ধি পাইছিল। আবেটে কৈছিল যে আচৰণৰ এই পদ্ধতিটোৱে দেশৰ ভৱিষ্যত প্ৰজন্মৰ কইনা শিশু-সকলৰ শক্তি আৰু স্থিৰতা বৃদ্ধি কৰাত অৰিহণা যোগাব। তেওঁ বৰ্ণনা কৰিছিল যে দেশৰ যুৱতীসকলৰ বাবে এই টমবয়বাদ এক নতুন প্ৰতিপালন পদ্ধতি বা লিংগ বিবৃতিতকৈ অধিক আছিল; এই নতুন ধাৰাটো মানৱ জনসংখ্যাৰ আনুবংশিক মানদণ্ড উন্নত কৰাৰ এটা উপায় আছিল। ৪৫
১৮৯৮ চনত নাৰীবাদী লেখিকা চাৰ্লট পাৰ্কিন্স গিলমেনে তেওঁৰ ৱমেন এণ্ড ইকনমিক্স নামৰ কিতাপখনত টমবয় হোৱাৰ ফলত স্বাস্থ্যৰ লাভালাভৰ লগতে লিংগ অন্বেষণৰ স্বাধীনতাৰ প্ৰশংসা কৰিছে। ৬
অধিবক্তা জোচেফ লীয়ে ১৯১৫ চনত লিখিছিল যে ৮ ৰ পৰা ১৩ বছৰ বয়সৰ ভিতৰত শাৰীৰিক বিকাশৰ বাবে টমবয় পৰ্যায়টো গুৰুত্বপূৰ্ণ। ৭ প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ জৰিয়তে সমাজ, সাহিত্য আৰু তাৰ পিছত চলচ্চিত্ৰত টমবয়বাদ জনপ্ৰিয় হৈ পৰিছিল। বিংশ শতিকাৰ সময়ছোৱাত ফ্ৰয়েডীয় মনোবিজ্ঞান আৰু এলজিবিটি সামাজিক আন্দোলনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ ফলত টমবয়ৰ যৌনতা সম্পৰ্কে সামাজিক ভয়ৰ উৎপত্তি হৈছিল। এইক্ষেত্ৰত কোনো কোনোৱে প্ৰশ্ন কৰিছিল যে টমবয়বাদৰ ফলত সমকামীতাৰ উৎপত্তি হয় নেকি! ৪ ঐতিহাসিক ভাৱে টমবয় আৰু লেচবিয়ানবাদৰ মাজত এক সম্পৰ্কৰ আছে বুলি অনুমান কৰা হৈছিল। ৩৮
মনোবিশ্লেষক ডিয়ান এলিছৰ প্ৰবন্ধত প্ৰকাশ পাইছিল যে সাধাৰণ মহিলাতকৈ এজন টমবয় লেচবিয়ান হোৱাৰ সম্ভাৱনা অধিক। ৯ যদিও কিছুমান টমবয়ে পিছলৈ তেওঁলোকৰ কৈশোৰ বা প্ৰাপ্তবয়স্ক কালত সমকামী পৰিচয় প্ৰকাশ কৰে, কিন্তু নাৰী এগৰাকীয়ে প্ৰকাশ কৰা পুৰুষৰ দৰে আচৰণক এজন ব্যক্তিৰ যৌন অভিমুখীতাৰ প্ৰকৃত সূচক বুলি ক'ব পৰা নাযায়। ১০
লিংভূমিকা আৰু দৃঢ়বদ্ধতা


টমবয় ধাৰণাটোৱে পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথক কাৰ্যকলাপ আৰু সাজপাৰ থকা বুলি ভৱা ধাৰণাটোৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা লিংগভূমিকা আৰু পৰম্পৰাগত লিংগ ধাৰণা এই উভয় দিশৰ সমৰ্থন বা অস্বীকাৰ দুয়োটাই হোৱা দেখা যায়।৮ এই ধাৰণাটো পুৰণি বা ইতিবাচক দৃষ্টিকোণৰ পৰা চোৱা হ'ব পাৰে। ১১ সাধাৰণতে নাৰীসুলভ বৈশিষ্ট্যবোৰক প্ৰায়ে অৱমূল্যায়ন কৰা হয় বা এয়া সমাজৰ বাবে অবাঞ্ছিত হোৱা দেখা যায়। টমবয়সকলে প্ৰায়ে এই দৃষ্টিভংগীৰ প্ৰতি সঁহাৰি জনায়(বিশেষকৈ নাৰীসূলভ ছোৱালীৰ প্ৰতি)। ইয়াৰ কাৰণ বিবেচনা কৰিলে দেখা যায় যে আমাৰ সামাজিক পৰিৱেশত প্ৰায়ে কেৱল পুৰুষত্বক প্ৰাধান্য বা মূল্য দিয়া দেখা যায়।
আদৰ্শ পুৰুষত্বই আধিপত্যবাদৰ ওপৰত গৈ পৰম্পৰাগত মানদণ্ড নিৰ্ধাৰণ কৰে, আৰু প্ৰায়ে সৰু ল'ৰা-ছোৱালীৰ দ্বাৰা ইয়াক বজাই ৰাখিবলৈ চেষ্টা কৰা হয় আৰু তেওঁলোকৰ মাজত এই ধাৰণাসমূহ বিয়পাই দিয়া হয়। টমবয়সকলে নাৰীত্বক তেওঁলোকৰ ওপৰত জাপি দিয়া বুলি বিবেচনা কৰিব পাৰে, যাৰ ফলত নাৰীত্ব আৰু ইয়াৰ সমৰ্থক সকলৰ প্ৰতি তেওঁলোকৰ নেতিবাচক অনুভূতিৰ সৃষ্টি হয়। এই ক্ষেত্ৰত তেওঁলোকে পুৰুষত্বক বলপূৰ্বক ভাৱে জাপি দিয়া নাৰীত্বৰ বিৰুদ্ধে এক প্ৰতিৰক্ষা প্ৰণালী হিচাপে গ্ৰহণ কৰিব পাৰে। ফলত ছোৱালীবোৰ কি আৰু তেওঁলোকে কি কৰিব নোৱাৰাৰ দৰে যৌনতাবাদী ধাৰণাবোৰে অধিক শক্তিশালী ৰূপত তেওঁলোকৰ সমুখত থিয় দিয়ে।১২
কিছুমান সংস্কৃতিত টমবয়সকলে এদিন তেওঁলোকৰ পুৰুষত্বপূৰ্ণ আচৰণ এৰি পেলাব বুলি আশা কৰা হয়। তেনে সংস্কৃতিত সাধাৰণতে যৌৱনপ্ৰাপ্তিৰ সময়ত বা ঠিক আগতে, তেওঁলোক নাৰীসুলভ আচৰণলৈ ঘূৰি আহিব, আৰু হেটেৰোনৰ্মেটিভিটি গ্ৰহণ কৰিব বুলি আশা কৰা হয়। এনে নকৰা টমবয়সকলক হম'ফ'বিক সমাজৰ দ্বাৰা কলঙ্কিত কৰা হয়। ক্ৰিডৰ যুক্তি অনুসৰি টমবয়ৰ "প্ৰতিচ্ছবিয়ে পুৰুষতান্ত্ৰিক লিংগ সীমাক কলুষিত কৰে আৰু ই লিংগৰ পাৰ্থক্যক দাঙি ধৰে", সেয়ে ই এক "ভাবুকিপূৰ্ণ ব্যক্তিত্ব।" ১৩ এই "ভাবুকি"য়ে পৰিয়াল এটা কেনেকুৱা হ'ব লাগিব সেই ধাৰণাটোক প্ৰভাৱিত কৰে আৰু প্ৰত্যাহ্বান জনায়।১৪
অধ্যয়ন
মহিলাৰ সাধাৰণ লিংভূমিকাৰ পৰা বিপৰীত আচৰণ আৰু আগ্ৰহৰ কাৰণৰ বিষয়ে কিছুমান অধ্যয়ন কৰা হৈছে। "এভন লংগিটুডিনেল ষ্টাডি অফ পেৰেণ্টছ এণ্ড চিল্ড্ৰেন"ৰ এক প্ৰতিবেদন অনুসৰি কিছুমান প্ৰাক-প্ৰাথমিক কন্যা শিশুক সাধাৰণত বিপৰীত লিংগ-ভূমিকাৰ আচৰণত লিপ্ত হোৱা দেখা যায়। যেনে সাধাৰণতে ল'ৰাই পছন্দ কৰা পুতলাৰ সৈতে খেলা আদি ক্ৰিয়াকলাপ, আনুবংশিক আৰু প্ৰসৱপূৰ্ব কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। ১৫ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি অধিক আগ্ৰহ প্ৰদৰ্শনো টমবয় কন্যা সকলৰ মাজত উপলব্ধ এক আচৰণ। ২
তথ্যসূত্ৰ
- ↑ Tomboy in the Online Etymology Dictionary
- ↑ Who Are Tomboys and Why Should We Study Them?, SpringerLink, Archives of Sexual Behavior, Volume 31, Number 4
- ↑ Brown, Jayne Relaford. (1999). Encyclopedia of Lesbian Histories and Cultures. Routledge. পৃ. 771–772. ISBN 0815319207
- ↑ Abate, Michelle Ann. (2008). Tomboys: A Literary and Cultural History. Temple University Press. ISBN 978-1-59213-722-0
- ↑ Abate, Michelle Ann. (2008). Tomboys: A Literary and Cultural History. Temple University Press. ISBN 978-1-59213-722-0
- ↑ Gilman, Charlotte Perkins. (1898). Women and Economics. Small, Maynard & Company. পৃ. 56
- ↑ Lee, Joseph. (1915). Play in Education. পৃ. 392–393
- ↑ Halberstam, Judith. (1998). Female Masculinity. Duke University Press. পৃ. 193–196. ISBN 0822322439
- ↑ King, Elizabeth. (2017-01-05). A Short History of the Tomboy. The Atlantic
- ↑ Gabriel Phillips; Ray Over. (1995). Differences between heterosexual, bisexual, and lesbian women in recalled childhood experiences. Archives of Sexual Behavior. পৃ. 1–20
- ↑ Halberstam, Judith. (1988). Female Masculinity. ISBN 978-0-8223-2226-9
- ↑ Harris, Adrienne. (2000-07-15). Gender as a Sort Assembly Tomboys' Stories. Studies in Gender and Sexuality. পৃ. 223
- ↑ Creed, Barbara. (2017-09-25). Feminist Theory and the Body. Routledge. পৃ. 111–124. ISBN 978-1-315-09410-6
- ↑ Proehl, Kristen Beth, 1980-. Battling girlhood: sympathy, race and the tomboy narrative in American literature
- ↑ Hines, Melissa; Golombok, Susan; Rust, John; Johnston, Katie J.; Golding, Jean; Avon Longitudinal Study of Parents and Children Study Team. (1 November 2002). Testosterone during Pregnancy and Gender Role Behavior of Preschool Children: A Longitudinal, Population Study. Child Development. পৃ. 1678–1687
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টমবয়” প্ৰবন্ধৰ সংশোধন ৬২৪৪০০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।