অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০১৫ নেপাল ভূমিকম্প

২০১৫ নেপাল ভূমিকম্প ৭.৮ ৰিখটাৰ স্কেলত অহা এক প্ৰবল ভূমিকম্প যি ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিন এছিয়াক জোঁকাৰি গৈছিল।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০১৮ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

২০১৫ নেপাল ভূমিকম্প ৭.৮ ৰিখটাৰ স্কেল১ত অহা এক প্ৰবল ভূমিকম্প যি ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত২ নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিন এছিয়াক জোঁকাৰি গৈছিল।৩

ভূমিকম্পৰ উপকেন্দ্ৰ ২৮.১৪৭° উত্তৰ, ৮৪.৭০৮° পূৱ,(অঃ-দ্ৰাঃ)ত অৱস্থিত নেপালৰ লামজং জিলা বুলি ঠাঁৱৰ কৰা হৈছিল।১

পুনঃ জোঁকাৰ

মূল ভুইকঁপৰ পাচত ৰিখটাৰ স্কেল ৬.৬৪ আৰু ৬.৯৫ প্ৰাবল্যৰ দুটা প্ৰচণ্ড পুনঃজোঁকাৰ ক্ৰমে ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১২ বাজি ১৫ মিনিট ২১ চেকেণ্ড আৰু ২৬ এপ্ৰিল ২০১৫ ইং তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১২ বাজি ৩৯ মিনিট ১০ চেকেণ্ডত অনুভূত হয় যি হিমস্খলন আৰু ক্ষয়-ক্ষতিৰ পৰিমান বৃদ্ধি কৰে।

প্ৰায় ১৭ দিনৰ পাচত ১২ মে' ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত ১২ বাজি ৩৫ মিনিট ১৯ চেকেণ্ডত ৭.৩৬ প্ৰাবল্যৰ আৰু এক প্ৰচণ্ড ভূমিকম্পই নেপালক পুনৰ আঘাত কৰে আৰু তাৰ ঠিক আধাঘন্টাৰ ভিতৰতে অহা ৫.৪৭ আৰু ৬.৩৮ প্ৰাবল্যৰ দুটা পুনঃজোঁকাৰে হিমালয়ৰ ভূগৰ্ভত এক অস্থিৰ অৱস্থাৰ সৃষ্টি হোৱাৰ ইংগিত৯ দিয়ে।

তথ্যসূত্ৰ

  1. ↑ earthquake.usgs.gov/earthquakes/eventpage/us2000
  2. ↑ earthquake.usgs.gov/earthquakes/eventpage/us2000
  3. ↑ www.asomiyapratidin.in/?date=26-04-2015&cat=
  4. ↑ earthquake.usgs.gov/earthquakes/eventpage/us2000
  5. ↑ earthquake.usgs.gov/earthquakes/eventpage/us2000
  6. ↑ earthquake.usgs.gov/earthquakes/eventpage/us2000
  7. ↑ earthquake.usgs.gov/earthquakes/eventpage/us2000
  8. ↑ earthquake.usgs.gov/earthquakes/eventpage/us2000
  9. ↑ sandrp.wordpress.com/2015/05/05/nepals-everest-s

সম্পৰ্কিত শ্ৰেণী

ভূমিকম্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৫ নেপাল ভূমিকম্প” প্ৰবন্ধৰ সংশোধন ১৭৫৩১১ (২০ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।