অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পাণ্ডৱ

পাণ্ডৱ (पाण्डव) হৈছে দীৰ্ঘতম হিন্দু মহাকাব্য মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই কৌৰৱসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। যাক কুৰুক্ষেত্ৰ যুদ্ধ বুলি কোৱা হয়৷ তেওঁলোকৰ নাম- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ।

হালনাগাদ: ১০ আগষ্ট ২০২১ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পাণ্ডৱ (पाण्डव) হৈছে দীৰ্ঘতম হিন্দু মহাকাব্য মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই কৌৰৱসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। যাক কুৰুক্ষেত্ৰ যুদ্ধ বুলি কোৱা হয়৷ তেওঁলোকৰ নাম- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোক হস্তিনাপুৰৰ ৰজা পাণ্ডু আৰু তেওঁৰ দুই পত্নী কুন্তী আৰু মাদ্ৰীৰ পুত্ৰ আছিল। পাঁচ পাণ্ডৱৰ পত্নী আছিল দ্ৰৌপদী; ইয়াৰোপৰি যুধিষ্ঠিৰৰ আৰু এগৰাকী পত্নী আছিল দেৱীকা, ভীমৰ আৰু দুগৰাকী পত্নী আছিল ভালন্ধৰা আৰু হিড়িম্বী; অৰ্জুনৰ আৰু ৩ গৰাকী পত্নী আছিল, নাম উলূপী, চিত্ৰাংগদা আৰু সুভদ্ৰা।

ব্যুৎপত্তি

পাণ্ডৱ কনিষ্ঠ ভাতৃ সহদেৱৰ চিত্ৰ জাভানীজ ৱেয়াং ৰূপত
পাণ্ডৱ কনিষ্ঠ ভাতৃ সহদেৱৰ চিত্ৰ জাভানীজ ৱেয়াং ৰূপতছবি: Public domain

'পাণ্ডৱ' শব্দটি 'পাণ্ডু' শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল “পাণ্ডুৰ বংশধৰ।” পাণ্ডৱৰ বিশেষণসমূহ হ’ল-১

পঞ্চপাণ্ডৱ

দ্ৰৌপদী আৰু পঞ্চপাণ্ডৱ
দ্ৰৌপদী আৰু পঞ্চপাণ্ডৱছবি: Raja Ravi Varma · Public domain

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bonnefoy, Yves. Asian Mythologies. translated under the direction of Wendy Doniger. Chicago and London: The University of Chicago Press. 1993. pp. 180-183

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণ্ডৱ” প্ৰবন্ধৰ সংশোধন ২৯০৪০৭ (১০ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।