অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰতৰ উপৰাষ্ট্ৰপতি

ভাৰতৰ উপৰাষ্ট্ৰপতি (Vice President of India) হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬৩ৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৪ ৪১৭ শব্দ · ২ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ উপৰাষ্ট্ৰপতি (Vice President of India) হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী।১ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৬৩ৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ মৃত্যু, পদৰ পৰা অব্যাহতি ললে, মহাভিযোগৰ দ্বাৰা অপসাৰিত হলে অথবা অন্যান্য কাৰণত ৰাষ্ট্ৰপতিৰ পদ খালী হলে উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা লাভ কৰে।

ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ অধ্যক্ষ। উৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত উত্থাপিত বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় বিবেচনা কৰে। তেওঁ ৰাজ্যসভাত উত্থাপিত কোনো বিধেয়ক ধন বিধেয়ক হিচাপে বিবেচনা কৰিলে তেওঁ উক্ত বিধেয়ক লোকসভাৰ অধ্যক্ষলৈ বিবেচনাৰ বাবে পঠায়। সংবিধানৰ অনুচ্ছেদ ৬৬ৰ মতে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদেৰে গঠিত নিৰ্বাচন মণ্ডলীয়ে অনুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰে একক সংক্ৰমনশীল ভোটৰ দ্বাৰা উপৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে। ভাৰতৰ নিৰ্বাচন আয়োগে উপৰাষ্ট্ৰপতি নিৰ্বাচন পৰিচালনা কৰে আৰু নিৰ্বাচিত উপৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতিয়ে শপত পাঠ কৰায়।২ ভাৰতৰ উপৰাষ্ট্ৰপতি চণ্ডীগড়ত অৱস্থিত পঞ্জাব বিশ্ববিদ্যালয়ৰ আচাৰ্য।

ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়। ২০২২ চনৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী আছিল। তেওঁ তেওঁৰ নিকতম প্ৰতিদ্বন্দ্বী সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাজিত কৰি তেওঁ ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০২২ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুএ তেওঁক উপৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰোৱায়।

উপযুক্ততা

ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীসমূহৰ নিম্নোক্ত অৰ্হতা সমূহৰ প্ৰয়োজন:৩

  • ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • তেওঁৰ বয়স অন্ততঃ ৩৫ বছৰ হ’ব লাগে।
  • তেওঁ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত কোনো লাভজনক পদত নিয়োজিত থাকিব নোৱাৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী লোকসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা সমূহ তেওঁৰ থাকিব লাগে। আনহাতে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা সমূহ তেওঁৰ থাকিব লাগে।১ ইয়াৰ মূল কাৰণ হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ অধ্যক্ষ।

নিৰ্বাচন পদ্ধতি

ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ পদ্ধতিৰে লোকসভা আৰু ৰাজ্যসভাৰ সমূহ সাংসদেৰে গঠিত নিৰ্বাচন মণ্ডলীয়ে ভোটৰ জৰিয়তে নিৰ্বাচন কৰে। উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীগৰাকীয়ে ন্যূনতম ২০ গৰাকী প্ৰস্তাৱক আৰু ২০ গৰাকী সমৰ্থকৰ সৈতে মনোনয়ন দাখিল কৰিব লাগে। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকত ₹১৫,০০০ জমা কৰিব লাগে। ভাৰতৰ নিৰ্বাচন আয়োগে উপৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনা কৰে। উপৰাষ্ট্ৰপতি পদ খালি হোৱাৰ ৬০ দিনৰ ভিতৰত এই নিৰ্বাচন অনুষ্ঠিত কৰা। দুয়ো সদনৰ চক্ৰিয়ক্ৰমত এখনৰ মহাসচিবক নিৰ্বাচনী বিষয়া নিযুক্ত কৰা হয়। তেওঁ নিৰ্বাচনৰ ৰাজহুৱা জাননী জাৰি কৰে আৰু প্ৰাৰ্থী সকলক মনোনয়ন আগবঢ়াবলৈ নিমন্ত্ৰণ জনায়। নিৰ্বাচনী বিষয়া গৰাকীয়ে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰে আৰু উপযুক্ত প্ৰাৰ্থী সকলৰ নাম বেলেট কাগজত সন্নিবিষ্ট কৰে।

নিৰ্বাচন অনুপাতীয় প্ৰতিনিধিত্ব পদ্ধতিৰে পৰোক্ষ ভাবে একক বদলিকৰণ ভোটৰ সহায়ত গোপনীয় বেলেট কাগজত অনুষ্ঠিত হয়। নিৰ্বাচন মণ্ডলীয়ে তেওঁলোকৰ পছন্দ অনুসৰি প্ৰাৰ্থী সমূহ প্ৰথম, দ্বিতীয় আদি শ্ৰেণীত সজায়। গৃহীত মুঠ ভোটৰ আধাতকৈ এটা ভোট বেছি লাভ কৰিলে প্ৰাৰ্থী গৰাকী বিজয়ী ঘোষণা কৰা হয়। প্ৰথমতে প্ৰথম পছন্দৰ ভোটৰ গণনা কৰা হয়। যদি কোনো প্ৰাৰ্থীয়ে বিজয়ী হবলৈ নিৰ্ধাৰিত ভোট নাপায় তেন্তে আটাইতকৈ কম পছন্দৰ প্ৰাৰ্থীজনৰ ভোট বাদ দিয়া আৰু দ্বিতীয় পছন্দৰ ভোট সমূহ গণনা কৰা হয়। নিৰ্ধাৰিত সংখ্যক ভোট নোপোৱালৈকে এই প্ৰক্ৰিয়া চলি থাকে।৪

নিৰ্বাচনৰ পিছত নিৰ্বাচনী বিষয়ে ফলাফল ঘোষণা কৰে। তাৰপিছত তেওঁ ফলাফল ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয় আৰু নিৰ্বাচনী আয়োগক জনায়। তাৰপিছত ভাৰত চৰকাৰৰ চৰকাৰী ৰাজপত্ৰত তেওঁৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

নিৰ্বাচনৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নৱনিযুক্ত উপৰাষ্ট্ৰপতিক শপতবাক্য পাঠ কৰোৱায়। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যকালৰ যিকোনো সময়তে পদত্যাগ কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ পদ খালি হয়।

নিৰ্বাচন সম্পৰ্কীয় বিবাদ

ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্পৰ্কীয় সকলো বিবাদত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ বিধান আছে। উচ্চতম ন্যায়ালয়ৰ পাঁচ সদস্যযুক্ত বিচাৰপীঠে বিবাদৰ অনুসন্ধান কৰি ৰায়দান দিয়ে। উচ্চতম ন্যায়ালয়ৰ ৰায়দান এইক্ষেত্ৰত চূড়ান্ত।৪

কাৰ্যকাল

উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰ। তেওঁ এই পদৰ বাবে পুনৰ প্ৰতিদ্বন্দ্ব্ব্বিতা কৰিব পাৰে। তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও পদত্যাগ কৰিব পাৰে। মৃত্যু, পদত্যাগ বা অপসাৰণৰ ফলত উপৰাষ্ট্ৰপতিৰ পদ শূন্য হ’লে পুনৰ নিৰ্বাচনৰ বাহিৰে তেওঁৰ দায়িত্বভাৰ আনে লাভ নকৰে। যদিও তেওঁৰ অনুপস্থিতিত ৰাজ্যসভাৰ অধ্যক্ষৰ দায়িত্ব ৰাজ্যসভাৰ উপাধ্যক্ষ গৰাকীয়ে পালন কৰে।

অপসাৰণ

ভাৰতৰ সংবিধানৰ মতে ৰাজ্যসভাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হোৱা উপৰাষ্ট্ৰপতিৰ অপসাৰণৰ প্ৰস্তাৱ লোকসভাৰ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা সন্মতি লাভ কৰিলে তেওঁক পদৰ পৰা অপসাৰিত কৰিব পাৰি।১ কিন্তু এই প্ৰস্তাৱ ১৪ দিন আগতীয়াকৈ জাননী দিয়াৰ পিছত হে আগুৱাই নিব পাৰি। সংবিধানত উপৰাষ্ট্ৰপতিৰ অপসাৰণৰ কোনো কাৰণ উল্লেখ নাই। বৰ্তমানলৈকে ভাৰতৰ কোনো উপৰাষ্ট্ৰপতিকে অপসাৰিত কৰা হোৱা নাই।৫ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনত কোনো অনিয়ম দেখা পালে আৰু ভাৰতীয় সংবিধানক অৱমাননা কৰিলে উপৰাষ্ট্ৰপতিক অপসাৰিত কৰিব পাৰে।

দৰমহা আৰু পেঞ্চন

ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ বাবে কোনো দৰমহাৰ ব্যৱস্থা নাই। তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে প্ৰতি মাহে ₹৪,০০,০০০ টকা লাভ কৰে। ইয়াৰ লগতে তেওঁ দৈনিক ভত্তা, বিনামূলীয়া থকাৰ সুবিধা, চিকিৎসা, ভ্ৰমণ আৰু অন্যান্য সা-সুবিধা লাভ কৰে। যেতিয়া উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে তেতিয়া তেওঁ ৰাষ্ট্ৰপতিয়ে লাভ কৰা দৰমহা আৰু অন্যান্য সা-সুবিধা সমূহ লাভ কৰে। তেওঁৰ পেঞ্চন মূল দৰমহাৰ ৫০%।৬

ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা

মূল প্ৰবন্ধ: ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা

  • † চিনে কাৰ্যকালত মৃত্যু হোৱা সূচায়
ক্ৰমিক সংখ্যানাম (জন্ম–মৃত্যু)৭আলোকচিত্ৰনিৰ্বাচন (% ভোট)কাৰ্যকালৰ আৰম্ভণিকাৰ্যকালৰ সমাপ্তিকাৰ্যকাল (বছৰ)ৰাষ্ট্ৰপতিসকলদল
১সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৮৮৮–১৯৭৫)Photograph of Sarvepalli Radhakrishnan presented to First Lady Jacqueline Kennedy in 1962.jpg১৯৫২ (বিনাপ্ৰতিদ্বন্দিতাৰে)১৩ মে' ১৯৫২১২ মে' ১৯৫৭১০ৰাজেন্দ্ৰ প্ৰসাদনিৰ্দলীয়
১৯৫৭ (বিনাপ্ৰতিদ্বন্দিতাৰে)১৩ মে' ১৯৫৭১২ মে' ১৯৬২
২জাকিৰ হুছেইন (১৮৯৭–১৯৬৯)DR. ZAKIR HUSAIN - PICTORIAL BIOGRAPHY 0005.jpg১৯৬২ (৯৭.৫৯)১৩ মে' ১৯৬২১২ মে' ১৯৬৭৫সৰ্বপল্লী ৰাধাকৃষ্ণণনিৰ্দলীয়
৩বৰাহগিৰি ভেংকট গিৰি (১৮৯৪–১৯৮০)V.V.Giri.jpg১৯৬৭ (৭১.৪৫)১৩ মে' ১৯৬৭৩ মে' ১৯৬৯২জাকিৰ হুছেইননিৰ্দলীয়
৪গোপাল স্বৰূপ পাঠক (১৮৯৬–১৯৮২)Gopal Swarup Pathak1.jpg১৯৬৯ (৪৯.৯)৩১ আগষ্ট ১৯৬৯৩০ আগষ্ট ১৯৭৪৫বৰাহগিৰি ভেংকট গিৰি (১৯৬৯–১৯৭৪) ফখৰুদ্দিন আলি আহমেদ (১৯৭৪)নিৰ্দলীয়
৫বাচাপ্পা দনপ্পা জাত্তি (২০১২–২০০২)B.D Jatti (enhanced).jpg১৯৭৪ (৭৮.৭০)৩১ আগষ্ট ১৯৭৪৩০ আগষ্ট ১৯৭৯৫ফখৰুদ্দিন আলি আহমেদ (১৯৭৪–১৯৭৭) নীলম সঞ্জীৱ ৰেড্ডী (১৯৭৭-১৯৭৯)ভাৰতীয় জাতীয় কংগ্ৰেছ
৬মহম্মদ হিদয়াতুল্লাহ (১৯০৫–১৯৯২)Justice M. Hidayatullah.jpg১৯৭৯ (বিনাপ্ৰতিদ্বন্দিতাৰে)৩১ আগষ্ট ১৯৭৯৩০ আগষ্ট ১৯৮৪৫নীলম সঞ্জীৱ ৰেড্ডী (১৯৭৯-১৯৮২) জেইল সিং (১৯৮২-১৯৮৪)নিৰ্দলীয়
৭আৰ ভেঙ্কটৰমন (১৯১০-২০০৯)R Venkataraman.jpg১৯৮৪ (৭১.০৫)৩১ আগষ্ট ১৯৮৪২৪ জুলাই ১৯৮৭৩জেইল সিংভাৰতীয় জাতীয় কংগ্ৰেছ
৮শঙ্কৰ দয়াল শৰ্মা (১৯১৮–১৯৯৯)Shankar Dayal Sharma 36.jpg১৯৮৭ (বিনাপ্ৰতিদ্বন্দিতাৰে)৩ ছেপ্টেম্বৰ ১৯৮৭২৪ জুলাই ১৯৯২৫আৰ ভেঙ্কটৰমনভাৰতীয় জাতীয় কংগ্ৰেছ
9শঙ্কৰ দয়াল শৰ্মা (১৯২১–২০০৫)১৯৯২ (৯৯.৮৬)২১ আগষ্ট ১৯৯২২৪ জুলাই ১৯৯৭৫শঙ্কৰ দয়াল শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
১০কৃষ্ণ কান্ত (১৯২৭–২০০২)১৯৯৭ (৬১.৭৬)২১ আগষ্ট ১৯৯৭২৭ জুলাই ২০০২৫কে আৰ নাৰায়ণন (১৯৯৭-২০০২) এ পি জে আব্দুল কালাম (২০০২)জনতা দল
১১ভৈৰণ সিং শেখৱত (১৯২৪–২০১০)২০০২ (৫৯.৮২)১৯ আগষ্ট ২০০২২১ জুলাই ২০০৭৫এ পি জে আব্দুল কালামভাৰতীয় জনতা পাৰ্টী
১২মহম্মদ হামিদ আনচাৰি (১৯৩৭–)২০০৭ (৬০.৫১)১১ আগষ্ট ২০০৭১১ আগষ্ট ২০১২১০প্ৰতিভা পাটিল (২০০৭–২০১২) প্ৰণব মুখাৰ্জী (২০১২-২০১৭) ৰাম নাথ কোৱিন্দ (২০১৭)ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১২ (৬৭.৩১)১১ আগষ্ট ২০১২১১ আগষ্ট ২০১৭
১৩ভেংকাইয়া নাইডু (১৯৪৯–)২০১৭ (৬৭.৮৯)১১ আগষ্ট ২০১৭১১ আগষ্ট ২০২২৫ৰাম নাথ কোৱিন্দভাৰতীয় জনতা পাৰ্টী
১৪জগদীপ ধনখড় (১৯৫১–)২০২২১১ আগষ্ট ২০২২বৰ্তমানলৈকেদ্ৰৌপদী মূৰ্মুভাৰতীয় জনতা পাৰ্টী

তথ্যসূত্ৰ

  1. ↑ THE VICE-PRESIDENT OF INDIA AND THE CONSTITUTION
  2. ↑ www.indiankanoon.org/doc/597714/
  3. ↑ ELECTION TO THE OFFICE OF VICE – PRESIDENT OF INDIA. Election Commission of India
  4. ↑ 164.100.47.5/Chairman-Rajyasabha/VPElection.htm
  5. ↑ Interpretation of Article 122 by the Supreme Court
  6. ↑ (9 November 2008). The Vice President's Pension Act of 1997. Ministry of Home Affairs
  7. ↑ Former Vice Presidents. Vice President of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উপৰাষ্ট্ৰপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ উপৰাষ্ট্ৰপতি” প্ৰবন্ধৰ সংশোধন ৪৪৯২২১ (২৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।