যম বা যমৰাজ (यम:) হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ্ৰভু নামেৰেও জনা যায়। পাপীসকলক তেওঁৰ নিবাসস্থান নৰক বা যমলোকত যথোচিত শাস্তি বিহি ন্যায়ৰ ব্যৱস্থা কৰাই তেওঁৰ মুখ্য কাম।১২ তেওঁক সততে ধৰ্মৰ স্বৰূপ বা ধৰ্মদেৱৰূপে জনা যায়।৩ যম সবাতোকৈ পুৰণি দেৱতাসকলৰ মাজৰ এজন আৰু ঋকবেদতেই তেওঁৰ প্ৰাৰম্ভিক উপস্থিতি পোৱা যায়।৪ সেই সময়ৰ পৰাই এজন গুৰুত্বপূৰ্ণ দেৱতা হিচাপে হিন্দুধৰ্মৰ গ্ৰন্থসমূহ যেনে ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহত স্থান পাই আহিছে।
যম হৈছে এজন লোকপাল আৰু তেওঁ দক্ষিণ দিশৰ ৰক্ষক। তেওঁক প্ৰায়েই এজন কৃষ্ণকায়, ম'হৰ পিঠিত উঠি হাতত গদা বা পাশা লৈ আত্মাসমূহ ধৰিবলৈ অহা দেৱতা হিচাপে বৰ্ণনা কৰা হয়। আখ্যানসমূহৰ মতে তেওঁ আৰু যমুনা নদী যমজ ভ্ৰাতৃ-ভগ্নী আৰু সূৰ্যৰ পুত্ৰ। তেওঁৰ প্ৰধান আখ্যানসমূহ পাণ্ডৱসকল, সাবিত্ৰী আৰু সত্যবান আৰু মাৰ্কণ্ডেয়ৰ সৈতে জড়িত। মৃত্যুৰ সৈতে জড়িত আন এজন দেৱতা চিত্ৰগুপ্তই যমক সংগ দিয়ে।৫
নামৰ উৎপত্তি
যমশব্দৰ অৰ্থ যমজ বা যঁজা (যমৰ যমজ ভগ্নীৰ নাম যমী)। যম শব্দই নৈতিক দায়িত্ব বা শাসন অৰ্থাৎ ধৰ্মকো বুজায়।৬৭৮ বৈদিক পৰম্পৰাসমূহত যমেই হৈছে মৃত্যুবৰণ কৰি স্বৰ্গগামী হোৱা প্ৰথমগৰাকী মৰণশীল।৯ আৰু সেয়ে তেওঁ মৃতকসকলৰ ৰজাৰূপে পৰিগণিত হয়।১০
চিত্ৰায়ন
হিন্দু ধৰ্মত১১ সূৰ্যপুত্ৰ যম এগৰাকী লোকপাল বা দিশৰক্ষক দেৱতা আৰু দক্ষিণ দিশৰ তেওঁ অধিপতি। ১২ ঋকবেদৰ দশম খণ্ডৰ তিনিটা শ্লোক যমৰ প্ৰতি উৎসৰ্গিত।১৩ পুৰাণসমূহত যমক চতুৰ্ভুজ, বাহিৰলৈ নিৰ্গত দুই তীক্ষ্ণ দন্তযুক্ত, মেঘবৰ্ণ আৰু ভয়ংকৰ চাৱনিৰ গৰাকী বুলি কোৱা হৈছে। তেওঁৰ বস্ত্ৰ ৰঙা, হালধীয়া নাইবা নীলা আৰু জুইৰ মালাই তেওঁক আৱৰি ৰাখে। তেওঁৰ হাতত যমপাশ আৰু গদা বা তৰোৱাল থাকে। যমৰ বাহন হৈছে ম'হ।১৪ যমপাশৰ সহায়ত তেওঁ মৃত্যুমুখী লোকৰ জীৱটো কৰায়ত্ত কৰে। তেওঁক এডাল দণ্ড লৈ থকা অৱস্থাতো দেখা যায়।১৫ যম সূৰ্য আৰু সৰন্যুৰ পুত্ৰ তথা যমী আৰু শ্ৰদ্ধাদেৱৰ ভ্ৰাতৃ।১৬ শনি তেওঁৰ সতীয়া ভায়েক। যমৰ পুত্ৰৰ নাম কাতিলা।১৭ ভাৰতত যমৰ প্ৰতি উচৰ্গিত অনেক মন্দিৰ আছে।১৮ বিষ্ণুধৰ্মোত্তৰৰ মতে চতুৰ্ভুজ যমৰ দেহৰ ৰঙ বৰ্ষণমুখৰ মেঘৰ দৰে ক'লা। তেওঁৰ কেঁচাসোণৰ দৰে বস্ত্ৰৰ আৰু সৰ্বোপ্ৰকাৰৰ অলংকাৰ পৰিধান কৰে। তেওঁৰ পত্নী ধূমৰ্ণা নীলা পদুম হাতত লৈ যমৰ বাওঁফালে বিৰাজ কৰে।১৯
পৌৰাণিক সাহিত্য
বেদ
ঋকবেদৰ মতে যমৰাজ সৌৰদেৱতা বিভাসত বা সূৰ্য আৰু সৰন্যু অৰ্থাৎ সংজ্ঞাৰ পুত্ৰ। যমী তেওঁৰ যমজ ভগ্নী।৮২০ বেদখনৰ প্ৰথম আৰু দশম খণ্ডতে যমৰ সৰ্বাধিক উপস্থিতি দেখা যায়। ইয়াত দেৱতাৰ সৈতে যমৰ ওতপ্ৰোত সম্পৰ্ক আছে। ইয়াৰ উপৰিও ঋকবেদৰ মতে স্বৰ্গপ্ৰাপ্তিৰ পিছত মানুহে দেখা পোৱা দুজন দেৱতা হৈছে যম আৰু বৰুণ। যমে মৃত লোকসকলক জিৰাবলৈ আশ্ৰয় দিয়ে বুলি উল্লেখ আছে। ঋকবৈদিক তিনিখন স্বৰ্গৰ আটাইতকৈ উচ্চতাত অৱস্থিত স্বৰ্গখনেই যমৰ। ইয়াৰ তলৰ দুয়োখন স্বৰ্গ সৱিতুৰৰ। যমৰজাৰ স্বৰ্গতে দেৱতাসকলে নিবাস কৰে আৰু সংগীতেৰে এই ঠাই গুঞ্জড়িত হৈ থাকে। যমৰ উপাসনা কাৰ্যত সোমৰস আৰু বলি আগবঢ়োৱা হয়। তেওঁক বলিৰ দেহত আসন গ্ৰহণ কৰিবলৈ দি বলিদাতাসকলক স্বৰ্গপুৰীত স্থান দিবলৈ প্ৰাৰ্থনা কৰা হয়।৮
আদিকালৰ দুই মৰণশীল যম আৰু যমীৰ মাজত হোৱা কথোপকথনৰ এক শ্লোকত যমীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ যমক আহ্বান জনায়। এই কাৰ্যৰ সপক্ষে যমীয়ে বংশ ৰক্ষাৰ উদ্দেশ্য, সৃষ্টিকৰ্তাই এক যোৰা হিচাপেই তেওঁলোকক একে গৰ্ভতে সৃষ্টি কৰা আৰু পৰিয়ালকেন্দ্ৰিক শাৰীৰিক সম্পৰ্কৰ বাবে বাবে দ্যু অৰ্থাৎ আকাশ আৰু পৃথিৱী জনাজায় হোৱা আদি যুক্তি আগবঢ়ায়। ইয়াৰ পৰিৱৰ্তে যমে যুক্তি দিয়ে যে তেওঁলোকৰ পূৰ্বপুৰুষ মিত্ৰ আৰু বৰুণ নীতিত অটল আৰু সকলোতে তেওঁলোকৰ গুপ্তচৰ বিদ্যমান। ২১৮
বৈদিক সাহিত্যত যমক প্ৰথমগৰাকী মৰণশীল মানৱ হিচাপে উল্লেখ কৰা হৈছে। তেওঁ মৃত্যুবৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি পৰলোকলৈ এক পথৰ সৃষ্টি কৰে। মৃত্যুবৰণ কৰা প্ৰথমজন লোক হোৱাৰ বাবেই তেওঁ মৃতকসকলৰ অধিপতি হয়। বৈদিক সাহিত্যসমূহত যম ক্ৰমান্বয়ে মৃত্যুৰ ঋণাত্মক দিশসমূহৰ সৈতে সাঙোৰ খাই পৰে আৰু অৱশেষত মৃত্যুৰ দেৱতা হিচাপে পৰিগণিত হয়। তেওঁ অন্ত, ৰোগ আৰু নিদ্ৰাৰ সৈতেও ক্ৰমশঃ জড়িত হৈ পৰে।৮
যমৰ দুটা চাৰিচকুৱা, বহল নাকৰ ৰঙাচকুৱা পখৰা কুকুৰ আছে।৮২২ অথৰ্ববেদত ইয়াৰে এটা কুকুৰক ক'লা বৰণৰ বুলি উল্লেখ কৰা হৈছে। ইহঁতে মৃত্যুমুখী লোকক বিচাৰি উলিয়ায় আৰু যমৰ নগৰীৰ দুৱাৰৰখীয়াৰ কাম কৰে। ইহঁতে ভ্ৰষ্ট লোকক স্বৰ্গত প্ৰৱেশ কৰাত বাধা দিয়ে।৮
যজুৰ্বেদৰ মতে যম আৰু যমী উচ্চতম স্বৰ্গত বাস কৰে। তৈত্তিৰীয় আৰণ্যকৰ মতে যমৰ ম'হটোৰ চকুৰ বৰণ সোণালী আৰু শিং দুটা লোৰ।৮
তথ্যসূত্ৰ
- ↑ Yama. World History Encyclopedia
- ↑ Jan 10, Shrinivasa M. / TNN /; 2020; Ist, 08:39. A temple for Yamaraj in Mandya district · Mysuru News. The Times of India
- ↑ Dalal, Roshen. (2010). The Religions of India: A Concise Guide to Nine Major Faiths. ISBN 9780143415176
- ↑ Kumar, Venkat Sai Krishna. Yama. Hindugods.in
- ↑ (5 December 2017). Lord Chitragupta - Who helps Lord Yamaraj to maintain karmic accounts. Detechter
- ↑ Danielou, Alain. (2017-01-01). The Myths and Gods of India: The Classic Work on Hindu Polytheism. Motilal Banarsidass. ISBN 978-81-208-3638-9
- ↑ Sanskrit Dictionary for Spoken Sanskrit. spokensanskrit.org
- ↑ Macdonell, Arthur Anthony. (1897). Vedic Mythology. Oxford University Press. পৃ. 171-173
- ↑ Yama And Markandeya – Chapter – 1 "Introduction" – Wattpad. www.wattpad.com
- ↑ Arthur Anthony Macdonell. (1995). Vedic Mythology. Motilal Banarsidass. পৃ. 172. ISBN 978-8120811133
- ↑ ^ a b c Shulman pp. 36–39, 41
- ↑ (13 December 2017). Yama – The god of death ·. Hindu Scriptures · Vedic lifestyle, Scriptures, Vedas, Upanishads, Itihaas, Smrutis, Sanskrit.
- ↑ Rig Veda Book 10 Hymn 14 Yama. Sacred-Texts
- ↑ Warrier, Shrikala. (2014). Kamandalu: The Seven Sacred Rivers of Hinduism. Mayur University London; First edition. পৃ. 291. ISBN 978-0953567973
- ↑ How much do you know about Yamaraj – The Hindu God of Death?. www.speakingtree.in
- ↑ (15 March 2015). Yama: The God of Death in Hinduism. Sanskriti – Hinduism and Indian Culture Website
- ↑ Effectuation of Shani Adoration pg. 10 at books.google.com/books?id=RnzLgxvmOFkC&pg=PA
- ↑ The Great Temples of India, Ceylon, and Burma By Asian Educ Service, p.19
- ↑ archive.org/details/vishnudharmottar031493mbp
- ↑ Rao 1914
- ↑ Jamison, Stephanie; Brereton, Joel. (2014). The Rigveda: The Earliest Religious Poetry of India. Oxford University Press. পৃ. 1381-1383, 1389-1390. ISBN 9780199370184
- ↑ Jamison Brereton 2014, পৃ. 1392
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যম” প্ৰবন্ধৰ সংশোধন ৩৮২৭৫৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।