২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৯ চনৰ ৬ এপ্ৰিলত গুৱাহাটীৰ মালিগাঁৱকে ধৰি অসমৰ চাৰিটা অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভা সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছিল।
পাৰ্শ্ব ঘটনাৱলী
২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু অসমত ২০০৮ চন আৰু ২০০৯ চনৰ ১ জানুৱাৰীত ঘটা বোমা বিস্ফোৰণে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ অশান্ত কৰি ৰাখিছিল। মুম্বাই আক্ৰমণৰ পাছত নিৰ্বাচনী সময়ত সুৰক্ষা প্ৰক্ৰিয়া এক চিন্তাৰ বিষয় হৈ পৰিছিল। নিৰ্বাচনৰ সময়ছোৱাত সুৰক্ষা ব্যৱস্থা কপকপীয়া কৰাক লৈ নানা তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটিছিল।
বিস্ফোৰণৰ দিন
প্ৰথম বিস্ফোৰণটো কাৰ্বি আংলং জিলাত হৈছিল। ৬ এপ্ৰিলৰ আগবেলাতে উগ্ৰবাদী সংগঠন কাৰ্বি লংগ্ৰি নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সন্দেহযুক্ত সদস্যই কাৰ্বি আংলং জিলাৰ মাজমজিয়াৰ বি এছ এফ শিবিৰৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটায়। সেই সময়ত শিবিৰৰ সেনাসকলে পথত তহল দি আছিল। প্ৰধানমন্ত্ৰী মনমোহন সিঙে জিলা সদৰ ডিফুত এক নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছিল, কিন্তু আগদিনা কোনো অজ্ঞাত কাৰণত এয়া বাতিল কৰা হৈছিল।১ এই বিস্ফোৰণত কোনো লোক হতাহত নহ'ল।
দ্বিতীয়টো বিস্ফোৰণ গুৱাহাটীত ব্যস্ত মালিগাঁও অঞ্চলত হয়। মা সন্তোষী কেবিন ৰেস্তোৰাঁৰ ওচৰৰ পাৰ্কিং স্থানত এখন গাড়ীত এই বোমা ৰখা হৈছিল।২ দিনৰ প্ৰায় ২টাত হোৱা বোমা বিস্ফোৰণত ৭জন লোক নিহত আৰু ৫৬জন আহত হোৱা বুলি অসমৰ ডিজিপিয়ে জনায়। বোমা বিস্ফোৰণৰ ফলত জুই লাগি দুখন গাড়ী আৰু ২০খন মটৰচাইকেল ভস্মীভূত হয় আৰু ওচৰৰে এটা তিনিমহলীয়া ঘৰলৈকে জুই বিয়পে। ৬জন লোক ঘটনাস্থলীতে নিহত হৈছিল আৰু জুই লগা ঘৰ এটাৰ পৰা জপিয়াওতে আঘাত পাই এজন লোকৰ পাছত মৃত্যু হৈছিল।
মালিগাঁও বিস্ফোৰণৰ দুঘণ্টামানৰ পাছত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত চাইকেলত থোৱা এটা বোমা বিস্ফোৰণ ঘটি ৫জন লোক আহত হয়। ইয়াৰে তিনিজন কেন্দ্ৰীয় সামৰিক বাহিনীৰ জোৱান আছিল।
সন্ধিয়া প্ৰায় ৭টাত এজন অজ্ঞাত লোকে ধুবুৰী জিলাৰ মানকাচৰ আৰক্ষী চকীলৈ এটা হেণ্ড গ্ৰেনেড নিক্ষেপ কৰাত দুজন আৰক্ষী গুৰুতৰভাৱে আহত হয়।
দোষী
মিডিয়াসমূহে প্ৰকাশ কৰা অনুসৰি এই কাম "সন্দেহযুক্ত আলফা উগ্ৰপন্থী"য়ে কৰিছিল। অসমৰ ডিজিপি জে এম শ্ৰীবাস্তৱে কয় যে "আলফাই নিজৰ প্ৰতিষ্ঠা দিৱসৰ আগে আগে এই কাম কৰিছে" আৰু উগ্ৰপন্থীসকলে উচ্চ-প্ৰযুক্তিৰ বোমা ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰে।৩
প্ৰতিক্ৰিয়া
প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই ঘটনাৰ গৰিহণা দি নিহতসকলৰ পৰিয়াললৈ শোক বাৰ্তা প্ৰেৰণ কৰে। সুৰক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুল প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সুৰক্ষা ব্যৱস্থাত আসোঁৱাহ থকা বুলি প্ৰকাশ কৰে। এই ঘটনা প্ৰতিহত কৰিব পৰা গ'হেঁতেন বুলি তেওঁ কয়।৪
আৰু চাওক
- ২০০৮ চনৰ অসমৰ বোমা বিস্ফোৰণ
- ২০০৯ চনৰ গুৱাহাটীৰ বোমা বিস্ফোৰণ
তথ্যসূত্ৰ
- ↑ www.indianexpress.com/news/assam-militants-explo Assam militants explode bomb near BSF camp
- ↑ (6 April 2009). 4 blasts rock Assam; 8 killed, several hurt
- ↑ Terror blasts ahead of PM's visit rock Assam, kill 9
- ↑ (6 April 2009). Eight dead, 80 hurt in India blasts
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ” প্ৰবন্ধৰ সংশোধন ৪৪৩১৮৬ (৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।