মাজুলী
৮ প্ৰবন্ধ
-
মাজুলী
মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত বৃহৎ নদীদ্বীপ, আৰু ২০১৬ চনৰ পৰা ই এখন পৃথক জিলা। সত্ৰ-ভিত্তিক বৈষ্ণৱ পৰম্পৰা, বহুধা লোকসংস্কৃতি আৰু নদীভূ-প্ৰকৃতিৰ বাবে মাজুলী অসম তথা ভাৰতৰ এক অনন্য সাংস্কৃতিক-ভৌগোলিক অঞ্চল।
-
মাজুলী মহাবিদ্যালয়
মাজুলী মহাবিদ্যালয় (Majuli College) হৈছে নদীদ্বীপ মাজুলীৰ কমলাবাৰীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬২ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ থকাৰ লগতে ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (চমুকৈ UGC) দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
চামগুৰি সত্ৰ
চামগুৰি সত্ৰ (Samaguri Satra) অসমৰ মাজুলী জিলাত অৱস্থিত এখন সত্ৰ। ১৫৮৫ শকৰ অৰ্থাৎ ১৬৬৩ চনৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শঙ্কৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণিয়ে এই সত্ৰখন স্থাপন কৰিছিল।
-
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়
মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় অসমৰ মাজুলীত অৱস্থিত সংস্কৃতিৰ শিক্ষা আৰু গৱেষণাৰ বাবে স্থাপিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭-ৰ অধীনত স্থাপন কৰিছে।
-
আজলি আই (বা-ভগা) থান সত্ৰ
আজলি আই থান (বা ভগা) থান সত্ৰ মাজুলী জিলাৰ মধ্যভাগৰ বৃহত্তৰ শেনচোৱা অঞ্চলত অৱস্থিত মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ এক পৱিত্ৰ তীৰ্থস্থান। আনুমানিক প্ৰায় আশীৰ দশকৰ পৰাই অসমীয়া মাঘ মাহৰ প্ৰথমটো দেওবাৰে এই বৃহত্তৰ শেনচোৱা অঞ্চলৰ মায়ামৰা ভকত বৈষ্ণৱসকলে একগোট হৈ নাম-কীৰ্ত্তন কৰি আহিছে।
-
মাজুলীৰ মৃৎ শিল্প
মাজুলীৰ মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোককলা। সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই কলাৰ সৈতে জড়িত। মৃৎ শিল্পত কুশলী এই লোকসকলক 'কুম্ভকাৰ' নামেৰেও জনা যায়।
-
মাজুলীৰ সন্ধি
মাজুলীৰ সন্ধি (১৫৬৩, ইংৰাজী ভাষা:Treaty of Majuli) কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়।
-
মোলাই কাঠনি
মোলাই কাঠনি ভাৰতৰ অসমৰ কোকিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলাৰ অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল।