মহিলা ৰাজনীতিবিদ
৫৩ প্ৰবন্ধ
-
ছিৰিমাভো বন্দৰনাইকে
ছিৰিমা ৰাটৱাট্টে ডায়াছ বন্দৰনাইকে (সিংহল: සිරිමා රත්වත්තේ ඩයස් බණ්ඩාරනායක; তামিল: சிிிற மா ரத்வத்தே டயஸ் பண்டாரநாயக்கே; ිනිය), সাধাৰণভাৱে ছিৰিমাভো বন্দৰনাইকে হিচাপে পৰিচিত এগৰাকী শ্ৰীলংকাৰ ৰাজনীতিবিদ।
-
গোল্ডা মেইৰ
গোল্ডা মেইৰ (Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ফাৰাহ পাহলৱী
ফাৰাহ পাহলৱী ( Farah Pahlavi); (জন্ম: ১৪ অক্টোবৰ, ১৯৩৮) ইৰানৰ পাহলৱী ৰাজবংশৰ এগৰাকী সদস্য। ইৰাণৰ শেষ ৰাণী আৰু সম্ৰাজ্ঞী, আৰু ইৰাণৰ শেষৰ শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ তৃতীয় পত্নী আৰু বিধৱা।
-
বেগম আবিদা আহমেদ
বেগম আবিদা আহমেদ (Begum Abida Ahmed,১৭ জুলাই ১৯২৩ – ৭ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিল্পী, আৰু সমাজ কৰ্মী৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতৰ প্ৰথম মহিলা হিচাপে আৰু পিছলৈ লোকসভাত সাংসদ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ বাৰেলী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ আবিদা আহমেদ ভাৰতৰ পঞ্চম…
-
মাৰিয়ানা ভাচিলেভা
মাৰিয়ানা ভাচিলেভা-টোটেভা (বুলগেৰিয়ান: Мариана Василева Тотева, জন্ম ৬ জুলাই ১৯৭৪) বুলগেৰিয়ান মূলৰ এগৰাকী আজাৰবাইজানী ছন্দময় জিমনাষ্টিক প্ৰশিক্ষক। তেওঁ ২০২১ চনৰপৰা ২০২৫ চনলৈকে আজাৰবাইজানৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ উপ-মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু আজাৰবাইজান ৰিদমিক জিমনাষ্টিক…
-
লীলা ৰায়
লীলা ৰয় নাগ (Leela Roy,২ অক্টোবৰ ১৯০০ – ১১ জুন ১৯৭০), এগৰাকী উগ্ৰ বাওঁপন্থী ভাৰতীয় মহিলা ৰাজনীতিবিদ, সংস্কাৰক, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী আছিল। অসমৰ গোৱালপাৰা জিলাৰ উপ-দণ্ডাধীশ গিৰীশ চন্দ্ৰ নাগৰ বাসগৃহত জন্মগ্ৰহণ কৰা লীলা ৰয়ৰ মাতৃ আছিল কুঞ্জলতা নাগ।
-
হেমপ্ৰভা শইকীয়া
ড০ হেমপ্ৰভা শইকীয়া(জন্ম:২১ ফেব্ৰুৱাৰী ১৯৪০) এগৰাকী ভাৰতীয় মহিলা ৰাজনীতিবিদ তেওঁ ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী আছিল। তেওঁ ১৯৯৬ চনৰ পৰা ২০০৬ চনলৈ নাজিৰা সমষ্টিক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ সদস্য আছিল৷ তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰো অধ্যক্ষ আছিল৷ তেওঁ অসমৰ…
-
অপৰূপা পোদ্দাৰ
আফ্ৰিন আলী বা অপৰূপা পোদ্দাৰ (জন্ম: ৮ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ আৰামবাগ (লোকসভা সমষ্টি)ৰ পৰা ১৬ নং ১৭ নং লোকসভাৰ সংসদৰ সদস্য। ২০১৪ & ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।
-
আজম টেলিঘানী
আজম তালেঘানী (Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী, পায়াম-ই-হাজাৰ সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।
-
আজেব মেছফিন
আজেব মেছফিন হাইলে (Azeb Mesfin Haile; জন্ম: ২১ ডিচেম্বৰ ১৯৬৬) ইথিঅ'পিয়াৰ এগৰাকী ৰাজনীতিবিদ যি ২০০১ চনৰ পৰা ২০১২ চনলৈকে ইথিঅ'পিয়াৰ দ্বিতীয় প্ৰথম মহিলা আছিল৷ তেওঁ ইথিঅ'পিয়াৰ নেচনেল ইনিচিয়েটিভ ফৰ মেণ্টেল হেল্থৰ প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক।
-
আৰ্লিন ব্ৰ'ছাছ
আৰ্লিন ডুৰান ব্ৰ'ছাছ (জন্ম ৩০ অক্টোবৰ, ১৯৭৫) এগৰাকী ফিলিপিনো শিক্ষাবিদ, শিশু অধিকাৰ সক্ৰিয়কৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ২০১৬ চনৰপৰা ২০২৫ চনলৈ গাব্ৰিয়েলা উইমেনছ পাৰ্টি-লিষ্ট গোটৰ অধীনত ফিলিপাইনছ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ঈশা কোপ্পিকাৰ
ঈশা কোপ্পিকাৰ (Isha Koppikar; জন্ম:- ১৯ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু মডেল যি মূলতঃ হিন্দী ছবিত অভিনয় কৰিছে৷ ইয়াৰ লগতে তেওঁ তামিল, কানাড়া, তেলেগু, আৰু মাৰাঠী ছবিতো অভিনয় কৰিছে।
-
উপিন্দৰজিৎ কৌৰ
উপিন্দৰজিৎ কৌৰ (Upinderjit Kaur) হ'ল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু শাসকীয় শিৰোমণি আকালি দলৰ সদস্য।
-
এলিদা আমিগো ই মন্তান্যা
এলিদা আমিগো ই মন্তান্যা (ইংৰাজী: Elida Amigó i Montanya; ৫ ছেপ্তেম্বৰ ১৯৩৫ – ৯ ছেপ্তেম্বৰ ২০২০) এণ্ডোৰাৰ এগৰাকী ইতিহাসবিদ, আৰ্কাইভিষ্ট, কৰ্মী আৰু ভোটাধিকাৰী আছিল। তেওঁ ১৯৭০ চনত এণ্ডোৰান মহিলাসকলক ভোটাধিকাৰ লাভ কৰিবলৈ সহায় কৰা নাৰীবাদী আন্দোলনৰ নেত্ৰী আছিল।
-
কেথেৰিন ওমানো
কেথেৰিন নাখাবি ওমানো (Catherine Nakhabi Omanyo; জন্ম: ৭ জুলাই ১৯৭৮) এগৰাকী কেনিয়াৰ ৰাজনীতিবিদ, শিক্ষা কৰ্মী আৰু বুচিয়া কাউণ্টিক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় বিধানসভা (কেনিয়া)ত কাউণ্টি মহিলা প্ৰতিনিধি।
-
গীতা মুখোপাধ্যায়
গীতা মুখোপাধ্যায় (Geeta Mukherjee) (৮ জানুৱাৰী ১৯২৪ – ৪ মাৰ্চ ২০০০) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৭৭ চনলৈকে পাঁশকুড়া পূৰ্ব বিধানসভা সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।
-
চি কে জানু
চি কে জানু (C. K. Janu) (জন্ম ১৯৭০) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। ২০০১ চনৰ পৰা কেৰালাৰ ভূমিহীন জনজাতীয় লোকসকলক ভূমি পুনৰ বিতৰণৰ বাবে আন্দোলন চলাই অহা আদিবাসী গোথৰা মহাসভাৰ তেওঁ নেত্ৰী। দলিত-আদিবাসী একচন কাউন্সিলৰ তত্বাৱধানত এই আন্দোলনটোৱে গতি লৈছে।
-
চিডনী ফাৰাৰ
ছিডনী মেৰী কেথেৰিন এন্নে ফাৰাৰ (১৭ এপ্ৰিল ১৯০০ – ১৯৮৭) কেনিয়াত এগৰাকী ব্ৰিটিছ বসতিপ্ৰধান এলেকাৰ আৰু কেনিয়াৰ বিধান পৰিষদলৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা।
-
জয়ৰণ বায়ৰামোভা
জয়ৰণ বায়ৰামোভা (মাৰ্চ ১৮৯৬ – ১৯৮৭) আছিল এগৰাকী আজাৰবাইজানী মহিলা অধিকাৰ কৰ্মী আৰু কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ নিজৰ দেশৰ প্ৰথম সংগঠিত মহিলা আন্দোলনৰ অন্যতম অগ্ৰদূত আছিল আৰু আজাৰবাইজানী মহিলা আন্দোলনৰ প্ৰথম সংগঠন আলি বায়ৰামোভ ক্লাবৰ প্ৰতিষ্ঠাতা আছিল।
-
জানেট অ'কালা
জেনেট অ'কালা(Janet Okala; ১৮৯৪–১৯৭১) আছিল নাইজেৰিয়াৰ এগৰাকী ৰাজনৈতিক নেত্ৰী আৰু সম্প্ৰদায়-সংগঠক। আবা মহিলা যুদ্ধৰ সময়ত তেওঁ প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু নাইজেৰিয়াৰ মহিলাৰ ৰাজনৈতিক ক্ষমতাৰ পোষকতা কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয়ভাৱে জড়িত সংগঠন গঠন কৰিছিল।
-
জিপি লিভনি
জিপি লিভনি (Tziporah Malka "Tzipi" Livni) (জন্ম: ৮ জুলাই ১৯৫৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, কূটনীতিবিদ আৰু উকীল৷ নেচেটৰ প্ৰাক্তন সদস্য আৰু কেন্দ্ৰ বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ নেতা লিভনি এগৰাকী প্ৰাক্তন বৈদেশিক মন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী আৰু বিৰোধী-নেত্ৰী।
-
জেম্মা নুনু কুম্বা
জেমা নুনু কুম্বা (ইংৰাজী: Jemma Nunu Kumba; জন্ম: ১৯৬৬) এগৰাকী দক্ষিণ চুদানৰ ৰাজনীতিবিদ। বৰ্তমান দক্ষিণ চুদানৰ লিংগ, শিশু আৰু সমাজ কল্যাণ মন্ত্ৰী। ২০০৪ চনত ব্যাপক শান্তি চুক্তিৰ আৰম্ভণিতে তেওঁ চুদান মহিলা সংসদীয় ককাছ প্ৰতিষ্ঠা কৰিছিল।
-
জৰ্জিয়া মেলোনি
জৰ্জিয়া মেলোনি (Giorgia Meloni; জন্ম: ১৫ জানুৱাৰী ১৯৭৭) এগৰাকী ইটালীৰ ৰাজনীতিবিদ৷ তেওঁ ২০২২ চনৰ অক্টোবৰৰ পৰা ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
দেবলিনা হেমব্ৰাম
দেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। ২০০৬-১১ চনত বাওঁ মঞ্চ মন্ত্ৰালয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰী আছিল।
-
নাইচুলা লেছুডা
নাইচুলা জোচেফিন লেছুডা (Naisula Josephine Lesuuda,জন্ম: ৩০ এপ্ৰিল ১৯৮৪), এগৰাকী কেনিয়াৰ ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ কেনিয়াৰ সংসদৰ সদস্য।
-
নামিৰেম্বে বিতামাজিৰে
জেৰাল্ডিন নামিৰেম্বে বিতামাজিৰে (১৭ জুলাই ১৯৪১ – ১৪ জানুৱাৰী ২০২৬) উগাণ্ডাৰ এগৰাকী শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। তেওঁ উগাণ্ডা মেনেজমেণ্ট ইনষ্টিটিউটৰ চ্যান্সেলৰ আছিল। ১৯৭৯ চনৰপৰা ১৯৮০ চনলৈ আৰু পুনৰ ২০০৫ চনৰপৰা ২০১১ চনলৈ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নীই ছাইডি
ইছাটৌ নীই ছাইডি (আইছাটু এন'জি-ছাইডী বুলিও বানান কৰা হয়; জন্ম ৫ মাৰ্চ ১৯৫২) এগৰাকী গাম্বিয়াৰ ৰাজনীতিবিদ। ১৯৯৭ চনৰ ২০ মাৰ্চৰপৰা ২০১৭ চনৰ ১৮ জানুৱাৰীলৈকে গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতিৰ লগতে মহিলা পৰিক্ৰমা বিভাগৰ ৰাজ্যিক সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
পামেলা এম্বোঅ’
পামেলা এম্বোঅ’ (১৯৩৮ – ২৬ জানুৱাৰী ২০০৯) কেনিয়াৰ এগৰাকী ৰাজনৈতিক কৰ্মী আৰু কূটনীতিবিদ আছিল আৰু কেনিয়াৰ ট্ৰেড ইউনিয়নবাদী, শিক্ষাবিদ, পান আফ্ৰিকানবাদী, লেখক, স্বাধীনতা কৰ্মী, কেবিনেট মন্ত্ৰী আৰু কেনিয়া গণৰাজ্যৰ অন্যতম প্ৰতিষ্ঠাপক পিতৃ টম এম্বোঅ’ৰ পত্নী আছিল।
-
প্ৰভা ঠাকুৰ
প্ৰভা ঠাকুৰ (ইংৰাজী: Prabha Thakur; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কংগ্ৰেছী নেতা, হিন্দী কবি আৰু সমাজকৰ্মী। ২০০৪ চনৰপৰা ২০১৪ চনলৈকে ৰাজস্থানৰ পৰা একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰাজ্যসভাৰ সাংসদ হোৱাৰ লগতে ১৯৯৮-৯৯ চনত আজমেৰৰপৰা নিৰ্বাচিত হৈ লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰৱতী পাৰিদা
প্ৰৱতী পাৰিদা (Pravati Parida, জন্ম: ১২ মে' ১৯৬৬) উৰিষ্যাৰ এগৰাকী ৰাজনীতিবিদ৷ ২০২৪ চনৰ পৰা মোহন মাঝিৰ অধীনত ওড়িশাৰ প্ৰথম মহিলা আৰু ৫ম উপ-মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁ মহিলা আৰু শিশু উন্নয়ন, মিছন শক্তি, আৰু পৰ্যটন মন্ত্ৰী।