চামগুৰি সত্ৰ (Samaguri Satra) অসমৰ মাজুলী জিলাত অৱস্থিত এখন সত্ৰ।১ ১৫৮৫ শকৰ অৰ্থাৎ ১৬৬৩ চনৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত আহোম স্বৰ্গদেউ চ্যু-পং-মু'ঙৰ পৃষ্ঠপোষকতাত শংকৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণিয়ে এই সত্ৰখন স্থাপন কৰিছিল। এজোপা চাম গছৰ গুৰিত (তলত) স্থাপন কৰা বাবে এই সত্ৰখনৰ নাম চামগুৰি হয়। চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ বাবে ইয়ালৈ আহে।২
ইতিহাস
মাজুলীত অৱস্থিত চামাগুৰি সত্ৰ ১৫৮৫ শকৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত প্ৰতিষ্ঠা কৰা হৈছিল। আহোম স্বৰ্গদেউ চ্যু-পং-মু'ঙৰ অনুগ্ৰহত চক্ৰপাণি আতায়ে এই সত্ৰ এজোপা চাম গছৰ তলত স্থাপন কৰিছিল।২ চাম গছৰ গুৰিৰ পৰা আৰম্ভ হোৱা বাবে কালক্ৰমত সত্ৰখনৰ নাম চামগুৰি হল। এই সত্ৰখন বিভিন্ন কাৰণত অসমৰ বেলেগ ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল। প্ৰথমে এই সত্ৰ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ জনিয়া থানত স্থাপন কৰা হৈছিল। তাৰপিছত ইয়াক পশ্চিম চামগুৰিলৈ স্থানান্তৰ কৰা হয় আৰু অৱশেষত মাজুলীত স্থাপন কৰা হয়। বৰ্তমান মাজুলীত তিনিটা চামগুৰি সত্ৰ পোৱা যায়। সেইকেইটা হল: পশ্চিম চামগুৰি সত্ৰ, মাজুলী চামগুৰি বা নতুন চামগুৰি আৰু দলনি চামগুৰি সত্ৰ। এই সত্ৰবোৰ পুৰুষ সংহতিৰ অধীনত আৰু গৃহস্থী ভকতে ইয়াৰ পৰিচালনা কৰে।
মুখা শিল্প
চামগুৰি সত্ৰৰ মুখা শিল্প পৃথিৱী বিখ্যাত।৩ শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাসোৎসৱ আদি উংসৱ সমূহত দেখিবলৈ পোৱা যায়। মুখা সাজিবলৈ বাহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয়। প্ৰথমে বাহৰ মিহি তমালেৰে জঁকাটো সাজি লোৱাৰ পিচত তাত খেৰ মেৰিয়াই জঁকাটো থিৰ কৰি লোৱা হয়। ইয়াৰ পিচত বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰি নিদিষ্ট ৰূপ দিয়া হয়। মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীয়ে মাজুলীৰ মুখা শিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনে। ৪ তেওঁ অসমৰ বিভিন্ন ঠাইত, লগতে বহিঃৰাজ্যতো মুখা শিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে। অসমৰ মুখা শিল্পলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৩ চনত তেওঁক সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল।৫
পৰ্যটন
চামগুৰি সত্ৰ অসমৰ মুখা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। ইয়াৰ মুখা শিল্পীৰ প্ৰতি আকৃষ্ট হৈ দেশ বিদেশৰ বহু পৰ্যটক আহে।৬ নিয়মীয়া ধৰ্মীয় কাম-কাজৰ উপৰিও উল্লেখযোগ্য দিন যেনে মহাপুৰুষ দুজনাৰ তিথি, ৰাসোৎসৱ, জন্মাষ্টমী, ফাকুৱা আদিতো নানা ভক্তৰ সমাগম হয়। ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতৰ এখিলা পাত, খৰম আৰু ঘটি আছে। দেশ বিদেশৰ যাদুঘৰত ইয়াৰ মুখা প্ৰদৰ্শিত হোৱাৰ লগতে নতুন দিল্লীত ভাৰতৰ গণতন্ত্ৰ দিৱসৰ পেৰেডটো প্ৰদৰ্শিত হৈছে।৫
অৱস্থান
চামগুৰি সত্ৰ মাজুলী জিলাৰ কমলাবাৰীৰ পৰা ১১ কিঃমিঃ পূবত অৱস্থিত। যোৰহাটৰ নিমাতি ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ নিয়মীয়াকৈ ফেৰী চলাচল কৰে। ইয়াৰ নিকটতম ৰেল ষ্টেচন হৈছে যোৰহাট ৰেল ষ্টেচন আৰু নিকটৱৰ্তী বিমানবন্দৰ হৈছে যোৰহাট বিমানবন্দৰ।৩
তথ্যসূত্ৰ
- ↑ Samaguri Satra. lonelyplanet.com
- ↑ Dutta, Supriya. Mukha Shilpa Assam. dsource.in
- ↑ Saving Face: The Mask-Makers of Assam's Majuli Island. natgeotraveller.in
- ↑ (১ জানুৱাৰী,২০১৪). আমাৰ অসমত প্ৰকাশিত বাতৰি
- ↑ সত্ৰ সংস্কৃতি পীঠস্থান মাজুলীত মুখাশিল্পৰ ঐতিহ্য তথা পৰম্পৰা. as.vikaspedia.in
- ↑ অসমৰ সত্ৰ সমূহ. tourism.assam.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চামগুৰি সত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭০৮৩৪ (২২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।