পখিলা (Butterfly) এবিধ পাখিযুক্ত সন্ধিপদী পতঙ্গ। ইহঁত লেপিডপ্টেৰান উপগোটী ৰ'পালোচেৰাৰ ডেউকাযুক্ত পোক। এই গোটটোত হেডিল’ইডিয়া (আমেৰিকাত মথ-পখিলা) আৰু পেপিলিঅ’ন’ইডিয়া (বাকী সকলো) ছুপাৰফেমিলিৰ অন্তৰ্ভুক্ত। আটাইতকৈ পুৰণি পখিলাৰ জীৱাশ্ম প্ৰায় ৫.৬ কোটি বছৰ আগৰ পেলিঅ'চিন যুগৰ বুলি ধৰা হৈছে যদিও ইয়াৰ উৎপত্তি প্ৰায় ১০.১ কোটি বছৰৰ আগতে ক্ৰিটেচিয়াছৰ শেষৰ ফালে হৈছিল বুলি জনা যায়।১
পখিলাৰ জীৱনচক্ৰ চাৰিটা পৰ্যায়ৰ। অন্যান্য হ'ল'মেটাবলাছ পোক-পৰুৱাৰ দৰে ইহঁতৰ সম্পূৰ্ণ ৰূপান্তৰ ঘটে।২ পাখি থকা প্ৰাপ্তবয়স্ক পৰ্যায়ত ইহঁতে ভক্ষণ কৰিব পৰা উদ্ভিদত কণী পাৰে, কণীৰ পৰা ওলোৱা ইহঁতৰ পলুৱে সেই উদ্ভিদৰ পাত আৰু কোমল অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। পলুবোৰ কেতিয়াবা অতি দ্ৰুতগতিত বৃদ্ধি পায় আৰু সম্পূৰ্ণ বিকশিত হ’লে ইহঁতে শৰীৰৰ পৰা ওলোৱা আঠা জাতিয় আঁহেৰে তৈয়াৰ কৰা এটা সঁজাৰ মাজত নিজকে আৱদ্ধ কৰে, ইয়াক পিউপা বোলে। এইদৰে সঁজাৰ মাজত আৱদ্ধ হৈ যেতিয়া ৰূপান্তৰ সম্পূৰ্ণ হয়, তেতিয়া প্যুপাল ছালখন ফাটি যায়, প্ৰাপ্তবয়স্ক পোকটো বাহিৰলৈ ওলাই আহে, ডেউকাবোৰ শুকুৱাবলৈ প্ৰসাৰিত কৰে আৰু উৰি যায়।
বিশেষকৈ ক্ৰান্তীয় অঞ্চলত কিছুমান পখিলাৰ বছৰত কেইবাটাও প্ৰজন্ম হয়, আনহাতে আন কিছুমানৰ এটা প্ৰজন্মহে সম্পূৰ্ণ হয় আৰু ঠাণ্ডা ঠাইত থকা কিছুমান পখিলাৰ সমগ্ৰ জীৱনচক্ৰটো পাৰ হ'বলৈ কেইবাবছৰ সময় লাগিব পাৰে।৩
পখিলাবোৰ প্ৰায়ে বহুৰূপী হয় আৰু বহু প্ৰজাতিয়ে নিজৰ ভক্ষকৰ পৰা হাত সাৰিবলৈ ছদ্মবেশ ধাৰণ কৰে, অন্য জীৱ বা জড়ক অনুকৰণ আৰু এপ'চেমেটিজমৰ দৰে আচৰণ কৰে।৪ কিছুমান পখিলা যেনে ম'নাৰ্চ আৰু পেইণ্টেড্ লেডী আদিয়ে বহু দূৰলৈ প্ৰব্ৰজন কৰে। বহুতো পখিলাক ভেঁকুৰ, প্ৰ’ট’জ’ৱা, মাখি আৰু অন্যান্য পৰজীৱীয়ে আক্ৰমণ কৰে বা ইহঁত আন জীৱৰ চিকাৰ হয়। কিছুমান প্ৰজাতিক কীট হিচাপে গণ্য কৰা হয়, কাৰণ ইহঁতে পলু অৱস্থাত শস্য বা লাগতিয়াল গছৰ ক্ষতি কৰিব পাৰে; আন প্ৰজাতিবোৰৰ কিছুমান উদ্ভিদৰ পৰাগাযোগৰ কাৰক। কেইটামান পখিলা প্ৰজাতিৰ পলুৱে (যেনে, হাৰ্ভেষ্টাৰ) ক্ষতিকাৰক পোক-পৰুৱা খায়, আনহাতে আন কিছুমানে পৰুৱাৰ সৈতে মিলি সহযোগী হিচাপে জীয়াই থাকে। সাংস্কৃতিকভাৱে পখিলা দৃশ্য আৰু সাহিত্য কলাৰ এক জনপ্ৰিয় মটিফ। স্মিথছ'নিয়ান প্ৰতিষ্ঠানৰ মতে "পখিলা নিশ্চিতভাৱে প্ৰকৃতিৰ অন্যতম আকৰ্ষণীয় জীৱ।" ৫
পুৰাজীৱবিজ্ঞান
আটাইতকৈ প্ৰাচীন লেপিডপ্টেৰা জীৱাশ্ম ট্ৰাইএছিক-জুৰাছিক সীমাৰ, প্ৰায় ২০ কোটি বছৰৰ আগৰ বুলি পোৱা গৈছে।৬ পখিলাবোৰ মথৰ পৰা বিকশিত হৈছে, গতিকে পখিলাবোৰ একবংশগত (একক ক্লেড গঠন কৰা) হ’লেও মথৰবোৰ নহয়। পেলিঅ'চিন যুগৰ আটাইতকৈ পুৰণি পখিলাটো হৈছে ডেনমাৰ্কৰ প্ৰ'ট'ক'এলিয়াডেছ ক্ৰিষ্টনচেনি, প্ৰায় ৫৫ মিলিয়ন বছৰ পুৰণি, যিটো হেচপেৰিডে (স্কিপাৰ) পৰিয়ালৰ অন্তৰ্গত।৭ আণৱিক ঘড়ীৰ অনুমান অনুসৰি পখিলাৰ উৎপত্তি ক্ৰিটেচিয়াছৰ শেষৰ ফালে হৈছিল, কিন্তু চেনোজয়িক যুগতহে ইয়াৰ যথেষ্ট বৈচিত্ৰ্য দেখা গৈছিল,৮১ আৰু এক অধ্যয়নে এই গোটটোৰ উত্তৰ আমেৰিকাত উৎপত্তিৰ কথা প্ৰকাশ কৰিছে।১ আমেৰিকাৰ আটাইতকৈ পুৰণি পখিলাটো হৈছে ফ্ল'ৰিছাণ্ট জীৱাশ্মৰ পৰা পোৱা লেট ইওচিন প্ৰড্ৰিয়াছ পাৰ্চেফোন,৯১০ ইয়াৰ বয়স প্ৰায় ৩৪ মিলিয়ন বছৰ।১১
শ্ৰেণীবিভাজন আৰু বংশবিজ্ঞান
পৰম্পৰাগতভাৱে পখিলাক হেচপেৰিডে (স্কিপাৰ) আৰু আমেৰিকাৰ অধিক মথৰ দৰে হেডিলিডেৰ সৰু গোট বাদ দি ছুপাৰফেমিলি পেপিলিঅ'ন'ইডিয়াত ভাগ কৰা হৈছে। বংশবিন্যাস বিশ্লেষণে প্ৰকাশ কৰে যে পৰম্পৰাগত পেপিলিঅ'ন'ইডিয়া আন দুটা গোটৰ তুলনাত পেৰাফাইলেটিক, গতিকে ইহঁত দুয়োটাকে পেপিলিঅ'ন'ইডিয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰি এটা পখিলাৰ গোট গঠন কৰিব লাগে, যাৰ ফলত ই ৰ'পালোচেৰা ক্লেডৰ সমাৰ্থক।১২১৩
জীৱন চক্ৰ

প্ৰাপ্তবয়স্ক অৱস্থাত থকা পখিলাবোৰে প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি এসপ্তাহৰ পৰা প্ৰায় এবছৰলৈকে জীয়াই থাকিব পাৰে। বহু প্ৰজাতিৰ পলুৰ জীৱনকাল দীঘলীয়া হোৱাৰ বিপৰীতে আন কিছুমান প্ৰজাতি পিউপা বা কণীৰ পৰ্যায়ত সুপ্ত অৱস্থাত থাকি শীতকাল পাৰ কৰিব পাৰে।১৪ মেলিছা আৰ্কটিক প্ৰজাতিয়ে (Oeneis melissa) পলু অৱস্থাৰে দুবাৰকৈ শীতকাল কটায়।১৫ পখিলাৰ বছৰি এটা বা ততোধিক প্ৰজন্ম হ’ব পাৰে। প্ৰতি বছৰৰ প্ৰজন্মৰ সংখ্যা নাতিশীতোষ্ণ অঞ্চলৰ পৰা গ্ৰীষ্মমণ্ডলীয় অঞ্চললৈকে ভিন্ন হয় আৰু গ্ৰীষ্মমণ্ডলীয় অঞ্চলসমূহে মাল্টিভল্টনিজমৰ প্ৰৱণতা দেখুৱায়।১৬
পখিলাৰ প্ৰেমৰ সম্পৰ্ক প্ৰায়ে আকাশীমাৰ্গত হোৱা দেখা যায় আৰু ইয়াত প্ৰায়ে ফেৰ’মন জড়িত হৈ থাকে। তাৰ পিছত পখিলাবোৰে সংগম কৰিবলৈ মাটিত বা অন্য ওখ গাগৰিত অৱতৰণ কৰে।১৭ দেহৰ একেবাৰে অন্তিম অংশত সংযুক্ত হৈ মৈথুন হয় আৰু এই প্ৰক্ৰিয়া মিনিটৰ পৰা ঘণ্টালৈকে চলিব পাৰে। সংগমৰ লগতে অন্যান্য প্ৰাপ্তবয়স্ক আচৰণৰ বাবে যৌনাংগত অৱস্থিত সৰল ফটোৰিচেপ্টৰ কোষ গুৰুত্বপূৰ্ণ।১৮ মতাটোৱে মাইকীজনীৰ শৰীৰত এটা শুক্ৰাণুকোষ স্থাপন কৰে; শুক্ৰাণুবোৰ প্ৰতিযোগিতা হ্ৰাস কৰিবলৈ মটাতোৱে মাইকী পখিলাজনিক নিজৰ দেহৰ গোন্ধেৰে আৱৰি ধৰে, বা কিছুমান প্ৰজাতিৰ যেনে এপ'ল'ছ (পাৰ্নাচিয়াছ)ত মাইকী পখিলাজনীৰ যৌনাংগৰ মুকলি অংশ বন্ধ কৰি দিব পাৰে যাতে তাই পুনৰ সংগম কৰিব নোৱাৰে।১৯ পখিলাৰ বিপুল সংখ্যকৰ জীৱনচক্ৰ চাৰিটা পৰ্যায়ৰ: কণী, পলু (কেটাৰপিলাৰ), লেটা (ক্ৰাইচেলিছ) আৰু ইমাগো (প্ৰৌঢ়)। কলিয়াছ, এৰেবিয়া, ইউক্ল' আৰু পাৰ্নাচিয়াছ গোত্ৰত অৰ্ধ-পাৰ্থেন'জেনেটিকভাৱে প্ৰজনন কৰা বহুত কম সংখ্যক প্ৰজাতিক যে জনা গৈছে; ইহঁতৰ ক্ষেত্ৰত যেতিয়া মাইকী পখিলাৰ মৃত্যু হয়, তেতিয়া তাইৰ পেটৰ পৰা এটা আংশিকভাৱে বিকশিত পলু ওলাই আহে।২০
তথ্যসূত্ৰ
- ↑ Kawahara, Akito Y.; Storer, Caroline; Carvalho, Ana Paula S. (2023-05-15). A global phylogeny of butterflies reveals their evolutionary history, ancestral hosts and biogeographic origins. Nature Ecology & Evolution. পৃ. 903–913
- ↑ Butterfly Life Cycle. ansp.org
- ↑ Butterfly Life Cycle. For Educators
- ↑ McClure, Melanie; Clerc, Corentin; Desbois, Charlotte. (2019-04-24). Why has transparency evolved in aposematic butterflies? Insights from the largest radiation of aposematic butterflies, the Ithomiini. Proceedings of the Royal Society B: Biological Sciences
- ↑ Benefits of Insects to Humans. Smithsonian Institution
- ↑ Eldijk, Timo J. B. van; Wappler, Torsten; Strother, Paul K. (2018-01-01). A Triassic-Jurassic window into the evolution of Lepidoptera. Science Advances. পৃ. e1701568
- ↑ De Jong, Rienk. (2016-08-09). Reconstructing a 55-million-year-old butterfly (Lepidoptera: Hesperiidae). European Journal of Entomology. পৃ. 423–428
- ↑ Chazot, Nicolas; Wahlberg, Niklas; Freitas, André Victor Lucci. (2019-02-25). Priors and Posteriors in Bayesian Timing of Divergence Analyses: The Age of Butterflies Revisited. Systematic Biology. পৃ. 797–813
- ↑ Meyer, Herbert William; Smith, Dena M . (2008). Paleontology of the Upper Eocene Florissant Formation, Colorado. Geological Society of America. পৃ. 6. ISBN 978-0-8137-2435-5
- ↑ Lepidoptera – Latest Classification. Discoveries in Natural History & Exploration. University of California
- ↑ McIntosh, W. C. (1992). Calibration of the Latest Eocene-Oligocene geomagnetic Polarity Time Scale Using 40Ar/39Ar Dated Ignimbrites. Geology. পৃ. 459–463
- ↑ Heikkilä, M.; Kaila, L.; Mutanen, M. (2012). Cretaceous Origin and Repeated Tertiary Diversification of the Redefined Butterflies. Proceedings of the Royal Society B: Biological Sciences. পৃ. 1093–1099
- ↑ Kawahara, A. Y.; Breinholt, J. W. (2014). Phylogenomics Provides Strong Evidence for Relationships of Butterflies And Moths. Proceedings of the Royal Society B: Biological Sciences. পৃ. 20140970
- ↑ Powell, J. A. (1987). Records of Prolonged Diapause in Lepidoptera. The Journal of Research on the Lepidoptera. পৃ. 83–109
- ↑ Melissa Arctic. Butterflies and Moths of North America
- ↑ Timothy Duane Schowalter. (2011). Insect Ecology: An Ecosystem Approach. Academic Press. পৃ. 159. ISBN 978-0-12-381351-0
- ↑ Gullan, P. J.; Cranston, P. S. (2014). The Insects: An Outline of Entomology. Wiley. পৃ. 523–524. ISBN 978-1-118-84616-2
- ↑ Arikawa, Kentaro. (2001). Hindsight of Butterflies: The Papilio butterfly has light sensitivity in the genitalia, which appears to be crucial for reproductive behavior. BioScience. পৃ. 219–225
- ↑ Schlaepfer, Gloria G. (2006). Butterflies. Marshall Cavendish. পৃ. 52. ISBN 978-0-7614-1745-3
- ↑ Capinera, John L. (2008). Encyclopedia of Entomology. Springer Science & Business Media. পৃ. 640. ISBN 978-1-4020-6242-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পখিলা” প্ৰবন্ধৰ সংশোধন ৬২৪৯৩৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।