অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কৃষ্ণ পক্ষ

চান্দ্ৰমাহৰ ৩০দিনত ১৫ দিনকৈ মুঠ দুটা পক্ষ থাকে। পূৰ্ণিমাৰ পিছৰ দিনটোৰপৰা জোনৰ আকাৰ পৃথিৱীৰপৰা দেখাত ক্ৰমে সৰু হ'বলৈ ধৰে। এই আকাৰ কৰ্মান্বয়ে হ্ৰাস হৈ গৈ গৈ অৱশেষত ১৫ দিনৰ দিনা পৃথিৱীৰ পৰা সম্পূৰ্ণকৈ দিনত আৰু ৰাতিও সাধাৰণ দৃষ্টিৰে দেখা নোপোৱা হয়। এই পোন্ধৰ দিনৰ সময়চোৱাক কৃষ্ণ পক্ষ বুলি কোৱা হয়।

হালনাগাদ: ৩০ আগষ্ট ২০২১ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

চান্দ্ৰমাহৰ ৩০দিনত ১৫ দিনকৈ মুঠ দুটা পক্ষ থাকে। পূৰ্ণিমাৰ পিছৰ দিনটোৰপৰা জোনৰ আকাৰ পৃথিৱীৰপৰা দেখাত ক্ৰমে সৰু হ'বলৈ ধৰে। এই আকাৰ কৰ্মান্বয়ে হ্ৰাস হৈ গৈ গৈ অৱশেষত ১৫ দিনৰ দিনা পৃথিৱীৰ পৰা সম্পূৰ্ণকৈ দিনত আৰু ৰাতিও সাধাৰণ দৃষ্টিৰে দেখা নোপোৱা হয়। এই পোন্ধৰ দিনৰ সময়চোৱাক কৃষ্ণ পক্ষ বুলি কোৱা হয়। প্ৰতিটো পক্ষৰ দিন সমূহক ক্ৰমে প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু পোন্ধৰ দিনৰ দিনটোত পূৰ্ণিমা আৰু পৰৱৰ্তী পোন্ধৰ দিনৰ অন্তত অমাবস্যা হয়। যিটো পক্ষৰ অন্তত অমাবস্যা হয়, সেই পক্ষটোকে কৃষ্ণ পক্ষ বোলে। কৃষ্ণপক্ষত প্ৰথম চৈধ্যদিন আগৰাতি আন্ধাৰ হয় আৰু অমাবস্যাৰ দিনটোত গোটেই ৰাতি জোন দেখা পোৱা নাযায়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ পক্ষ” প্ৰবন্ধৰ সংশোধন ২৯২৯৪৫ (৩০ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।